ETV Bharat / politics

ভোটলৈ মাজত ৪ দিন : লাগিল নে আৰু এটা লেঠা !

বিহালীৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ নাম আচলতে কি ? প্ৰশ্ন প্ৰাক্তন সাংসদ বৰাৰ ৷

PRESS MEET RIPUN BORA
প্ৰাক্তন সাংসদ বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : November 9, 2024 at 6:19 AM IST

3 Min Read
Choose ETV Bharat

বিশ্বনাথ : বিহালীৰ বিজেপি প্ৰাৰ্থীগৰাকীৰ নাম আচলতে কি ? দিগন্ত ঘাটোৱাৰ ? নে দিগন্ত ঘাটোৱাল ? প্ৰশ্নটো কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ ৷ শুকুৰবাৰে বৰগাংস্থিত কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলত এই প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন সাংসদ বৰাই ৷

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী ভাষণত এজন চাহ শ্ৰমিকক হৰুৱাবৰ কাৰণে গৌৰৱ গগৈয়ে কেম্প পাতি বহি লৈছে বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি বিজেপি দলক চাৰিটা প্ৰশ্নৰ উত্তৰ দিবলৈ ৰিপুণ বৰাই আহ্বান জনাই কয়, "চাহ জনগোষ্ঠীয় লোকৰ প্ৰতি যদি আপোনালোকৰ ইমানেই দৰদ, তেন্তে যোৱা লোকসভা নিৰ্বাচনত এগৰাকী চাহ জনগোষ্ঠীয় প্ৰাৰ্থীক হৰুৱাবলৈ আপোনালোক উঠিপৰি লাগিছিল নে নাই ? চাহ জনগোষ্ঠীয় নেতা তথা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাসক কিয় যোৱা লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব নিদিলে ?"

প্ৰাক্তন সাংসদ বৰা (ETV Bharat Assam)
  • বিহালীৰ বিজেপি প্ৰাৰ্থীগৰাকী উপাধিটোকে নাজানে মুখ্য়মন্ত্ৰীয়ে

ৰিপুণ বৰাই পুনৰ কয়, "ইফালে, আপোনালোকৰ চাহ জনগোষ্ঠীৰ লোকৰ প্ৰতি থকা দৰদৰ ফোপোলা স্বৰূপ তথা দায়বদ্ধতা কালি মুখ্যমন্ত্ৰীৰ কথাতে প্ৰকাশ পাইছে । বিহালী উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থীগৰাকী উপাধিটোকে আপোনালোকে নাজানে । বিজেপি প্ৰাৰ্থীগৰাকীৰ প্ৰকৃত উপাধি 'ঘাটোৱাল'। প্ৰাৰ্থীৰ টিকট বিতৰণ তালিকাৰ ২ নম্বৰত প্ৰাৰ্থীগৰাকীৰ উপাধি 'ঘাটোৱাৰ' বুলিয়েই আছে । কিন্তু নিৰ্বাচন আয়োগক দাখিল কৰা শপতনামাত তেওঁৰ নাম দিগন্ত ঘাটোৱাল বুলিহে স্পষ্টকৈ উল্লেখ আছে । গতিকে নিজৰ প্ৰাৰ্থীগৰাকীৰ নামেই শুদ্ধকৈ নজনা বিজেপি দলে চাহ জনগোষ্ঠী ৰাইজৰ কি উন্নতি কৰিব ?"

চাহ জনগোষ্ঠীয় ৰাইজৰ প্ৰতি দৰদ দেখুওৱা বিজেপি চৰকাৰে ২০১৪ চনতে দৈনিক মজুৰি ছমাহৰ ভিতৰতে ৩৫১ টকালৈ বৃদ্ধি কৰা হ'ব বুলি ঘোষণা কৰাৰ পাছতো আজিও ২৫০ টকাতে কিয় সীমাবদ্ধ কৰি ৰাখিছে বুলি মন্তব্য় কৰি বৰাই মুখ্যমন্ত্ৰীক উদ্দেশ্যি আৰু প্ৰশ্ন কৰে, "বিহালীৰ প্ৰাক্তন বিধায়কগৰাকীয়ে চাহ জনগোষ্ঠীয় লোকৰ মাটি সামান্য টকা দি বলপূৰ্বক ভাবে দখল কৰি চাহ বাগিচা খুলিছে, আপুনি নাজানে নেকি?"

আজিৰ সংবাদমেলত প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী, কংগ্ৰেছ নেতৃবৃন্দ ক্ৰমে মেহদী আলম বৰা, মীৰা বৰঠাকুৰ, প্ৰেমলাল গঞ্জুকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা উপস্থিত থাকে । এই সংবাদমেলতে ৰিপুণ বৰাই ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি আৰু কয় যে ৰাইজে এতিয়া বুজি পোৱা হ'ল, বিজেপি চৰকাৰৰ ফাঁকি স্পষ্ট হ'ল ৷

  • গোৰ্খা ৰাইজৰ 'ডি' ভোটাৰৰ সমস্যা সমাধান কৰিছে কংগ্ৰেছে

ইফালে, গোৰ্খাসকলৰ বাবে বিজেপি চৰকাৰে 'ডি' ভোটাৰৰ সমস্যা সমাধান কৰিলে বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰসংগত বৰাই কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত তেওঁ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিল, কিন্তু তেওঁ কি কৰিছিল সেই সময়ত এতিয়া যে তেওঁ দৰত দেখুৱাইছে ? কংগ্ৰেছ চৰকাৰেহে ন্যায়ালয়ৰ কাষ চাপি গোৰ্খা ৰাইজৰ 'ডি' ভোটাৰৰ সমস্যা সমাধান কৰিলে বুলি উল্লেখ কৰে ৰিপুণ বৰাই ।

লগতে পঢ়ক:উপ-নিৰ্বাচনত সাংঘাতিক ৰিগিং হ'ব পাৰে ! আগতীয়াকৈ আশংকা কৰি নিৰ্বাচন আয়োগক জনাই দিলে কংগ্ৰেছে

চাহ জনগোষ্ঠী-গোৰ্খা সম্প্ৰদায় সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ গৌৰৱ গগৈৰ ৫ টা প্ৰশ্ন