ETV Bharat / politics

দিল্লী বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা নিৰ্বাচন আয়োগৰ

৭০ জনীয়া বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব । নিৰ্বাচন আয়োগে ইয়াৰ পূৰ্বে নতুন সদন গঠনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব ।

Delhi Election Schedule 2025
মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ (ETV Bharat via ECI)
author img

By ETV Bharat Assamese Team

Published : January 7, 2025 at 3:15 PM IST

|

Updated : January 7, 2025 at 3:50 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী : ঘোষণা হ'ল দিল্লী বিধানসভাৰ নিৰ্বাচনৰ দিন । মঙলবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰে আগন্তুক দিল্লী বিধানসভাৰ বাবে নিৰ্বাচনৰ তাৰিখ । ৫ ফেব্ৰুৱাৰীত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । আনহাতে, ৮ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ভোটগণনা । মঙলবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে এই ঘোষণা কৰে ।

সংক্ষিপ্তভাৱে দিল্লী নিৰ্বাচনৰ সময়সূচী

  • অধিসূচনা জাৰি - ১০ জানুৱাৰী
  • মনোনয়ন দাখিলৰ অন্তিম দিন - ১৭ জানুৱাৰী
  • মনোনয়ন পৰীক্ষা - ১8 জানুৱাৰী
  • মনোনয়ন প্ৰত্যাহাৰ - ২০ জানুৱাৰী
  • ভোটদানৰ তাৰিখ - ৫ ফেব্ৰুৱাৰী
  • ভোটগণনাৰ তাৰিখ - ৮ ফেব্ৰুৱাৰী

উল্লেখ্য যে ৭০ জনীয়া দিল্লী বিধানসভাৰ কাৰ্যকাল ২৩ ফেব্ৰুৱাৰীত অন্ত পৰিব আৰু নতুন সদন গঠনৰ বাবে তাৰ পূৰ্বে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

দিল্লীৰ নিৰ্বাচনত প্ৰায় ১.৫৫ কোটি যোগ্য ভোটাৰে ভোটদান কৰিব । ইয়াৰে ভিতৰত ৭১.৭৪ লাখ মহিলা আৰু ২ লাখতকৈও অধিক প্ৰথম ভোটাৰ অন্তৰ্ভুক্ত আছে । আনহাতে, ভোটদানৰ বাবে ১৩,০০০ তকৈও অধিক ভোটকেন্দ্ৰ থাকিব বুলি ৰাজীৱ কুমাৰে প্ৰকাশ কৰে ।

আপৰ অভিযোগৰ স্পষ্ট প্ৰতিক্ৰিয়াস্বৰূপে মুখ্য নিৰ্বাচন আয়ুক্তই লগতে কয়, "ভোটাৰ তালিকাত নাম কৰ্তন বা সংযোজনৰ ক্ষেত্ৰত যথাযথ প্ৰক্ৰিয়া কঠোৰভাৱে অনুসৰণ কৰা হৈছিল । এই ক্ষেত্ৰত কোনো ধৰণৰ খেলিমেলিৰ অৱকাশ নাই ।" উল্লেখ্য যে আপে অভিযোগ কৰিছিল যে বিজেপিৰ নিৰ্দেশত হাজাৰ হাজাৰ ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হৈছে নাইবা সংযোগ কৰা হৈছে ।

"আমি ভোটদান, মহিলাৰ অংশগ্ৰহণৰ নতুন অভিলেখ সৃষ্টি কৰিবলৈ গৈ আছোঁ; শীঘ্ৰেই এক বিলিয়নতকৈ অধিক ভোটাৰৰ এক নতুন অভিলেখ গঢ়ি উঠিব ।" তেওঁ কয় ।

তেওঁ লগতে কয়, "নিৰ্দিষ্ট গোটবোৰক লক্ষ্য কৰি লোৱাৰ বাবে ভোটাৰ তালিকাত ভুল নাম সংযোজন বা কৰ্তনৰ বিষয়ে এক ভুৱা খবৰ বিয়পাই দিয়া হৈছে । গণতন্ত্ৰত অন্তৰ্নিহিত প্ৰশ্ন কৰাৰ অধিকাৰ, সকলো সন্দেহ দূৰ কৰাটো আমাৰ কৰ্তব্য ।"

