ETV Bharat / politics

বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগনামা

Congress Charge Sheet against BJP: বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ 60 দফীয়া অভিযোগনামা ৷ মহা-অভিযোগনামা উন্মোচন কৰিলে ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙে ৷

Congress Charge Sheet against BJP
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগনামা
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 5:22 PM IST

2 Min Read
Choose ETV Bharat
বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ মহা-অভিযোগনামা

গুৱাহাটী, ২০ মাৰ্চ: উন্মোচন কৰা হ’ল বিজেপি চৰকাৰৰ বিৰুদ্ধে মহা-অভিযোগনামাৰ পুস্তিকা ৷ লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি বিৰোধী ঐক্য মঞ্চ,‌অসমে বুধবাৰে গুৱাহাটীত পুস্তিকাখন উন্মোচন কৰে ।

পুস্তিকাখন উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিং, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সাংসদ অজিত কুমাৰ ভূঞা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অজাপৰ সাধাৰণ সম্পাদক জগদীশ‌ ভূঞা,‌ কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইন , ভৰত নৰহ,‌ চি পি আই এমৰ নেতা মুনীন মহন্ত আদি ।

অনুষ্ঠানত উপস্থিত থাকি ভূপেন বৰাই কয় যে দিল্লী আৰু দিছপুৰত থকা বিজেপি চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ ক্ৰমে চৰম সীমাত উপনীত হৈছে । কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ জনতাৰ গণতান্ত্ৰিক অধিকাৰ আৰু মানৱাধিকাৰ খৰ্ব কৰাৰ লগতে মানুহৰ জীয়াই থকাৰ সমলসমূহ নিঃশেষ কৰি পেলাবলৈ আৰম্ভ কৰিছে ।

সাধাৰণ ৰাইজক হিতাধিকাৰীলৈ পৰ্যবসিত কৰি এই চৰকাৰে ভোটৰ বিনিময়ত জীয়াই থকাৰ এক ষড়যন্ত্ৰ ৰচনা কৰিছে বুলি মন্তব্য কৰে ভূপেন বৰাই ৷ এই স্বেচ্ছাচাৰী বিজেপি চৰকাৰক উৎখাত নকৰিলে ভাৰতীয় গণতন্ত্ৰ আৰু সংবিধানলৈ অতি শীঘ্ৰে চূড়ান্ত ভাবুকি নামি আহিব বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মন্তব্য কৰে ।

এই চৰকাৰখনে চলোৱা ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ ৬০ টা মহাভিযোগ আজি উন্মোচিত পুস্তিকাখনত অন্তর্ভুক্ত কৰা হৈছে বুলি সদৰী কৰে ভূপেন বৰাই । উক্ত মহাভিযোগসমূহৰ বিচাৰ ৰাইজৰ আদালতত চলিব মন্তব্য কৰি ভূপেন বৰাই কয় যে ৰাইজ হ’ব এই মহাভিযোগ বিচাৰ আদালতৰ প্ৰধান বিচাৰক ।

লগতে পঢ়ক: কামাখ্যা প্ৰসাদ তাছা দুই লাখৰো অধিক ভোটত জয়ী হ'ব : পীযুষ হাজৰীকা