ETV Bharat / politics

মুখ্যমন্ত্ৰী আতিশীৰ বিৰুদ্ধে গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

এম চি চি উলংঘা আৰু ফতেহ সিং মাৰ্গত আৰক্ষীক কৰ্তব্যত বাধা দিয়াৰ অভিযোগত আপ নেত্ৰী আতিশীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ।

CASE AGAINST DELHI CM ATISHI
দিল্লীৰ মুখ্যমন্ত্ৰী আতিশী (ANI)
author img

By ETV Bharat Assamese Team

Published : February 4, 2025 at 12:54 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লী বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ এদিন পূৰ্বে অস্বস্তিত আম আদমি পাৰ্টী । দিল্লী আৰক্ষীয়ে মঙলবাৰে কালকাজীৰ আপ প্ৰাৰ্থী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী আতিশী মাৰ্লেনাৰ বিৰুদ্ধে আদৰ্শ আচৰণ বিধি (এম চি চি) উলংঘা কৰা আৰু কৰ্তব্যৰত ৰাজহুৱা কৰ্মচাৰীক বাধা দিয়াৰ অভিযোগত এখন এজাহাৰ পঞ্জীয়ন কৰে । দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই এই কথা প্ৰকাশ কৰিছে ।

"আমি গোবিন্দপুৰী আৰক্ষী থানাত কালকাজীৰ আপ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে বিভিন্ন ধাৰাৰ অধীনত এখন এজাহাৰ পঞ্জীয়ন কৰিছোঁ । পৰৱৰ্তী তদন্ত অব্যাহত আছে ।" আৰক্ষী বিষয়াজনে কয় ।

তেওঁ লগতে কয় যে ৫০-৭০ জন সমৰ্থক আৰু ১০ খন বাহনৰ সৈতে ফতেহ সিং মাৰ্গত আপৰ প্ৰাৰ্থীগৰাকীক পোৱাৰ পিছত ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । আৰক্ষীয়ে তেওঁলোকক এম চি চিৰ নিৰ্দেশনা অনুসৰি অঞ্চলটোৰ পৰা ওলাই যাবলৈ নিৰ্দেশ দিছিল । কিন্তু তেওঁলোকে এগৰাকী আৰক্ষী বিষয়াক তেওঁৰ দায়িত্ব পালন কৰাত বাধা প্ৰদান কৰিছিল ।" তেওঁ লগতে কয় ।

ইফালে X-ৰ ওপৰত এটা পোষ্টত দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীয়ে নিৰ্বাচন আয়োগক আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ অভিযোগ কৰে যে বিজেপি প্ৰাৰ্থী ৰমেশ বিধুৰী আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলে মুকলিকৈ 'গুণ্ডামি'ৰ আশ্ৰয় লৈছে । কিন্তু তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । কিন্তু ইয়াৰ বিপৰীতে তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ।

উল্লেখ্য যে ৭০ খন আসনৰ দিল্লী বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সোমবাৰে সন্ধিয়া অন্ত পৰে । বুধবাৰে অনুষ্ঠিত হ'ব ভোটগ্ৰহণ প্ৰক্ৰিয়া । এইবাৰ দিল্লীৰ নিৰ্বাচনত আম আদমি পাৰ্টী, বিজেপি নেতৃত্বাধীন এন ডি এ আৰু কংগ্ৰেছৰ মাজত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব বুলি অনুমান কৰা হৈছে ।

লগতে পঢ়ক :দেওবাৰে ৪ খনকৈ দিল্লী নিৰ্বাচনৰ প্ৰচাৰ সভা অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাৰ - CM HIMANTA BISWA SARMA
লগতে পঢ়ক :মাজত আছে চাৰিদিন, টিকট নাপাই 'আপ'কেই এৰি দিলে ৭ বিধায়কে - DELHI ASSEMBLY ELECTIONS 2025