২০২০ চনত অনুষ্ঠিত বিহাৰৰ নিৰ্বাচনৰ পিছত ৩০ খন ৰাজ্য, কেন্দ্ৰীয়শাসিত অঞ্চলৰ নিৰ্বাচনত পোন্ধৰটা বিভিন্ন দলে একক সৰ্ববৃহৎ দল হিচাপে আত্মপ্ৰকাশ কৰিছে বুলিও তেওঁ কয় । উল্লেখ্য যে ৰাষ্ট্ৰীয় ৰাজধানীত এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলৈ যোৱাটো এক লক্ষণীয় দিশ ।

২০১৫ চনৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত শাসনাধিষ্ঠিত আম আদমি পাৰ্টী (আপ) আৰু বিৰোধী ভাৰতীয় জনতা পাৰ্টীয়ে ইটো দলে সিটো দলৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত অৱতীৰ্ণ হৈছে । আনহাতে, বৰ্তমান ইণ্ডিয়া ব্লকৰ চালকৰ আসনত থকা কংগ্ৰেছেও দিল্লী নিৰ্বাচনত আপৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।

২০২০ চনৰ নিৰ্বাচনত আপে দিল্লীৰ ৭০ খন আসনৰ ভিতৰত ৬২ খন আসন লাভ কৰে আৰু একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজধানীৰ ৰাজনীতিত আধিপত্য বিস্তাৰ কৰে ।

দলটোৱে একেৰাহে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ শাসনৰ বাঘজৰী নিজৰ হাতত ৰাখিবলৈ উঠি-পৰি লাগিছে । দলটোৱে আশা কৰিছে যে তেওঁলোকৰ প্ৰচাৰ কাৰ্যসূচীবোৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ ভোটাৰসকলক আকৰ্ষিত কৰিব । লগতে দলটোৰ শাসনৰ আৰ্হি আৰু ইয়াৰ নেতা অৰবিন্দ কেজৰিৱালৰ বাবেও ভোটাৰসকলৰ পৰা এক ভাগ্য পৰীক্ষাত অৱতীৰ্ণ হ'ব ।

ইলেক্ট্ৰ'নিক ভোটিং মেচিনসমূহ ভোটদানৰ দিনৰ মাত্ৰ 7-8 দিন পূৰ্বে কমিছনিং আৰম্ভ কৰা হয় । ইয়াৰ বাবে প্ৰক্ৰিয়াটোৰ প্ৰতিটো পদক্ষেপত প্ৰাৰ্থীসকলক তেওঁলোকৰ এজেণ্টৰ জৰিয়তে অৱগত কৰোৱা হয় । ই ভি এমৰ দুৰ্নীতি সম্পৰ্কীয় অভিযোগৰ উত্তৰত চি ই চিয়ে কয় ।

তেওঁ লগতে মনত পেলাই দিয়ে যে ন্যায়ালয়ে ৪২ বাৰ ৰায় দিছে যে ই ভি এম হেক কৰিব পৰা নহয় আৰু টেম্পাৰিং কৰাৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন ।

আনহাতে, ভোটাৰৰ ভোটদানৰ তথ্য সলনি কৰাটো অসম্ভৱ বুলি উল্লেখ কৰি সন্ধিয়া ৫ বজাৰ পিছত ভোটদানৰ হাৰ বৃদ্ধিৰ ওপৰত যি ধাৰণা সৃষ্টি হৈছে সেয়াও এক ভুল বুলি উল্লেখ কৰে ।

লগতে পঢ়ক :আজি ঘোষণা হ'ব দিল্লী বিধানসভা নিৰ্বাচনৰ সময়সূচী - DELHI ASSEMBLY ELECTION 2025
লগতে পঢ়ক :প্ৰশান্ত কিশোৰক জামিন প্ৰদান পাটনা আদালতৰ, পুনৰ অনশন ঘোষণা - PRASHANT KISHOR GETS BAIL
Last Updated : January 7, 2025 at 3:50 PM IST