টীয়কত গৌৰৱ গগৈৰ সমৰ্থনত চিপিআইএমএলৰ মটৰচাইকেল ৰেলী - Lok Sabha elections 2024
CPIML motorcycle rally:টীয়কৰ হিন্দুবাৰীত চিপিআইএমএলে মটৰচাইকেল ৰেলী উলিয়াই চৰকাৰক সকীয়নি । অসমত ৰাইজৰ ঠাইত মুখ্যমন্ত্ৰীৰ পত্নীৰহে বিকাশ হোৱা বুলি সমালোচনা চিপিআইএমএলৰ কেন্দ্ৰীয় সম্পাদক বিবেক দাসৰ ।

Published : April 7, 2024 at 8:51 PM IST
টীয়ক, ৭ এপ্ৰিল : ১৪ নং যোৰহাট লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চ, অসমৰ সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ সমৰ্থনত আজি চিপিআইএমএলে এক মটৰচাইকেল ৰেলী উলিয়ায় । এই লোকসভা সমষ্টিটোৰ টীয়কৰ হিন্দুবাৰীৰ পৰা মেলেং চাৰিআলি,কাকজান বাগিচা হৈ ফেচুৱাল পৰ্যন্ত চিপিআইএমএল যোৰহাট জিলা সমিতিৰ উদ্যোগত এই মটৰচাইকেল ৰেলী উলিওৱা হয় । দলটোৰ শতাধিক সমৰ্থকে অংশগ্ৰহণ কৰা উক্ত ৰেলীৰ প্ৰাকমুহুৰ্তত মেলেং চাৰিআলিত এক পথসভা অনুষ্ঠিত কৰি নেতাসকলে চৰকাৰক তীব্ৰ সমালোচনা কৰি বিজেপিৰ বিৰুদ্ধে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।
এই নিৰ্বাচন দেশৰ গণতন্ত্ৰ ৰক্ষাৰ বাবে অন্তিম নিৰ্বাচন বুলি সমৰ্থকসকলে সদৰি কৰি যিকোনো প্ৰকাৰে বিজেপিক পৰাভূত কৰাৰ সংকল্প গ্ৰহণ কৰে । উল্লেখযোগ্য যে উক্ত পথসভাত চিপিআইএমএলৰ কেন্দ্ৰীয় সম্পাদক বিবেক দাস উপস্থিত থাকি বিশেষকৈ বিজেপি চৰকাৰে চাহ বাগিচাৰ ৰাইজৰ ওপৰত চলোৱা শোষণ কোনো কাৰণতে মানি লোৱা নহ'ব বুলি সকীয়াই দিয়ে । তেওঁ বিজেপিৰ চব কা চাথ চব কা বিকাশৰ নামত বিশেষকৈ অসমত ৰাইজৰ ঠাইত মুখ্যমন্ত্ৰীৰ পত্নীৰহে বিকাশ সাধন কৰিছে বুলি মন্তব্য কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
চিপিআইএমএলৰ কেন্দ্ৰীয় সম্পাদক বিবেক দাসে লগতে বাগিচাসমূহ বিক্ৰী কৰা,অনাহকত চাহ শ্ৰমিকসকলক উন্নয়নৰ নামত উচ্ছেদ কৰা আদিবোৰ কাৰ্যক ক্ষুৰধাৰ সমালোচনা কৰি আগন্তুক নিৰ্বাচনত ইয়াৰ যোগ্য প্ৰত্যুত্তৰ বিজেপি চৰকাৰক দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে । লগতে বৰ্তমানৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীগৰাকীৰ উদাত্ত কন্ঠইহে দিল্লীত অসমীয়া ৰাইজৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰিব বুলি বিশ্বাস কৰি গৌৰৱ গগৈৰ পক্ষত সকলোকে ভোটাধিকাৰ সাব্য়স্ত কৰিবলৈ আহ্বান জনাই নেতাগৰাকীয়ে ।
লগতে পঢ়ক:বিৰোধী ঐক্য মঞ্চৰ সৈতে একেলগে কাম কৰাৰ সিদ্ধান্ত সোণোৱাল কছাৰী গণমঞ্চৰ - INDI Alliance In Assam

