ETV Bharat / politics

মুছলমানৰ জনসংখ্যা বৃদ্ধি সম্পৰ্কীয় শ্বাহৰ বিতৰ্কিত মন্তব্যক লৈ বিৰোধীৰ আক্ৰমণ

বিধানসভা নিৰ্বাচনৰ বাবে অমিত শ্বাহে এই মন্তব্য কৰিছে বুলি অভিযোগ কৰে কংগ্ৰেছে ।

Amit Shah
অমিত শ্বাহ (ANI)
author img

By ETV Bharat Assamese Team

Published : October 12, 2025 at 5:16 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ এক মন্তব্যক লৈ সম্প্ৰতি দেশৰ ৰাজনীতি উত্তাল হৈ আছে । অমিত শ্বাহে কৈছিল যে অনুপ্ৰৱেশৰ বাবে দেশত মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে । এই মন্তব্যৰ পিছতে বিৰোধী নেতাসকলে গৃহমন্ত্ৰীগৰাকীক উভতি ধৰিছে ।

কংগ্ৰেছে এন ডি এ চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । দলটোৱে প্ৰশ্ন কৰিছে যে এন ডি এৰ চৰকাৰ যোৱা ১১ বছৰ ধৰি ক্ষমতাত আছে । তেনেহ'লে তেওঁলোকে কাক দোষাৰোপ কৰিছে ?

কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়াই কয় যে গৃহমন্ত্ৰীৰ মন্তব্যৰ অৰ্থ হ'ল তেওঁৰ চৰকাৰে বিগত ১১ বছৰ ধৰি নিষ্ক্ৰিয় হৈ আছে । তেওঁ (অমিত শ্বাহ) মানি লৈছে যে তেওঁৰ চৰকাৰে কোনো কাম কৰা নাই । খেড়াই কয় যে শ্বাহে এই মন্তব্য চিন্তাচৰ্চা কৰি দিছে, যাতে আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰভাৱ পৰিব পাৰে ।

অমিত শ্বাহে কৈছিল যে ১৯৫১ চনৰ পৰা ২০১১ চনলৈকে লোকপিয়লত সকলো ধৰ্মৰ জনসংখ্যা বৃদ্ধিৰ পাৰ্থক্য মূলতঃ অনুপ্ৰৱেশৰ বাবেই হৈছিল । তেওঁ কয় যে এই সময়ছোৱাত মুছলমানৰ জনসংখ্যা ২৪.৬ শতাংশ বৃদ্ধি পাইছে, আনহাতে হিন্দু জনসংখ্যা ৪.৫ শতাংশ হ্ৰাস পাইছে ।

শ্বাহে কৈছিল যে এই পাৰ্থক্য প্ৰজননৰ বাবে নহয়, অনুপ্ৰৱেশৰ বাবে হৈছে । অনুপ্ৰৱেশ মূলতঃ পাকিস্তান আৰু বাংলাদেশৰ পৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে ।

পৱন খেড়াই শ্বাহক নিজৰ পূৰ্বৰ পোষ্টটো ডিলিট কৰাৰ বাবেও লক্ষ্য কৰি লয় । খেড়াই কয় যে গৃহমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পূৰ্বে মুছলমানসকলক লক্ষ্য কৰি ল'বলৈ চেষ্টা কৰিছে, কিন্তু তেওঁ নিজৰ জালত নিজে পৰিল । যাৰ বাবে তেওঁ নিজৰ পোষ্টটো ডিলিট কৰিব লগা হ'ল । কংগ্ৰেছে কয় যে ইয়াৰ দ্বাৰা সত্যক মচি পেলাব নোৱাৰি ।

কংগ্ৰেছ দলে জনোৱা মতে, ২০০৫-১৩ চনৰ ভিতৰত কংগ্ৰেছে ৮৮,৭৯২ গৰাকী বাংলাদেশী নাগৰিকক বিতাড়িত কৰিছে, আনহাতে বিজেপিয়ে বিগত ১১ বছৰত ১০ হাজাৰতকৈও কম লোকক বিতাড়িত কৰিছে । পৱন খেড়াই কয়, "আমাৰ চৰকাৰে ভাল কাম কৰিছিল, কিন্তু আমি ইয়াৰ বাবে হুলস্থূল কৰা নাছিলো ।"

ইফালে পোষ্টটো ডিলিট হোৱা সন্দৰ্ভত অমিত শ্বাহে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে একাউণ্টটোৰ পৰা ভাষণৰ লাইভ টুইট কৰাৰ সময়ত এটা টুইট লিখাত ভুল হৈ গৈছিল (যিটো পিছত শুধৰাই দিয়া হৈছিল) । তেওঁ কয় যে ২০০১ চনৰ পৰা ২০১১ চনৰ ভিতৰত মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ২৪.৬ শতাংশ (মুছলমানৰ মুঠ জনসংখ্যা নহয়, ভুলকৈ পোষ্ট কৰা হৈছিল)।

শ্বাহে কয় যে আমাৰ দেশ কোনো ধৰ্মশালা নহয়, মোদী চৰকাৰে অনুপ্ৰৱেশকাৰীক ধৰা পেলাবলৈ, বিতাড়ন কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ । ইফালে এআইএমআইএমৰ নেতা আছাদুদ্দিন ওৱেছিয়েও গৃহমন্ত্ৰী অমিত শ্বাহৰ এই মন্তব্যক ভুল বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক :২০২৬ ত বিজেপি চৰকাৰ নহ'লে ৰাজ্যত ভয়াবহ ক্ষতি হ’ব: দিলীপ শইকীয়া