হাইকমাণ্ডৰ সিদ্ধান্ত: সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি
নিৰ্বাচনৰ পূৰ্বে কোনো কাৰণতে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৷ ঐক্যবদ্ধ শক্তিৰে যুঁজ দিয়াৰ মন্ত্ৰণা কংগ্ৰেছ হাইকমাণ্ডৰ ৷

Published : February 28, 2025 at 5:27 PM IST
গুৱাহাটী : আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি । প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বতে ২০২৬ৰ নিৰ্বাচন খেলিব কংগ্ৰেছে । এই কথা স্পষ্ট কৰি দিছে কংগ্ৰেছ হাইকমাণ্ডে ।
লক্ষণীয় বিষয় যে দীৰ্ঘদিন ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব বুলি বিশেষ চৰ্চা চলি আহিছিল । আনকি এটা পক্ষই ভূপেন বৰাক আঁতৰোৱাৰ বাবে উঠি-পৰি লাগিছিল । নতুন সভাপতি কোন হ'ব সেয়াও চৰ্চালৈ আহিছিল । কিন্তু সকলো চৰ্চা আৰু বাদ-বিসম্বাদৰ অৱসান ঘটাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিলে যে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি । ই টিভি ভাৰতক এই কথা জানিবলৈ দিছে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক পৰ্যায়ৰ এগৰাকী নেতাই ৷
ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকিব । গতিকে এই প্ৰসংগক লৈ চৰ্চা কৰাৰ কোনো প্ৰয়োজন নাই । ইয়াৰ বিপৰীতে সকলোকে ঐক্যবদ্ধ হৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক পৰাভূত কৰাৰ বাবে মন্ত্ৰনা দিলে কংগ্ৰেছ হাইকমাণ্ডে ।

উল্লেখ্য যে, বৃহস্পতিবাৰে নতুন দিল্লীত কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় ইন্দিৰা ভৱনত অসম কংগ্ৰেছৰ প্ৰেক্ষাপটত শীৰ্ষ নেতৃত্বৰ এখন হাই ভল্টেজ বৈঠক অনুষ্ঠিত হয় । নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, লোকসভাৰ বিৰোধী দলপতিৰাহুল গান্ধী, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশ, ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক কে চি বেণুগোপালৰ উপস্থিতিত ৩ ঘণ্টা জোৰা ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হয় ।
| লগতে পঢ়ক : ’২৬ৰ নিৰ্বাচন যিমানে আগবাঢ়িব সিমানে বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ’ব : অসম নাগৰিক সমাজ |
যিখন বৈঠকত উপস্থিত আছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতিসহ অসম কংগ্ৰেছৰ প্ৰায় সকলো সাংসদ, প্ৰাক্তন সাংসদ, বিধায়ক আৰু ভগ্নী দলৰ মুৰব্বীসকল । বৈঠকত দলীয় বিষয়বাবক লৈ দলৰ আভ্যন্তৰত গঢ় লোৱা অসন্তুষ্টিয়ে তৃণমূল পৰ্যায়ত হতাশ কৰা বিষয়টোত সৰ্বাধিক গুৰুত্ব দিয়া হয় ।

বৈঠকত মল্লিকাৰ্জুন খাৰ্গেসহ ৰাহুল গান্ধীয়ে স্পষ্ট কৰি দিয়ে যে ঐক্যবদ্ধ শক্তিৰে যুঁজ দিব পাৰিলেহে আগন্তুক বিধানসভা নিৰ্বাচনত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাটো নিশ্চিত হ’ব । সেয়ে নিৰ্দিষ্ট বিষয়ববীয়াৰ গাত সফলতা, বিফলতাৰ দায়িত্ব এৰি দি কোনেও যাতে প্ৰচুৰ সম্ভাৱনা থকাৰ পাছতো আগন্তুক নিৰ্বাচনৰ সুযোগ লোৱাৰ ক্ষেত্ৰত বিফলতাৰ সুৰুঙা উলিয়াই নিদিয়ে তাৰ বাবেও সকলোকে সতৰ্ক কৰি দিয়ে নেতৃত্বই ।
লক্ষণীয় বিষয় যে বৈঠকত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া, লোকসভাৰ বিৰোধী উপ-দলপতি গৌৰৱ গগৈ, ৰাজ্যৰ পৰ্যবেক্ষক হিচাপে থকা এ আই চি চিৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙৰ উপৰি মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰিপুণ বৰা, আব্দুল খালেক, জ্যেষ্ঠ কংগ্ৰেছী হাফিজ ৰচিদ আহমেদ চৌধুৰী, বিধায়ক শিৱামণি বৰা, নন্দিতা দাস, জাকিৰ হুছেইন শিকদাৰ, ৱাজেদ আলী চৌধুৰী, প্ৰাক্তন বিধায়িকা ৰজলীনা তিৰ্কী, যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনম আদিকে ধৰি অসমৰ পৰা যোৱা নেতাসকলৰ প্ৰত্যকৰ সৈতে ৰাহুল গান্ধীয়ে পোনপটিয়া মতামত গ্ৰহণ কৰে ।
ইফালে বৈঠকত বিজেপি বিৰোধী সকলো শক্তিৰ সৈতে মিত্ৰতাৰ দুৱাৰ খোলা ৰখাৰ বিষয়েও স্পষ্ট নিৰ্দেশনা দিয়ে নেতৃত্বই । বিজেপি বিৰোধী দলসমূহৰ লগত মিত্ৰতা কিদৰে হ’ব সেই বিষয়ে প্ৰদেশ কংগ্ৰেছে চূড়ান্ত কৰা নীতি কেন্দ্ৰীয় নেতৃত্বই অগ্ৰাধিকাৰ ভিত্তিত বিবেচনা কৰিব । আগন্তুক বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰেই হ’ব কংগ্ৰেছৰ মূল ইছ্যু ।
উল্লেখ্য যে, দীৰ্ঘদিন ধৰি চলি থকা লবীকেন্দ্ৰিক ৰাজনীতি, সভাপতিকেন্দ্ৰিক সংঘাত আদিয়ে বিশেষভাৱে জৰ্জৰিত কৰিছে প্ৰদেশ কংগ্ৰেছক । যাৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হয় কংগ্ৰেছৰ এই বিশেষ বৈঠক । বৈঠকত বিজেপি চৰকাৰৰ বিভিন্ন জনবিৰোধী নীতি আৰু বিভিন্ন কেলেংকাৰী সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয় ।
অসমৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছে আৰু পৰিৱৰ্তনৰ বীজ ৰোপণ কৰিবলৈ ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী অসম ভ্ৰমণলৈ আহিব । হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিব কংগ্ৰেছে । জীতেন্দ্ৰ সিঙে সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অসমৰ ৰাইজক বিজেপি চৰকাৰৰ প্ৰকৃত স্বৰূপটো দেখুৱাই সজাগ কৰিবলৈ অসমলৈ আহিব দলৰ শীৰ্ষ নেতৃত্ব ।

