ETV Bharat / politics

কাউণ্ট ডাউন আৰম্ভ: বিৰামহীন গতিত চলিছে ৰাভা হাছঙৰ ভোটগণনা - RHAC ELECTIONS 2025

পুৱা ৮ বজাৰে পৰা গোৱালপাৰাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত ভোটগণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে ।

Rabha Hasong Autonomous Council elections
ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 4, 2025 at 12:03 PM IST

2 Min Read

গোৱালপাৰা: আজি নিৰ্ণয় হ'ব কাৰ দখলত থাকিব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ । শুকুৰবাৰে পুৱা ৮ বজাৰ পৰাই আৰম্ভ হৈছে ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া । প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়লৈ ৪ টা সমষ্টিৰ ভোটগণনাত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে । ইফালে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ কাৰ দখলত থাকিব তাক লৈও জল্পনা-কল্পনা আৰম্ভ হৈছে ।

উল্লেখ্য যে ২ এপ্ৰিলত অনুষ্ঠিত হৈছিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন । কামৰূপ আৰু গোৱালপাৰা জিলাৰ মুঠ ৩৬ টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন । ইফালে দুয়োখন জিলাৰ ৩ টা সমষ্টিত ৩ গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে । ইয়াৰে কামৰূপ জিলাৰ ২৩ নং খালিহাকোঠ সমষ্টিত ৰাভা হাছাং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী নগৰমল স্বৰ্গীয়াৰী আৰু ২৫ নং হাহিম সমষ্টিত যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী সোণাৰাম ৰাভা আৰু গোৱালপাৰা জিলাৰ জয়ৰামকুছি সমষ্টিৰ পৰা প্ৰেমাজুলি ৰাভাই বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয় ।

ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগণনা (ETV Bharat)

শুকুৰবাৰে কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সমষ্টি আৰু গোৱালপাৰা জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিৰ ভোটগণনা ইতিমধ্যে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয় চৌহদত থকা বহুমুখী ভৱনত আৰম্ভ হৈছে । ভোটগণনাৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে ৪ টা হলত ৩৬ খন টেবুলৰ ব্যৱস্থা কৰিছে । ইয়াৰে এটা সময়ত ৪ টাকৈ সমষ্টিৰ ভোটগণনা কৰা হ'ব । ইয়াৰে প্ৰতিটো সমষ্টিৰ বাবে ৯ খনকৈ টেবুলত ভোটগণনা চলি আছে । ভোটগণনাত ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ মিত্ৰজোঁট এন ডি এৰ প্ৰাৰ্থী আগবাঢ়ি আছে ।

উল্লেখ্য যে ২ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাভা হাছং নিৰ্বাচনত কামৰূপ জিলাৰ ১৪ টা সমষ্টিত ১,৬৮,৮৮৮ গৰাকী ভোটাৰ আৰু গোৱালপাৰা জিলাত ২,৫৪,৬৪৪ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । কামৰূপ জিলাৰ ৪৪ গৰাকী প্ৰাৰ্থী আৰু গোৱালপাৰা জিলাৰ ৫২ গৰাকী প্ৰাৰ্থীসহ মুঠ ৯৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ।

লগতে পঢ়ক :সাংবাদিক দিলোৱাৰ হুছেইনক আটক কৰা ঘটনাৰ নিজাববীয়াকৈ গোচৰ লৈছে NHRC-এ - JOURNALIST DILWAR HUSSAIN MOZUMDER

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.