৯ আগষ্টত ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী : কোনে যোগদান কৰিব কংগ্ৰেছত ? - ASSAM POLITICS
BJP VS Congress : লক্ষ্য়- ২০২৬ৰ বিধানসভা নিৰ্বাচন । এতিয়াৰে পৰা আৰম্ভ হৈছে দল বাগৰাৰ ৰাজনীতি । কোন ক'লৈ যাব তাক লৈ চলিছে গুণাগাথা । এইবাৰ পদুম এৰি যাব হাতলৈ । এই তালিকাত আছে কোন কোন ?

Published : August 2, 2024 at 10:52 PM IST
গুৱাহাটী,২ আগষ্ট : মাজত মাত্র ছয় দিন বাকী । শুক্ৰবাৰে বিজেপি ত্যাগ কৰা জ্যেষ্ঠ নেতা তথা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাক আদৰিবলৈ সাজু গুৱাহাটীৰ ৰাজীৱ ভৱন । আজি আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিলে অসমত বিজেপিৰ উত্থানত বিশেষ ভূমিকা পালন কৰা অশোক শৰ্মাই । অহা ৯ আগষ্ট শুকুৰবাৰে অশোক শৰ্মাই যোগদান কৰিব কংগ্ৰেছ দলত ।
ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচী :
বিজেপি ত্যাগ কৰি অহা জ্যেষ্ঠ নেতাজনক আদৰিবলৈ সাজু হৈছে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় । ৯ আগষ্টত গুৱাহাটীৰ ৰাজীৱ ভৱনত বিশাল যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । সিদিনা অশোক শৰ্মাৰ উপৰি বিভিন্ন দলৰ কেইবাগৰাকী নেতা আৰু সমাজৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলত যোগদান কৰিব । ৰাজনৈতিক ক্ষেত্রৰ উপৰি অৰাজনৈতিক ক্ষেত্রৰ কেইবাজনো ব্যক্তিয়ে সিদিনা কংগ্ৰেছ দলত যোগদান কৰিব ।
ব্ৰজেনজিৎ সিনহাও সাজু :
প্ৰদেশ কংগ্ৰেছৰ সূত্রই জনোৱা মতে, ইয়াৰ ভিতৰত আছে অৱসৰপ্ৰাপ্ত শীৰ্ষ আৰক্ষী বিষয়া ব্ৰজেনজিৎ সিনহা । ব্ৰজেনজিৎ সিনহাৰে কংগ্ৰেছ দল দীৰ্ঘ সময়ৰ পৰা যোগাযোগত আছিল । ৯ আগষ্টত অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াগৰাকীয়ে কংগ্ৰেছ দলৰ যোগেদি ৰাজনৈতিক জীৱন আৰম্ভ কৰিব । জানিব পৰা মতে কংগ্ৰেছ দলৰ হৈ ব্ৰজেনজিৎ সিনহাই বঙাইগাঁও বিধানসভা সমষ্টিৰ পৰা উপ-নিৰ্বাচনত অৱতীৰ্ণ হ'ব । একালৰ ছাত্ৰনেতা তথা দীৰ্ঘসময় আৰক্ষীৰ শীৰ্ষ বিষয়া হিচাপে অভিজ্ঞতাৰে পুষ্ট এইগৰাকী প্ৰাক্তন আৰক্ষী বিষয়াৰ ৰাজনৈতিক জীৱন কেনে হয় সেয়া সময়েহে ক'ব ।
কংগ্ৰেছৰ ভাল দিন আহিছে :
লক্ষণীয় বিষয় যে ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়," কংগ্ৰেছৰ সৈতে বিজেপি-অগপ সকলো দলৰে নেতাই যোগাযোগত আছে । কংগ্ৰেছৰ ভাল দিন আহিছে আৰু বিজেপিৰ বেয়া দিন আৰম্ভ হৈছে । যাৰ বাবে ৰাজীৱ ভৱনত যোগদান কাৰ্যসূচী চলিয়ে থাকিব । "
ভূপেন বৰাই কয়," ২০২৬ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা টিকট বিচাৰি আবেদন কৰা তালিকাখন যথেষ্ট দীঘলীয়া হ'ব । বতাহ এতিয়া কংগ্ৰেছৰ পক্ষত বলিছে । যাৰ বাবে যোগদানৰ প্ৰকোপো বৃদ্ধি পাব ।"
উল্লেখ্য যে শেহতীয়াকৈ কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা বহুকেইজন নেতা বৰ্তমান অস্তিত্বৰ সংকটত ভূগিছে। যাৰ ফলত কংগ্ৰেছৰ পৰা যোৱা সেইসকল নেতাও উভতি অহাৰ বাবে যোগাযোগত আছে । অৱশ্যে কংগ্ৰেছৰ পৰা যোৱা সকলোকে পুনৰ আদৰি লোৱা নহয় বুলি ইতিমধ্যে কংগ্ৰেছ নেতৃত্বই সদৰী কৰিছে ।
বিজেপিৰ পৰা আৰু কোন আহিব ?
উল্লেখ্য যে পূৰ্বতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিজেপিৰ এগৰাকী প্ৰাক্তন বিধায়কে কংগ্ৰেছত যোগদান কৰিব বুলি সদৰী কৰিছিল । সেই অনুসৰি অশোক শৰ্মাই ৯ আগষ্টত কংগ্ৰেছত যোগদান কৰিব । অৱশ্যে ভূপেন বৰাই বিজেপিৰ কেইবাজনো বিধায়কে যোগাযোগত থকাৰ কথাও সদৰী কৰিছিল । সেইসকল কোন সেয়া আগন্তুক সময়তহে জানিব পৰা যাব ।

