ETV Bharat / politics

যজ্ঞ কৰিলেও শাপমুক্ত নহয় কংগ্ৰেছ: কামাখ্যা প্ৰসাদ তাছা

Kamakhya Prasad Tasa : প্ৰাৰ্থী দিব নোৱৰা দলে নিৰ্বাচন কেনেকৈ জিকিব বুলি কংগ্ৰেছৰ প্ৰসংগত কামাখ্যা প্ৰসাদ তাছাৰ প্ৰশ্ন ৷ ৰাইজৰ ৰেচন কাৰ্ডৰ খবৰ ল’বলৈও কংগ্ৰেছৰ সময় হোৱা নাছিল বুলি মন্তব্য কাজিৰঙাৰ প্ৰাৰ্থীগৰাকীৰ ৷

Kamakhya Prasad Tasa
গোলাঘাটত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা
author img

By ETV Bharat Assamese Team

Published : March 17, 2024 at 10:20 PM IST

2 Min Read
Choose ETV Bharat
গোলাঘাটত কাজিৰঙা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা

গোলাঘাট, 17 মাৰ্চ: ‘‘এইবাৰ কংগ্ৰেছ শূণ্য হ’ব অসমত । প্ৰাৰ্থী দিব নোৱৰা দলে নিৰ্বাচন কেনেকৈ জিকিব? ১৪ খন আসনৰ এখনো নাপায় কংগ্ৰেছে ।’’ এইবাৰ কংগ্ৰেছ দলক কটাক্ষ কৰি কাজিৰঙা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই ক’লে যে ৰাইজৰ অভিশাপ আছে কংগ্ৰেছ দলৰ ওপৰত ।

তাছাই কয় যে বহু যজ্ঞ পাতিলেও শাপমুক্ত হ’ব নোৱাৰে কংগ্ৰেছ দল । দেওবাৰে গোলাঘাটৰ বীৰাংগনা সতী সাধনী কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত বিজেপিৰ চাহ জনগোষ্ঠী মৰ্চাৰ এখন দলীয় সভাত অংশগ্ৰহণ কৰে সাংসদ তথা লোকসভা নিৰ্বাচন প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ৷ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিজেপি দলৰ কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা ।

প্ৰাৰ্থীগৰাকীয়ে কয় যে গৌৰৱ গগৈয়ে যদি পূৰ্বৰ কলিয়াবৰ লোকসভা সমষ্টিত কাম কৰিলেহেঁতেন, আজি এই সভাত ইমান চাহ জনগোষ্ঠীৰ লোক উপস্থিত নাথাকিলহেঁতেন । বিৰোধীত থাকিলে বহু কথা ক’ব পাৰি, কিন্তু শাসক পক্ষৰ সাংসদক ইমান কথা কোৱাৰ প্ৰয়োজন নাই ৷ কাণে কাণে ক'লেই হৈ যায় ।

আনহাতে যোৰাহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ কি অৱদান আছে বুলিও প্ৰশ্ন কৰে কামাখ্যা প্ৰসাদ তাছাই ৷ তেওঁ কয় যে ৰাইজে আৱেগত সকলো সময়তে ভোট নিদিয়ে ৷ বিবেকৰ মতেও ভোট দিব৷ গতিকে অসমত ১৪ টা লোকসভা সমষ্টিত কংগ্ৰেছ শূণ্য হোৱাটো নিশ্চিত ।

  • " class="align-text-top noRightClick twitterSection" data="">

যি দলে ৰাইজৰ ৰেচন কাৰ্ডৰ খবৰ লোৱাৰ সময় নহ’ল, সেই দলে কেনেকৈ শাসনৰ গাদীত বহিব বুলি প্ৰশ্ন কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ নিৰ্বাচনৰ ফলাফল ইতিমধ্যে ওলাই গ’ল, বিজেপিয়ে অসমৰ ১৪ সমষ্টি দখল কৰিব বুলি দাবী কৰে কাজিৰঙাৰ প্ৰাৰ্থীগৰাকীয়ে ।

ইফালে অনাগত ৫ বছৰৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিব পাৰিলে চাহ বাগিচা অঞ্চলৰ সকলো সমস্যা সমাধান হ'ব বুলি কয় পাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰতি ৰাজ্যৰ ভালেসংখ্যক বিশিষ্ট নাগৰিকৰ বিশেষ আহ্বান