বাইহাটা : সংঘাত আঁতৰিল কমলপুৰৰ বিধায়ক দিগন্ত কলিতা আৰু প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ । সততে টিকটকেন্দ্ৰিক সংঘাতৰ বাবে সংবাদ মাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু সত্যব্ৰত কলিতা আৰু দিগন্ত কলিতাক আজি একেলগে দেখা গ'ল একেখন মঞ্চত । বাইহাটা চাৰিআলিৰ সমীপৰ কৰৰা ইউথ ক্লাৱত অনুষ্ঠিত এখন সংবাদমেলত দুয়োগৰাকী নেতাই একেলগে অংশগ্ৰহণ কৰিলে ।
আগন্তুক পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফলৰ বাবে অগপ আৰু বিজেপি দলে যৌথভাৱে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰে দুয়োগৰাকী নেতাই । আগন্তুক পঞ্চায়ত নিৰ্বাচনত সমষ্টি পৰ্যায়ত অগপ আৰু বিজেপি দলৰ মিত্ৰতা সন্দৰ্ভত কমলপুৰৰ প্ৰাক্তন বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা সত্যব্ৰত কলিতাই সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য কৰে ।
তেওঁ কয়, "অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টী এন ডি এৰ অংশীদাৰ দল । অগপ দলে বিগত ২০১৬ চনৰ পৰা বিজেপিৰ লগত মিত্ৰতা অক্ষুণ্ণ ৰাখিছে । অহা ২ মে' আৰু ৭ মে'ত দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনতো নীতিগতভাৱে একত্ৰিত হৈ অগপ আৰু বিজেপি দলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লোৱা হৈছে । দুয়োটা দলৰ নীতি আৰু আদৰ্শৰ আধাৰত কমলপুৰ সমষ্টিৰ অগপ আৰু বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ উপস্থিতিত এক নীতিগত কথাত উপনীত হৈছে ।"
- পঞ্চায়ত নিৰ্বাচনত একেলগে অৱতীৰ্ণ হোৱাটো নিশ্চিত :
তেওঁ পুনৰ কয়, "আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ যুঁজখন একেলগে অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু কমলৰপুৰ সমষ্টিৰ অগপ আৰু বিজেপিৰ মাজত আসনৰ বুজাবুজি কৰি অহাকালি সন্ধিয়া ৭ বজাৰ ভিতৰত দুয়োটা দলৰ প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰা হব।"
লগতে প্ৰাক্তন বিধায়কগৰাকীয়ে কয় যে বৰ্তমান পঞ্চায়ত নিৰ্বাচনত দুয়োটা মিত্ৰদলে ভাল ফলাফল প্ৰদৰ্শনহে প্ৰধান লক্ষ্য । বিধানসভাৰ মিত্ৰতা সন্দৰ্ভত পিছত চিন্তা কৰা হ'ব ।"
- কমলপুৰত এশ শতাংশ ফলাফল লাভ কৰিব কোনে ?
মিত্ৰতা সন্দৰ্ভত বিধায়ক দিগন্ত কলিতাই কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ইচ্ছা অনুসৰি এম ডি এৰ মিত্ৰদল থকা স্থানসমূহত আগন্তুক পঞ্চায়ত নিৰ্বাচনত যৌথভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব । সেই মৰ্মে বিজেপি দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অগপ দলৰ সভাপতি অতুল বৰাৰ মাজত হোৱা আলোচনাৰ অন্তত আগন্তুক পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপি একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে । দলীয় নেতৃত্বৰ নিৰ্দেশ মৰ্মে আজিৰ এই সংবাদমেল অনুষ্ঠিত কৰা হৈছে । এইবাৰ পঞ্চায়ত নিৰ্বাচনত মিত্ৰদলে কমলপুৰ সমষ্টিত এশ শতাংশ ফলাফল লাভ কৰিব সক্ষম হ'ব ।"
লগতে বিধায়ক দিগন্ত কলিতাই কয়, "বিজেপি আৰু অগপ দলে কোনো ধৰণৰ মতানৈক্য নোহোৱাকৈ পূৰ্বৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব ।"