ETV Bharat / politics

বিদেশৰ ক'ত ক'ত বিনিয়োগ আছে মুখ্যমন্ত্ৰীৰ ! তথ্য দিলে দিল্লীৰ পৰা অহা কংগ্ৰেছ নেতাই

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাইছে । দাবী কংগ্ৰেছ নেতা মনোজ চৌহানৰ ।

congress slams Himanta Biswa Sarma
মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ নেতা মনোজ চৌহানৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 12, 2025 at 7:04 AM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী : "অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিদেশলৈ গৈ অসমৰ বাবে বিনিয়োগকাৰীক নিমন্ত্ৰণ কৰিছে যদিও মুখ্যমন্ত্ৰীজনে নিজে কিন্তু বিদেশী ৰাষ্ট্ৰত ধন বিনিয়োগ কৰি ব্যৱসায় কৰি আহিছে।" -এই গুৰুতৰ অভিযোগ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ অসমৰ দায়িত্বত থকা সম্পাদক মনোজ চৌহানৰ ।

মঙলবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সত গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰা কংগ্ৰেছ নেতাগৰাকীয়ে সাংবাদিকৰে হোৱা মুখামুখিত এই মন্তব্য কৰে । ডুবাই আৰু ছিংগাপুৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্বপিং মল আৰু ৰেষ্টুৰেণ্টৰ ব্যৱসায়ত বিনিয়োগ কৰা বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

মুখ্যমন্ত্ৰীক সমালোচনা কংগ্ৰেছ নেতা মনোজ চৌহানৰ (ETV Bharat Assam)

কংগ্ৰেছ নেতা চৌহানে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়লা, বালি, শিল, চুপাৰি সকলোতে ছিণ্ডিকেট লগাই ৪০ শতাংশ ধন নিজে সংগ্ৰহ কৰি বিদেশত ব্যৱসায় অব্যাহত ৰাখিছে । যাৰ বাবে মুখ্যমন্ত্রীগৰাকীয়ে সঘনাই ডুবাই আৰু ছিংগাপুৰলৈ গৈ থাকে ।"

এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰচাৰৰ বাবে ছিংগাপুৰলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীক কটাক্ষ কৰি কংগ্ৰেছ নেতা চৌহানে কয়, "মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে অসমত বিনিয়োগ কৰিব পাৰে যদিও তেওঁ বিদেশতহে ব্যৱসায় চলাইছে । অসমত ছিণ্ডিকেট চলাই বিদেশত বিনিয়োগ কৰিছে ।"

দলৰ সাংগঠনিক দিশ সন্দৰ্ভত কংগ্ৰেছ নেতাজনে কয়, "১৫ মাৰ্চৰ ভিতৰত সমগ্ৰ অসমত কংগ্ৰেছৰ সাংগঠনিক পৰ্যালোচনা চলিব আৰু সংগঠনক অধিক শক্তিশালী কৰিবৰ বাবে চেষ্টা অব্যাহত ৰাখিব ।"

উল্লেখ্য যে গুৱাহাটীত মঙলবাৰে মহানগৰ জিলা কংগ্ৰেছৰ আটাইকেইটা ব্লক কংগ্ৰেছৰ সভাপতি আৰু তত্ত্বাৱধায়কসকলক লৈ এখন গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সভাত উপ-সভাপতি নৱ তালুকদাৰ, জ্যেষ্ঠ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা, গুৱাহাটীৰ প্ৰাক্তন মেয়ৰ কুশল শৰ্মা, সম্পাদক অৰুণ তিৱাৰীকে প্ৰমুখ্য কৰি নেতা-কৰ্মীসকল উপস্থিত থাকে ।

ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই 'চোতালে চোতালে কংগ্ৰেছ' কাৰ্যসূচীত অংশগ্ৰহণ কৰি জনসম্পৰ্ক ৰক্ষা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ডিগবৈ আৰু লাহোৱালত মানুহৰ ঘৰে ঘৰে গৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে ৰাইজৰ লগত বাৰ্তালাপ কৰে আৰু বিজেপি নেতৃত্বাধীন চৰকাৰৰ ভ্ৰষ্টাচাৰ আৰু অনিয়মৰ পৃষ্ঠাসমূহ উদঙাই দিয়ে ।

লগতে পঢ়ক :ছিংগাপুৰত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা: ছিংগাপুৰৰ ৰাষ্ট্ৰপতিৰ সৈতে বিশেষ সাক্ষাৎ - ADVANTAGE ASSAM 2
লগতে পঢ়ক :তিব্বতৰ বান্ধ নিৰ্মাণৰ চীনৰ পৰিকল্পনাত উদ্বিগ্ন সংসদৰ বিৰোধী উপ দলপতি গৌৰব গগৈ - MP GAURAV GOGOI