২২ছেপ্টেম্বৰত বি টি আৰ নিৰ্বাচন : কংগ্ৰেছৰ ৩১ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ
বড়োভূমিত বাজি উঠিছে নিৰ্বাচনী ৰণ দুন্দুভি । বিৰোধী দলে ঘোষণা কৰিলে প্ৰাৰ্থীৰ তালিকা ।

Published : August 31, 2025 at 2:07 PM IST
গুৱাহাটী: বড়োভূমিত এতিয়া নিৰ্বাচনৰ গৰম বতাহ । শাসক-বিৰোধী উভয়ে পূৰ্ণোদ্যমে নামি পৰিছে বি টি আৰৰ ভোটযুদ্ধত । অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বি টি আৰৰ নিৰ্বাচন । আনহাতে মনোনয়ন দাখিল অন্তিম দিন হৈছে ২ ছেপ্টেম্বৰ । ২৬ ছেপ্টেম্বৰত বি টি আৰ নিৰ্বাচনৰ ভোটগণনা হ'ব ।
মনোনয়ন দাখিলৰ বাবে দুটা দিন আছে । তেনেক্ষেত্রত সকলো দলেই সাজু হৈছে আৰু প্ৰকাশ কৰিছে প্ৰাৰ্থী তালিকা । বি টি আৰ নিৰ্বাচনৰ বাবে জোৰদাৰ অভিযানত নামি পৰা কংগ্ৰেছ দলে বি টি আৰ নিৰ্বাচনৰ বাবে ৩১টা সমষ্টিৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পৰিছে বি টি আৰত ৪০ টা সমষ্টি আছে আৰু কংগ্ৰেছে ৩১ টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই জনোৱা মতে আৰু কেইখনমান আসনত প্ৰাৰ্থী দিয়া হ'ব । বি টি আৰৰ নিৰ্বাচনক লৈ শাসক-বিৰোধীৰ তৎপৰতা অব্যাহত থকাৰ মাজতে কংগ্ৰেছে প্ৰথমখন প্রার্থীৰ তালিকা ঘোষণা কৰিছে । প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ছীল-মোহৰ মৰাৰ পিছত কংগ্ৰেছ দলটোৱে বি টি আৰৰ নিৰ্বাচনৰ বাবে ৩১ টা সমষ্টিত প্রার্থী ঘোষণা কৰিছে ।

সেই অনুসৰি যমদুৱাৰত ৰঞ্চনা বসুমতাৰী, শৰাইবিলত ৰণঞ্জয় নাৰ্জাৰী, কচুগাঁৱত কৌৰম মুছাহাৰী, ফকিৰাগ্ৰামত চহৰ আলী, দোতমাত দৈমু ৰোজে, বনৰগাঁৱত মতিলাল বসুমতাৰী, বাওখুংগ্ৰীত সুনীল নাৰ্জাৰী, ছালাকাটিত ৰাজীৱ বসুমতাৰী, চিৰাঙত ইনুছ ইছাৰী, চিৰাংদুৱাৰত অমিয় নাৰ্জাৰী, নিছিমাত অগস্তিন নাৰ্জাৰী, মানস ছেৰফাঙত অবিনাশ ব্ৰহ্ম, মথনগুৰিত ছফিউৰ ৰহমান, শালবাৰীত বুদ্ধদেৱ ফাদাংগ্রে, ককলাবাৰীত জগদীশ মাধৈ, দিহিৰাত বুবুল দাস, মুছলপুৰত ধৰ্মেশ্বৰ বড়ো ।

আনহাতে বাগানপাৰাত কন্দৰ্প দাস, দৰঙাজুলিত ছেজান গয়াৰী, নাগ্রীজুলিত উদয় বিশ্বাস, গয়বাৰীত ৰুমি সিং মুছাহাৰী, শুক্লাই ছেৰফাঙত সুৰজিৎ বসুমতাৰী, খৈৰাবাৰীত খগেন ৰাভা, ভেৰগাঁৱত টেনজিং বোথছা, ননৈ ছেৰফাঙত ৰোহিত পাৰিগা, খালিংদুৱাৰত অনিল দৈমাৰী, মুদৈবাৰীত হিমাংগ শইকীয়া, হৰিশিঙাত চিত্তৰঞ্জন ভোবৰা, ধনশিৰিত ৰিহলন মুছাহাৰী, ভৈৰৱকুণ্ডত নোৱাজ বসুমতাৰী আৰু ৰৌতাত সাৰংশ দৈমাৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে ।
এই কথা প্রদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ে বিবৃত্তি যোগে জনাইছে । ইফালে বি টি আৰৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বড়োভূমিত ব্যাপক প্ৰচাৰ অভিযানত নামি পৰিছে প্ৰদেশ কংগ্ৰেছৰ ৰথী-মহাৰথীসকল ।

