মণিপুৰৰ বাস্তৱ ছবিৰ পৰিৱৰ্তে মোদীৰ মণিপুৰ যাত্ৰা প্ৰধানমন্ত্ৰীৰ ছবিৰ ওপৰতে ৰৈ গ'ল: গৌৰৱ গগৈ
প্ৰধানমন্ত্ৰী মোদীৰ মণিপুৰ ভ্ৰমণক কঠোৰ সমালোচনা গৌৰৱ গগৈৰ ।

By PTI
Published : September 13, 2025 at 7:22 PM IST
গুৱাহাটী: দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰ ভ্ৰমণক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈ । 'দুবছৰ দেৰিকৈ' যাত্ৰা কৰিলে বুলি প্ৰধানমন্ত্ৰীক সমালোচনা কৰে সাংসদ গগৈয়ে । গ্ৰাউণ্ড জিৰ'ৰ বাস্তৱিকতাতকৈ বিজেপি নেতাৰ ভাৱমূৰ্তিকহে বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে বুলিও সমালোচনা কৰে গগৈয়ে ।
তেওঁ কয়,"মোদীৰ যাত্ৰা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত শান্তিৰ দিশে প্ৰথম পদক্ষেপ হ'ব লাগিছিল, যেতিয়া ২০২৩ তে গোষ্ঠীগত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল ।" মণিপুৰত মেইটে আৰু কুকিসকলৰ মাজত হোৱা সংঘৰ্ষত প্ৰায় ২৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছিল আৰু বহুজনে ঘৰ-বাৰী হেৰুৱাইছিল । বিৰোধী দলসমূহে প্ৰধানমন্ত্ৰীক সেই সময়ত কঠোৰ সমালোচনা কৰিছিল তেওঁ সেই সময়ত ৰাজ্যখন ভ্ৰমণ নকৰাৰ বাবে ।
গগৈয়ে সমাজিক মাধ্যম এক্সত এটা প'ষ্টত কয়,"মণিপুৰত শান্তিৰ পৰিৱেশ ৰক্ষাৰ বাবে দুবছৰ পূৰ্বেই যাত্ৰা কৰিব লাগিছিল । তেওঁৰ যাত্ৰাৰ মুখ্য উদ্দেশ্য হ'ব লাগিছিল উত্তৰ-পূবৰ ৰাইজৰ ভাৱনাক সন্মান কৰা । ইয়াৰ বিপৰীতে দেখা গ'ল, কোনো আবেগ নথকা আৰু প্ৰধানমন্ত্ৰীৰ ভাৱমূৰ্তি বৃদ্ধিৰ বাবেহে কেন্দ্ৰিত এক দৃশ্য, মণিপুৰৰ বাবে নহয় ।"
মোদীয়ে কুকি প্ৰধান চুৰাচান্দপুৰ আৰু মণিপুৰৰ ৰাজধানী ইম্ফল যি মেইটেসকলৰ গড় হিচাপে বিবেচিত, তাত থকা স্থানান্তৰিত হোৱা লোকসকলৰ সৈতে বাৰ্তালাপ কৰে । তেওঁ দুয়োখন চহৰত সাৰ্বজনিক বৈঠকতো অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ বাবে ৮,৫০০ কোটি টকাৰ প্ৰকল্প ঘোষণা কৰে । ইয়াৰ উপৰিও তেওঁ মণিপুৰ নগৰীয়া পথ, নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্পকে ধৰি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ৷

