নিৰ্লজ্জতাৰ সকলো সীমা অতিক্ৰম কৰিলে: বিহাৰত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ সন্দৰ্ভত ৰাজস্থানৰ মুখ্যমন্ত্ৰী
বিহাৰত প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰিবলৈ গৈ ব্যৱহাৰ কৰা ভাষা সন্দৰ্ভত কংগ্ৰেছ আৰু আৰ জে ডিক তীব্ৰ সমালোচনা ভজনলালৰ ।

By ANI
Published : August 29, 2025 at 9:01 AM IST
জয়পুৰ : বিহাৰৰ দাৰভাংগাত ইণ্ডিয়া ব্লকৰ অনুষ্ঠানত এজন ব্যক্তিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক গালি-গালাজ কৰা এটা ভিডিঅ' ভাইৰেল হৈছে । এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে কংগ্ৰেছ আৰু ৰাষ্ট্ৰীয় জনতা দলক 'নিৰ্লজ্জতাৰ সকলো সীমা অতিক্ৰম কৰা' বুলি তীব্ৰ সমালোচনা কৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ।
ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে বৃহস্পতিবাৰে কয়, "বিহাৰত কংগ্ৰেছ-আৰ জে ডিয়ে নিৰ্লজ্জতাৰ সকলো সীমা অতিক্ৰম কৰিছে । প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াত শ্ৰদ্ধাৰ মাতৃৰ ওপৰত ৰাহুল গান্ধী আৰু তেজস্বী যাদৱ থকা মঞ্চৰ পৰা কৰা অশ্লীল মন্তব্য অতি নিন্দনীয় । এই কাৰ্যৰ বাবে দেশে কংগ্ৰেছ-আৰ জে ডিক কেতিয়াও ক্ষমা নকৰে ।"
তেওঁ লগতে দাবী কৰে যে 'দুখীয়া মাতৃৰ সন্তান' হৈ প্ৰধানমন্ত্ৰী হোৱাটো বিৰোধী দলসমূহৰ হজম হোৱা নাই । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়াৰ পৰা নিৰ্বাচনত পৰাস্ত হ'বলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰায়ে গালি-গালাজ ব্যৱহাৰ কৰাটো কংগ্ৰেছৰ 'অভ্যাস' হৈ পৰিছে ।
মুখ্যমন্ত্ৰী শৰ্মাই কয়, "ৰাহুল গান্ধী আৰু তেজস্বী যাদৱকে ধৰি ইণ্ডি মিত্ৰজোঁটৰ নেতাসকলে দুখীয়া মাতৃৰ পুত্ৰ কেনেদৰে দেশৰ প্ৰধানমন্ত্ৰী হ'ল আৰু দেশৰ জনসাধাৰণে তেওঁক হৃদয়ত স্থান দিছে সেইটো হজম কৰিব পৰা নাই । যেতিয়াৰ পৰা নিৰ্বাচনত পৰাস্ত হ'বলৈ আৰম্ভ কৰিছে তেতিয়াৰ পৰায়ে গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰাটো কংগ্ৰেছৰ পৰম্পৰা হৈ আহিছে ।"
তেওঁ লগতে কয়, "তেওঁলোক নিজেই দুৰ্নীতিগ্ৰস্ত আৰু তেওঁলোকৰ মনবোৰো দুৰ্নীতিগ্ৰস্ত । বিহাৰৰ জনসাধাৰণে বুজি পাইছে যে এই ইণ্ডি মিত্ৰতাই ভোটৰ বাবে কিমান তললৈ নামিব পাৰে ।"
ইফালে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহায়ো প্ৰধানমন্ত্ৰীক লক্ষ্য কৰি নিক্ষেপ কৰা অৰুচিকৰ মন্তব্যক লৈ বিৰোধী দলসমূহক জগৰীয়া কৰি কয় যে বিৰোধী নেতাসকলৰ 'উচটনি'ৰ বাবেই এই দৃষ্টান্ত সংঘটিত হৈছে । যাৰ বাবে সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশৰ সৃষ্টি হৈছে ।
মুখ্যমন্ত্ৰী সাহাই এ এন আইক কয়, "ৰাহুল গান্ধী আৰু তেজস্বী যাদৱৰ প্ৰৰোচনাৰ বাবেই এনে গালি-গালাজ কৰা ভাষা ব্যৱহাৰ কৰা হৈছে । যাৰ বাবে সমগ্ৰ দেশতে ক্ষোভৰ পৰিৱেশ বিৰাজ কৰিছে । ৰাহুল গান্ধী আৰু তেজস্বী যাদৱে তৎক্ষণাত বিহাৰ আৰু দেশবাসীৰ ওচৰত ক্ষমা খুজিব লাগে ।"
আনহাতে, বিজেপি নেতা কৃষ্ণ সিং কল্লুৱেও কংগ্ৰেছ নেতাগৰাকীয়ে প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে গালি-গালাজমূলক মন্তব্য ব্যৱহাৰ কৰাৰ অভিযোগ কৰি নিৰ্বাচনমুখী ৰাজ্যখনত ‘ভোটাৰ অধিকাৰ যাত্ৰা’ বন্ধ কৰাৰ আহ্বান জনায় ।
ইফালে বিৰোধীয়ে ইয়াৰ প্ৰত্যুত্তৰত কৈছে যে বিজেপিয়ে মূল বিষয়ৰ পৰা মনোযোগা আঁতৰাবলৈ কিছুমান 'অপ্ৰাসংগিক' বিষয় উত্থাপন কৰিছে । উল্লেখ্য যে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধী আৰু আৰ জে ডি নেতা তেজস্বী যাদৱৰ সৈতে জড়িত হৈ বিৰোধী নেতাসকলে বিহাৰত ১৬ দিনীয়া 'ভোটাৰ অধিকাৰ যাত্ৰা' কাৰ্যসূচী হাতত লৈছে । এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বিৰোধীয়ে অভিহিত কৰা 'ভোট চুৰি' বিষয়ত ভোটাৰ তালিকাত সংঘটিত কথিত অনিয়ম সন্দৰ্ভত সজাগ সৃষ্টি কৰা ।

