ETV Bharat / politics

ব্যয় পৰ্যবেক্ষণ : প্ৰতিগৰাকী প্ৰাৰ্থীৰ বেংক একাউণ্ট পৰীক্ষা হ'ব তিনিবাৰকৈ - LOK SABHA ELECTION 2024

Guwahati Lok Sabha constituency: গুৱাহাটী লোকসভা সমষ্টিৰ পৰ্যবেক্ষক, প্ৰাৰ্থী আৰু প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা। নিয়মীয়া পৰ্যবেক্ষণত আছে প্ৰতিটো দল তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ, যাতায়ত আদিৰ ব্যয় । যিকোনো অনিয়মৰ ক্ষেত্রত তৎকালীনভাৱে অভিযোগ দিয়াৰ আহ্বান সংশ্লিষ্ট পক্ষক ।

Guwahati Lok Sabha constituency
কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া
author img

By ETV Bharat Assamese Team

Published : April 23, 2024 at 8:13 PM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী, ২৩ এপ্ৰিলঃ তৃতীয় পৰ্যায়ত ৭ মে'ত গুৱাহাটীকে ধৰি কোকৰাঝাৰ, ধুবুৰী আৰু বৰপেটাত অনুষ্ঠিত হ'ব সাধাৰণ নিৰ্বাচন । ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচন স্বচ্ছ, নিকা, শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে সকলো যাৱতীয় পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা নিৰ্বাচন কৰ্তৃপক্ষই । নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ বাবে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত আজি এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয় ।

Guwahati Lok Sabha constituency
কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়া

উক্ত বৈঠকত কামৰূপ মহানগৰ জিলা আয়ুক্ত তথা জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনকে ধৰি সাধাৰণ পৰ্যবেক্ষক ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া কেশৱ সিংঘানিয়া, আৰক্ষী পৰ্যবেক্ষক ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কে ৰঘুৰাম ৰেড্ডী আৰু ব্যয় পৰ্যবেক্ষক ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া টি জেমছ সিংছনসহ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থী তথা সংশ্লিষ্ট প্ৰতিনিধিসকল উপস্থিত থাকে । সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে সকলো পক্ষক নিৰ্বাচনী আচৰণ বিধি মানি কাম-কাজ কৰিবলৈ তথা কিবা অভিযোগ বা আপত্তি থাকিলে ততালিকে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰাবলৈ আহ্বান জনায় ।

  • " class="align-text-top noRightClick twitterSection" data="">

একেদৰে আৰক্ষী পৰ্যবেক্ষক গৰাকীয়ে নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সকলো নীতি-নিয়ম মানি নিৰ্বাচনী কাম সম্পাদন কৰাৰ কথা উল্লেখ কৰে । উক্ত সভাত ব্যয় পৰ্যবেক্ষক গৰাকীয়ে কয় যে নিৰ্বাচনৰ বাবে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিজৰ নামত পৃথকে বেংক একাউণ্ট থাকিব লাগিব আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰা ভোটগ্ৰহণৰ দিনটোলৈকে তিনিবাৰ তেওঁলোকৰ একাউণ্ট সমূহ পৰীক্ষা কৰা হ'ব । অহা ২৭ এপ্ৰিল, ৩০ এপ্ৰিল আৰু ৩ মে' ত এই পৰীক্ষা কৰা হ'ব। তদুপৰি তেওঁ প্ৰতিটো দল তথা প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ, যাতায়ত আদিৰ ব্যয় নিয়মিতভাৱে পৰ্যবেক্ষণ কৰি থকা হৈছে বুলি উল্লেখ কৰে ।

উল্লেখ্য যে নিৰ্বাচনী ব্যয়ৰ সৈতে জড়িত অভিযোগৰ বাবে ব্যয় পৰ্যবেক্ষকৰ মোবাইল নং ৯৮৬৪২২২৪১১, সাধাৰণ অভিযোগৰ বাবে সাধাৰণ পৰ্যবেক্ষকৰ মোবাইল নং ৬০০৩৭৭৫৬৯৬ আৰু আৰক্ষী পৰ্যবেক্ষকৰ ওচৰত কিবা অভিযোগ দিবলগীয়া থাকিলে মোবাইল নং ৯৯৮৯০ ৯৩৭৬৪ ত যোগাযোগ কৰিবলৈ সকলো পক্ষকে আহ্বান জনোৱা হৈছে । সভাখনত কামৰূপ মহানগৰ জিলা ৰিটাৰ্ণিং বিষয়া সুমিত চাত্তাৱনে নিৰ্বাচন প্ৰক্ৰিয়া সম্পূৰ্ণ সুকলমে পৰিচালনা কৰাৰ ক্ষেত্ৰত সকলো পক্ষৰ সহায়-সহযোগিতা কামনা কৰে ।

কামৰূপ মহানগৰৰ প'লিং বিষয়াৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ

৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে কামৰূপ মহানগৰ নিৰ্বাচনী জিলাত নিয়োগ কৰা প'লিং বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ সোমবাৰৰ পৰা আৰম্ভ হৈছে । মহানগৰীৰ দিছপুৰ মহাবিদ্যালয়, গুৱাহাটী বাণিজ্য মহাবিদ্যালয় আৰু অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত ২২ আৰু ২৩ এপ্ৰিলত দুদিনীয়াকৈ প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে । ২২ এপ্ৰিলত মুঠ ১৪৫৪ গৰাকী আৰু আজি মুঠ ১৪৫২ গৰাকী প'লিং বিষয়াসহ সৰ্বমুঠ ২৯০৬ গৰাকী প'লিং বিষয়াক প্ৰশিক্ষণ প্ৰদান কৰা হয়।উল্লেখ্য যে ৭ মে'ত কামৰূপ মহানগৰ জিলাত ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 4 টা সমষ্টিত 47 জন প্ৰাৰ্থীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ - Lok Sabha Election 2024