বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু নিকা হোৱাটো বিচৰা নাই: কংগ্ৰেছ
অন্ত পৰিল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ দিন । মনোনয়ন দাখিল কৰে বহু প্ৰাৰ্থীয়ে । উত্থাপন হৈছে কংগ্ৰেছৰ প্ৰাৰ্থীক ভয়-ভাবুকি দিয়াৰ অভিযোগ ।

Published : April 11, 2025 at 9:01 PM IST
গুৱাহাটী: সমাগত পঞ্চায়ত নিৰ্বাচন । শুক্ৰবাৰে সম্পূৰ্ণ হ'ল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিল পৰ্বৰ । এপ্ৰিলতে আৰম্ভ হৈছিল পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন । শুক্ৰবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন আছিল ।
ইয়াৰ মাজতে পঞ্চায়ত নিৰ্বাচনত শাসকীয় পক্ষই বিৰোধী প্ৰাৰ্থীক বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় ভাবুকি দিয়াৰ অভিযোগ কৰে কংগ্ৰেছে ৷
এই সন্দৰ্ভত দলৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই গুৱাহাটীত সাংবাদিকক সম্বোধন কৰি কয়,"পঞ্চায়ত নিৰ্বাচনটো আমি মুক্ত হোৱাটো বিচাৰিছো । কিন্তু শাসকীয় পক্ষ বি জে পি দলে পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু নিকা হোৱাটো বিচৰা নাই । নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা বিৰোধী প্ৰাৰ্থী বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক বিভিন্ন ঠাইত ভয় ভাবুকি দিছে । উজনি অসমত এনেধৰণৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বিচৰা বিৰোধী প্ৰাৰ্থী বিশেষকৈ কংগ্ৰেছৰ প্ৰাৰ্থীক ভয় ভাবুকি দিছে । আনকি উজনি অসমত কংগ্ৰেছৰ মহিলা প্ৰাৰ্থী এগৰাকীক ছ'চিয়েল মিডিয়াৰ জৰিয়তে শাসকীয় পক্ষৰ লোকে ভয় ভাবুকি দিছে ।"
তেওঁ লগতে কয়,"এইক্ষেত্ৰত আমি সকলো তথ্য সংগ্ৰহ কৰি অসম ৰাজ্যিক নিৰ্বাচন আয়োগক অভিযোগ দিম । পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু স্বচ্ছ হোৱাৰ বাবে আমি দাবী কৰিছো । পঞ্চায়ত নিৰ্বাচন মুক্ত আৰু স্বচ্ছ হোৱাৰ বাবে অসম ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জনাইছো ।"
তেওঁ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান কৰি কয়, "কংগ্ৰেছ দেশৰ পুৰণি ৰাজনৈতিক দল । কংগ্ৰেছে বি জে পিৰ কুশাসন উৎখাত কৰাৰ সক্ষমতা আছে । বি জে পি সাম্প্ৰদায়িক দল । অসমত বি জে পি ঋণৰ বোজা ৰাইজক জাপি দিছে । ঋণ কিদৰে পৰিশোধ কৰিব তাৰ কোনো উত্তৰ বি জে পি দলৰ নাই । বি জে পি দলৰ ছিণ্ডিকেট, দুৰ্নীতি আৰু ঋণগ্ৰস্ততাৰ বাবে বি জে পি দলক পঞ্চায়ত নিৰ্বাচন পৰাজিত কৰিব লাগে ।"

