ডিব্ৰুগড়: পহলগামৰ ঘটনাক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত । পাকিস্তানৰ বিৰুদ্ধে দেশৰ প্ৰতিটো প্ৰান্ততে প্ৰতিক্ৰিয়া দেখা গৈছে । অৱশ্যে তাৰ মাজতে অসমত পুনৰ এবাৰ চৰ্চালৈ আহিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান সম্পৰ্কৰ বিষয়টো । নাম নোলোৱাকৈয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীক বৃহস্পতিবাৰে পুনৰ আক্ৰমণ কৰিছিল । শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে সংবাদমেলত দাবী কৰিছে যে কংগ্ৰেছৰ এগৰাকী সাংসদ পাকিস্তানত ১৫ দিন আছিল । সাংসদজনৰ পত্নীয়ে পাকিস্তানৰ পৰা ৩ মাহে দৰমহা পাই আছিল বুলিও মুখ্যমন্ত্ৰীয়ে অভিযোগ কৰিছিল । মুখেৰে কাৰো নাম নল'লেও মুখ্যমন্ত্ৰীয়ে যে গৌৰৱ গগৈ বা তেওঁ পত্নীৰ কথাকেই কৈছে সেই কথা অনুমান কৰিব পাৰি ।
মুখ্যমন্ত্ৰীক গহীন হ'বলৈ আহ্বান গৌৰৱ গগৈৰ
মুখ্যমন্ত্ৰীৰ এনে ৰাজনৈতিক তথা ব্যক্তিগত আক্ৰমণক নিন্দা কৰে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে কয়, "পহলগামৰ ঘটনাক লৈ আমি সকলো মৰ্মাহত, এই সময়ত আমি সকলো একগোট হৈ পাকিস্তানক সঠিক উত্তৰ দিব বিচাৰো । এনেকুৱা এটা সময়ত মই মুখ্যমন্ত্ৰীক অলপ গহীন হ'বলৈ আহ্বান জনাইছো । মুখ্যমন্ত্ৰীয়ে পদমৰ্যাদা বুজিবলৈ শিকক, এইটো সময়ত এনেকুৱা ৰাজনীতি কৰাৰ বাবে অসমৰ ৰাইজে আপোনালোকক বেয়া পাইছে ।" পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ লৈ এই মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে ।
উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে নিৰ্বাচনী প্ৰচাৰ চলাই আছে । তাৰ মাজতে বৃহস্পতিবাৰে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ চাচনীত লোকসভাৰ বিৰোধী উপ-দলপতি তথা কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় । চাচনীৰ শিলকচুবাম টকৌবিল ৰাজহুৱা প্ৰেক্ষাগৃহত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে নেতাগৰাকীয়ে । নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে গৌৰৱ গগৈয়ে ।
বিজেপি কৰ্মীৰ প্ৰতিবাদ :
অৱশ্যে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিপদত পৰিব লগা হ'ল সাংসদ গৌৰৱ গগৈ । নাহৰকটীয়াৰ চাচনীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি বিজেপি কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হ'ল সাংসদ গৌৰৱ গগৈ । চাচনীৰ শিলকচুবামৰ সভা সামৰি উভতি অহাৰ সময়তে শিলকচুবাম তিনিআলিত বিজেপি কৰ্মীসকলে গৌৰৱ গগৈৰ বাহনৰ সমীপতে 'পাকিস্তানী এজেণ্ট মুৰ্দাবাদ, গৌৰৱ গগৈ মুৰ্দাবাদ' আদি শ্ল'গান দিয়ে । কিন্তু আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে ।
অসমৰ প্ৰভাৱশালী মন্ত্ৰীয়ে ড্ৰাগছৰ ছিণ্ডিকেট চলাইছে :
নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সাংসদ গৌৰৱ গগৈ । সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, "শিল, বালি, কয়লাৰ দৰে অসমত ড্ৰাগছৰ ছিণ্ডিকেট চলিছে । এই ড্ৰাগছৰ ছিণ্ডিকেটক নেতৃত্ব দিছে অসমৰ এজন শক্তিশালী প্ৰভাৱশালী মন্ত্ৰীয়ে । অসমৰ মন্ত্ৰী-বিধায়কসকলক টেষ্ট কৰিলে ওলাই পৰিব সকলো তথ্য । সেয়ে মই দাবী কৰিছো অসমৰ সকলো মন্ত্ৰী, বিধায়কক টেষ্ট কৰিব লাগে ।"
গৌৰৱ গগৈৰ অভিযোগ- অসমৰ মুখ্যমন্ত্ৰীয়ে নিজকে জেইলাৰ বুলি ভাবে । গগৈয়ে কয়, "কোনোবাই চৰকাৰক সমালোচনা কৰিলেই জেইলাৰে জে'লত ভৰাই দিয়ে । বিজেপি চৰকাৰ কেৱল ৫ জন মানুহৰ বাবে, এই ৫ জন মানুহৰ বাবেই বিজেপি চৰকাৰে কাম কৰি আছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ুষ হাজৰীকা, জয়ন্ত মল্লবৰুৱা, অশোক সিংহল আৰু বিধায়ক মানৱ ডেকা । এই ৫ জনৰ বিৰুদ্ধে মাত মাতিলেই জেইলাৰে জে'লত ভৰাই দিয়ে । এই জে'লৰ পৰা মুক্তি দিয়াটো হৈছে আমাৰ কংগ্ৰেছ আৰু বিৰোধী দলৰ মূল উদ্দেশ্য ।"
লগতে পঢ়ক :ভাৰতবিৰোধী মন্তব্য কৰিলেই যাব লাগিব জে'ললৈ: স্পষ্ট ঘোষণা মুখ্যমন্ত্ৰীৰ - CM ON PAHALGAM ATTACK