ETV Bharat / politics

এ আই ইউ ডি এফৰ দুৰ্গত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ

মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত ৰাজনৈতিক বতাহ ক্ৰমাৎ গৰম হৈ আহিছে । লেহেমীয়া প্ৰচাৰ এ আই ইউ ডি এফৰ ।

Congress massive election campaign in Moirabari, slow campaign by AIUDF
এ আই ইউ ডি এফৰ দুৰ্গত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 8:22 PM IST

3 Min Read
Choose ETV Bharat

ধিং: মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত টিকট কেন্দ্ৰিক স‍ংঘাত বিসম্বাদ আৰু চিপৰাং ৰাজনীতিৰ বাবে কংগ্ৰেছৰ একাংশ কৰ্মী নিৰ্বাচনী প্ৰচাৰত অংশ নোলোৱাৰ বাবে প্ৰথমাৱস্থাত কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানম প্ৰচাৰ অভিযান কিছু পিছপৰি আছিল । কিন্তু ২৫ এপ্ৰিলৰ পৰা প্ৰাৰ্থীগৰাকীয়ে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই ৰাজনৈতিক বতাহ গৰম কৰি তোলে । ২৬ এপ্ৰিলত প্ৰাৰ্থীগৰাকীয়ে হেজাৰ হেজাৰ সংখ্যালঘু ভোটাৰ সমৰ্থক লৈ এক পদযাত্ৰা কৰি ৰাজনৈতিক আলোড়নৰ সৃষ্টি কৰে ।

মৈৰাবাৰী টাউন এলেকাকে ধৰি বৰচাপৰি দলৈগাও দাতিয়ালবড়ী আদি গাঁও পঞ্চায়তৰ পৰা হেজাৰ হেজাৰ ভোটাৰ ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ হৈ স্বতঃস্ফুৰ্তভাৱে ওলাই অহাত মৈৰাবাৰী জিলা পৰিষদ সমষ্টিৰ নিৰ্বাচনী দৃশ্যপট সলনি হৈ গৈছে । উল্লেখযোগ্য যে বিগত দিনকেইটাত মৈৰাবাৰী জিলা পৰিষদ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীসকলে নিজ নিজ প্ৰচাৰ অভিযান চলাই পঞ্চায়ত নিৰ্বাচনৰ বতাহ কিছু গৰম কৰি তুলিছিল যদিও শনিবাৰৰ কংগ্ৰেছৰ পদযাত্ৰাই বিশেষ তাৎপৰ্য বহন কৰিছে ।

এ আই ইউ ডি এফৰ দুৰ্গত কংগ্ৰেছৰ জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ (ETV Bharat Assam)

৭ টা গাঁও পঞ্চায়তৰে গঠিত মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত বৰ্তমান কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ প্ৰচাৰ অভিযান তুংগত উঠিছে । কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমে দিন ৰাতি একাকাৰ কৰি বিভিন্ন প্ৰান্তত সভা সমিতি কৰি অহাৰ লগতে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ মানুহৰ মন জয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে মৈৰাবাৰী জিলা পৰিষদ সমষ্টিটো দখল কৰাৰ বাবে শাসক বিৰোধী সকলোৱে প্ৰাৰ্থী থিয় কৰাইছে যদিও ক‌ংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ প্ৰচাৰ অভিযান বৰ্তমান সকলো প্ৰাৰ্থীত কৈ আগত থকা যেন পৰিলক্ষিত হৈছে ।

কংগ্ৰেছ দলৰ টিকট কেন্দ্ৰিক লবী ৰাজনীতিৰ ফলত কংগ্ৰেছী ভোটাৰ ৰাইজৰ মাজত কিছু আভ্যন্তৰিণ সংঘাতৰ সৃষ্টি হৈছিল যদিও দিন যোৱাৰ লগে লগে সেই সংঘাতৰ পৰিমাণ কমি অহা পৰিলক্ষিত হৈছে । প্ৰায় এশ শতাংশ মিঞা মুছলমান অধ্যুষিত মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত বৰ্তমান এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অতি দুৰ্বল অৱস্থাত আছে । ইয়াৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী পৰিমা খানমৰ প্ৰচাৰ অভিযানে ৰাজনৈতিক বতাহ গৰম কৰি তুলিছে ।

প্ৰায় ৮৪ হেজাৰ ভোটাৰ থকা এই মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত শাসকীয় বিজেপি দলৰ মিত্ৰজোঁটৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীগৰাকীয়ে চলাই নিয়া প্ৰচাৰ অভিযানত মৈৰাবাৰী জিলা পৰিষদ সমষ্টিত বৰ্তমান বিশেষ প্ৰভাৱ পেলাবলৈ সক্ষম হোৱা নাই যদিও তিনিখন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে ।

নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এগৰাকী কংগ্ৰেছ নেতাই কয়, "ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ মানুহ ওলাই আহিছে । তেওঁলোকে কংগ্ৰছে দলক ভোট দিব, ইয়াত কোনো সন্দেহ নাই । বাকী কোনো আৰু প্ৰতিদ্বন্দ্বী নাথাকে । ৭ টা পঞ্চায়ত আছে, তাত আমাৰ আঞ্চলিক সদস্যকে আদি কৰি সকলোৱে জাতীয় কংগ্ৰেছৰ হৈ জয়লাভ কৰিব । আজিৰ পদযাত্ৰাই এইটো নিশ্চিত কৰি তোলে যে আমাৰ ৭ টা পঞ্চায়ততেই আমাৰ দলীয় প্ৰাৰ্থীয়ে জয় সাব্যস্ত কৰিব ।"

লগতে পঢ়ক: বিজেপিৰ নিৰ্বাচনী সংকল্পপত্ৰ উন্মোচন: কি আছে এই সংকল্পপত্ৰত... - PANCHAYAT ELECTION 2025

মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাই আছে : অখিল গগৈ - PANCHAYAT ELECTIONS 2025