ETV Bharat / politics

ইডিৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা ব্যাপক প্ৰতিবাদ

বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তেওঁলোকৰ সহযোগী কোম্পানী আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

Congress protest against ED
ইডিৰ বিৰুদ্ধে কংগ্ৰেছৰ দেশজোৰা ব্যাপক প্ৰতিবাদ (ANI)
author img

By ANI

Published : April 16, 2025 at 1:44 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় চৰকাৰ আৰু অনুসন্ধানকাৰী সংস্থাসমূহৰ বিৰুদ্ধে কংগ্ৰেছৰ ব্যাপক প্ৰতিবাদ । নেচনেল হেৰাল্ড সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে ই ডিয়ে অভিযোগনামা দাখিল কৰাৰ পিছতে এই প্ৰতিবাদ আৰম্ভ হৈছে ।

সমগ্ৰ দেশজুৰি কংগ্ৰেছে এই প্ৰতিবাদৰ আয়োজন কৰিছে । আনহাতে, প্ৰতিবাদত কেইবাজনো বিশিষ্ট কংগ্ৰেছ নেতাই নেতৃত্ব দিছে । দিল্লীত কেইবাজনো কংগ্ৰেছ নেতাক দিল্লী আৰক্ষীয়ে আটক কৰে । কংগ্ৰেছ কাৰ্যালয়ৰ ওচৰত নিৰাপত্তা বেষ্টনী ভংগ কৰিবলৈ চেষ্টা কৰাৰ বাবে তেওঁলোকক আটক কৰা হয় ।

কংগ্ৰেছ নেতা অমিত চাৱদাই নেচনেল হেৰাল্ড মানি লণ্ডাৰিং গোচৰত দলৰ দুই নেতা ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে প্ৰৱৰ্তন সঞ্চালকালয়ৰ (ই ডি) গোচৰৰ সমালোচনা কৰে । বুধবাৰে তেওঁ ইয়াক মুখ্য ৰাষ্ট্ৰীয় বিষয়সমূহৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰোৱাৰ লক্ষ্যৰে এক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত পদক্ষেপ বুলি অভিহিত কৰে ।

"প্ৰকৃত সমস্যাৰ পৰা জনসাধাৰণৰ মনোযোগ আঁতৰাই নিবলৈ আৰু বিৰোধীক ভাবুকি দিয়াৰ বাবে এইটো কৰা হৈছে ।" চাৱদাই সাংবাদিকৰ আগত কয় ।

"ভিন্ন মতক দমন কৰিবলৈ ইডি আৰু চিবিআইৰ দৰে প্ৰতিষ্ঠানৰ অপব্যৱহাৰ কৰা হৈছে ।" দলটোৰ সাংসদ ইমৰান প্ৰতাপগড়ীয়ে এই অভিযোগ কৰি কয় যে বিহাৰ আৰু অসমৰ আগন্তুক নিৰ্বাচনত বিজেপিয়ে আগতীয়া পৰাজয় অনুভৱ কৰাৰ বাবেই ই ডিৰ দ্বাৰা এই পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

তেওঁ লগতে কয়, "যিটো সংস্থাৰ জৰিয়তে যুঁজখন আদালতলৈ লৈ যোৱা হৈছে, তেওঁলোকৰ উদ্দেশ্য কেৱল বিৰোধীপক্ষক হাৰাশাস্তি কৰা । গুজৰাটত এখন অধিৱেশন অনুষ্ঠিত হয়; ৰাহুল গান্ধী মোদাচাত উপস্থিত হয় আৰু ইয়াত এখন অভিযোগনামা দাখিল কৰা হয় । আপুনি নিশ্চয় এই ঘটনাক্ৰম বুজি পাইছে । বিহাৰৰ আগন্তুক নিৰ্বাচন, গুজৰাটত কংগ্ৰেছৰ কাৰ্যকলাপ, আগন্তুক অসমৰ নিৰ্বাচনত ইয়াৰ সম্ভাৱ্য পৰাজয় আৰু বিৰোধীৰ সতৰ্কতাৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে বিৰোধীক সম্পূৰ্ণৰূপে নিশ্চিহ্ন কৰিব বিচাৰে... কিন্তু বিজেপিয়ে পাহৰি গৈছে যে এইটো গান্ধী পৰিয়াল, যাৰ দেশৰ বাবে অসংখ্য ত্যাগ আছে... কংগ্ৰেছে সমগ্ৰ দেশতে প্ৰতিবাদ কৰিছে ।"

আনহাতে, কংগ্ৰেছ নেতা শচীন পাইলটে কয়, "এইটো এটা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত ঘটনা । ন্যায়িক ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে । আমি আইনীভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিম... ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীক উদ্দেশ্যমূলকভাৱে লক্ষ্য কৰা হৈছে । এইটো বিৰোধীৰ কণ্ঠস্বৰ দমন কৰিবলৈ কৰা হৈছে...।"

উল্লেখ্য যে মঙলবাৰে ই ডিয়ে দিল্লীৰ ৰৌজ এভিনিউ আদালতত ৰাহুল গান্ধী, ছোনিয়া গান্ধী, ছেম পিত্ৰোদা, সুমন ডুবে আৰু কেইবাটাও প্ৰতিষ্ঠানকে ধৰি অন্যান্যৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে । বিষয়টো ২৫ এপ্ৰিলত বিতৰ্কৰ বাবে দিল্লী ৰৌজ এভিনিউ আদালতত তালিকাভুক্ত কৰা হৈছে ।

ইয়াৰ প্ৰত্যুত্তৰত কংগ্ৰেছে এই তীব্ৰ প্ৰতিবাদী পদক্ষেপ গ্ৰহণ কৰে । বুধবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সংশ্লিষ্ট ৰাজ্যসমূহৰ জিলা পৰ্যায়ত দেশজুৰি ই ডি কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

উল্লেখ্য যে বিজেপি নেতা সুব্ৰমণিয়ম স্বামীয়ে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, তেওঁলোকৰ সহযোগী কোম্পানী আৰু অন্যান্য ব্যক্তিৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল ।

লগতে পঢ়ক :নেশ্যনেল হেৰাল্ড গোচৰত ৰাহুল গান্ধী-ছোনিয়া গান্ধীৰ বিৰুদ্ধে ই ডিৰ অভিযোগনামা দাখিল - NATIONAL HERALD CASE
লগতে পঢ়ক :প্ৰধানমন্ত্ৰীয়ে নিজহাতে পিন্ধাই দিলে জোতা: ৰামপাল কাশ্যপৰ কাহিনীটো পঢ়ক - BAREFOOT FOR PM MODI