গৰমে দহিছে ৰাজ্যবাসীক; বৃদ্ধি কৰা হৈছে ভোটদানৰ সময়সীমা - Lok Sabha Election 2024
Election 2024 : দিনক দিনে বৃদ্ধি পাইছে গৰমৰ প্ৰকোপ ৷ এই গৰমৰ মাজতে আকৌ অনুষ্ঠিত হৈ আছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বৰ্ধিত গৰমৰ প্ৰতি লক্ষ ৰাখি এইবাৰ নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ সময় এক ঘন্টা বৃদ্ধি কৰিছে ৷ পিছে কোন ৰাজ্যৰ বাবে ঘোষণা কৰা হৈছে এই দিৰ্দেশনা ?

By PTI
Published : May 2, 2024 at 8:54 AM IST
|Updated : May 2, 2024 at 10:21 AM IST
নেশ্যনেল ডেস্ক, ২ মে’ : গৰমে দহিছে ৷ প্ৰতিদিনে বৃদ্ধি পাইছে তাপমাত্ৰা ৷ বৰ্ধিত তাপমাত্ৰাৰ প্ৰতি লক্ষ ৰাখি লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময় এক ঘন্টা বৃদ্ধি কৰিছে নিৰ্বাচন আয়োগে ।
নিৰ্বাচন আয়োগে উল্লেখ কৰা অনুসৰি, লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ নতুন সময় হ’ব পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ৷ পূৰ্বৰে ইয়াৰ সময়সীমা আছিল পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ । অৱশ্যে আমি উল্লেখ কৰা ৰাজ্যখন অসম নহয়, তেলেংগানাহে ৷
ইতিমধ্যে সকলোৰে জ্ঞাত যে, ৰাজ্যৰ ১৭ খন লোকসভাৰ আটাইকেইখন আসনৰ বাবে অহা ১৩ মে’ত ৭টা পৰ্যায়ৰ নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব । আয়োগে জাৰি কৰা এক অধিসূচনা অনুসৰি, ভোটদানৰ বৰ্ধিত সময় ১২ টা লোকসভা সমষ্টিৰ সকলো বিধানসভা খণ্ডতে প্ৰযোজ্য হ’ব ৷ অৱশ্যে বাকী পাঁচখন সংসদীয় আসনতো এই সময়সীমা বিধানসভা খণ্ডত প্ৰযোজ্য হ’ব ।
শেহতীয়া খবৰ অনুসৰি, কৰিমনগৰ, নিজামাবাদ, জহিৰাবাদ, মেদক, মলকাজগিৰি, ছেকেন্দ্ৰাবাদ, হায়দৰাবাদ, চেভেলা, মহাবুবনগৰ, নগৰকুৰনুল (এছ চি), নলগোণ্ডা আৰু ভংগীৰ লোকসভা আসনত ভোটদানৰ সময় পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ হ’ব বুলি জানিব পৰা গৈছে ।
এই নতুন সময় আদিলাবাদ লোকসভা আসনৰ পাঁচটা বিধানসভা খণ্ড, পেড্ডাপল্লে আসনৰ তিনিটা, ৱাৰংগাল (অনুসূচিত জাতি) আসনৰ ছটা, মহাবুবাবাড (এছ টি) আসনৰ তিনিটা আৰু খাম্মাম লোকসভা আসনৰ পাঁচটা, নিৰ্বাচন আয়োগৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব ৷ নিৰ্বাচন আয়োগে জাৰি কৰা অধিসূচনাত এই তথ্য সদৰী কৰা হৈছে ।
ৰাজ্যখনৰ বৰ্ধিত গৰমৰ ঢৌৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতি প্ৰতি লক্ষ ৰাখি ভোটাৰ ৰাইজৰ সুবিধাৰ্থে মএই জাননী জাৰি কৰা হৈছে বুলি সদৰী কৰিছে নিৰ্বাচন আয়োগে ।
লগতে পঢ়ক :
৪৮ ঘণ্টাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব কে চি আৰে - Lok Sabha Election 2024
প্ৰধানমন্ত্ৰী মোদীক অহংকাৰী ৰজা আখ্যা প্ৰিয়ংকা গান্ধীৰ - Lok Sabha Election 2024

