ETV Bharat / politics

গাঁৱৰ ৰাইজৰ ক্ষমতা ৰাইজক ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ; পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি - PANCHAYAT ELECTIONS 2025

বিজেপিৰ নীতি পঞ্চায়তৰ বিৰোধী আৰু আমাৰ নীতি ক্ষমতাৰ বিকেন্দ্ৰীকৰণ । ইস্তাহাৰ মুকলি কৰি ভূপেন বৰাৰ মন্তব্য ।

Panchayat Elections 2025
কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 19, 2025 at 10:49 AM IST

5 Min Read

গুৱাহাটী: গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ পৰিকল্পনাৰে শুকুৰবাৰে প্ৰদেশ কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ প্ৰকাশ কৰে । 'ঘোষণা পত্ৰ' নাম দি প্ৰস্তুত কৰা ইস্তাহাৰখনত গ্ৰামাঞ্চলৰ জনতাৰ হাতলৈ ২৯টা বিভাগৰ ক্ষমতাৰ লগতে পুঁজিৰ ব্যৱস্থা কৰি প্ৰকৃত গ্ৰাম্য স্বৰাজ গঢ়াৰ বাস্তৱিক কেতবোৰ আঁচনি অন্তৰ্ভুক্ত কৰা এই ইস্তাহাৰখন গুৱাহাটীৰ ৰাজীৱ ভৱনত মুকলি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ।

নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰি ভূপেন বৰাই সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ কয়, "আমি ক্ষমতা বিকেন্দ্ৰীকৰণত বিশ্বাস কৰোঁ । আজি অসমত যি পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈ আছে, কংগ্ৰেছে যদি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ নহ'লহেঁতেন, নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰস্তুতি নচলিলহেঁতেন । হয়তো পঞ্চায়ত নিৰ্বাচন কেতিয়া হ'লহেঁতেন কোনেও ক'ব নোৱাৰে । অসমৰ মুখ্যমন্ত্ৰীয়ে ১৮ বাৰ পঞ্চায়ত নিৰ্বাচন পাতিম পাতিম বুলি কৈ পিছুৱাইছিল । আৰু অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে যেতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সিদ্ধান্ত ল'লোঁ, তেতিয়া তেওঁ ১১ মাহ দেৰিকৈ ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত পঞ্চায়ত ভংগ হোৱাৰ পিছত পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিবলৈ বাধ্য হ'ল ।"

কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি (ETV Bharat Assam)

বিজেপিৰ একনায়কত্ববাদৰ অভিযোগ তুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কয়, "বিজেপিয়ে বিশ্বাস কৰে যে দেশত এজন মাত্ৰ নেতা থাকিব লাগে, এটা ভাষা থাকিব লাগে, এটা ধৰ্ম থাকিব লাগে আৰু ৱান ইলেকচন বুলি তেওঁলোকে কয় । তেওঁলোকৰ নীতিটোৱে পঞ্চায়তৰ বিৰোধী । আৰু আমাৰ নীতিটো হৈছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ ।"

পঞ্চায়ত নিৰ্বাচনক গণতন্ত্ৰৰ উৎৱ বুলি উল্লেখ কৰি তেওঁ কয়, "বিহু আমাৰ যেনেদৰে জাতীয় উৎসৱ, গ্ৰামাঞ্চলত পঞ্চায়ত নিৰ্বাচন হ’ল গণতন্ত্ৰৰ উৎসৱ । এই উৎসৱ আজি অসমৰ গ্ৰামাঞ্চলত ঠায়ে ঠায়ে অনুষ্ঠিত হ’বলৈ দিয়া নাই । নদুৱাৰ সমষ্টিত বিধায়ক পদ্ম হাজৰিকাই কংগ্ৰেছমুক্ত নদুৱাৰ বুলি কৈ ৰাইজৰ ভোটাধিকাৰ নোহোৱা কৰি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে । নগাঁও, মৰিগাঁও, গহপুৰ, লখিমপুৰ, ধেমাজি, নলবাৰীকে ধৰি বৰাক-ব্ৰহ্মপুত্ৰৰ বহু এলেকাত পঞ্চায়ত প্ৰাৰ্থীক ভয়-ভাবুকিৰে মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰাই বিজেপি দল আৰু চৰকাৰে পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ অংশগ্ৰহণত হেঙাৰ সৃষ্টি কৰিছে । এই ধিক্কাৰজনক ঘটনাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে নিশ্চয় দিব । পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছে ভাল ফল দেখুৱাব ।"

ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি প্ৰাক্তন সাংসদ ৰিপুণ বৰাই কয়, "বিজেপিয়ে পঞ্চায়তীৰাজ ব্যৱস্থাক কেতিয়াও বিশ্বাস নকৰে । আৰু এইবাৰো তেওঁলোকে পঞ্চায়ত নিৰ্বাচন পাতিছে বাধ্যত পৰিহে । আমি নিৰ্বাচনী ইস্তাহাৰত কৈছোঁ যে আমি সময়মতে পঞ্চায়ত নিৰ্বাচন পাতিম । এইবাৰো বিজেপিয়ে এক বছৰ তিনিমাহ দেৰিকে পঞ্চায়ত নিৰ্বাচন পাতিছে ।"

Panchayat Elections 2025
কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ ইস্তাহাৰ মুকলি (ETV Bharat Assam)

জবকাৰ্ডৰ প্ৰসংগত তেওঁ কয়, "এম জি এনৰেগা আইনখন বিজেপি চৰকাৰে ভংগ কৰিছে । এই আইনত কোৱা হৈছিল যে যিবিলাকে জবকাৰ্ড পাব তেওঁলোকক ন্যূনতম এবছৰত এশ দিনৰ কাম দিয়াটো বাধ্যতামূলক । কিন্তু বিজেপি চৰকাৰে পঞ্চায়তীৰাজ ব্যৱস্থাক বিশ্বাস নকৰে কাৰণে এই জবকাৰ্ড হ'ল্ডাৰসকলক তেওঁলোকে এশ দিনৰ কাম নিদিলে । চেণ্ট্ৰেল গভমেণ্টৰ পেৰিয়ডিক ৰিভিউ ৰিপ'ৰ্টত কৈছে, শেহতীয়া দুটা বছৰত আমাৰ অসমত জবকাৰ্ড হ'ল্ডাৰ আছিল ৬৪ লাখ ৯৮ হাজাৰ ৭২৮ । কিন্তু বিজেপি চৰকাৰে ইয়াৰে ভিতৰত মাত্ৰ ৬,৪০২ দুজনকহে মাত্ৰ এশ দিনৰ কাম দিব পাৰিলে ।"

তেওঁ কয়, "কংগ্ৰেছৰ দিনত পঞ্চায়তত যিবোৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল সেয়া বিজেপি চৰকাৰে বন্ধ কৰি মাত্ৰ ৩খন আঁচনিহে চলাই ৰাখিছে । গাঁৱৰ মানুহক বিজেপিয়ে ক্ষমতা নিদিয়ে আৰু সেইবাবে তেওঁলোকে এক দেশ এক নিৰ্বাচন বিচাৰে । কংগ্ৰেছে পূৰ্বতে ঘোষণা কৰা সকলো আঁচনি পুনৰ আৰম্ভ কৰিব ।"

ঘোষণা পত্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে ইস্তাহাৰ প্ৰস্তুত সমিতিৰ অধ্যক্ষ হিচাপে প্ৰাক্তন সাংসদ ৰিপুণ বৰা আৰু সদস্য হিচাপে বেদব্ৰত বৰা, প্ৰফুল্ল কুমাৰ দাস, অৰূপজ্যোতি ভূঞা । একেদৰে জ্যেষ্ঠ নেতা নৃপেন ঠাকুৰীয়া, দীপ বায়নকে প্ৰমুখ্য কৰি কংগ্ৰেছৰ কেইবাগৰাকী নেতাও উপস্থিত থাকে ।

উল্লেখ্য যে শুকুৰবাৰে মুকলি কৰা কংগ্ৰেছৰ ইস্তাহাৰত জবকাৰ্ডৰ অধিকাৰীক ন্যূনতম এশ দিনৰ কৰ্মনিশ্চিতি আৰু মজুৰি বৃদ্ধি, পঞ্চায়তৰ জৰিয়তে তৃণমূল পৰ্যায়লৈ ক্ষমতা হস্তান্তৰ, পি এম এ ৱাইৰ অৰ্ধনিৰ্মিত ঘৰসমূহ সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছে । সেইদৰে সময়মতে পুঁজি মুকলি কৰা, গ্ৰামাঞ্চলত প্ৰেম-ভাতৃত্ববোধ আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ভেটি সুদৃঢ় কৰা, স্বজন-তোষণ নাইকিয়া কৰা, অৰুণোদয়ত চলি থকা দুৰ্নীতি নিৰ্মূল কৰা, প্ৰকৃতাৰ্থত মহিলা সবলীকৰণ, পঞ্চায়ত প্ৰতিনিধিৰ মাহিলি পাৰিতোষিক নিশ্চিতকৰণ, পঞ্চায়তৰ সকলো খালী পদ পূৰণ আৰু অস্থায়ী ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ, আঁচনিৰ প্ৰলোভনেৰে মাতৃ সমাজক কৰা অপমান ৰোধ কৰি মহিলাসকলৰ সন্মান অটুট ৰখা, জলজীৱন আঁচনিক পুনৰুজ্জীৱিতকৰ, গ্ৰামাঞ্চলত বৃদ্ধি পোৱা অসামাজিক কাৰ্য ৰোধৰ বাবে সজাগতা গোট গঠন কৰাকে ধৰি গ্ৰামাঞ্চলৰ একাধিক সমস্যাক গুৰুত্ব দিয়া হৈছে ।

লগতে পঢ়ক :যুদ্ধৰ পূৰ্বেই পলায়ন কিয় ? জিলা পৰিষদৰ দুই কংগ্ৰেছ প্ৰাৰ্থীক ছয় বছৰৰ বাবে নিলম্বন - PANCHAYAT ELECTIONS 2025
লগতে পঢ়ক :পঞ্চায়ত নিৰ্বাচন : কিদৰে চলিছে শাসক-বিৰোধীৰ তৎপৰতা, কি কয় বিনীতা-মাজনীহঁতে... - ASSAM PANCHAYAT ELECTION 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.