ৰাজ্যত আইন-শৃংখলাৰ চূড়ান্ত অৱনতি: মুখ্যমন্ত্ৰীক বৰ্খাস্ত-ৰাষ্ট্ৰপতি শাসনৰ দাবী কংগ্ৰেছৰ
অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰে হিমন্ত বিশ্ব শৰ্মাক খিলঞ্জীয়াৰ প্ৰতি দায়বদ্ধতা দেখুৱাবলৈ দাবী ৰিপুণ বৰাৰ ৷

Published : August 7, 2025 at 10:32 PM IST
গুৱাহাটী: ৰাজ্যপালৰ জৰুৰী হস্তক্ষেপেৰে অসমৰ মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী অসম প্ৰদেশ কংগ্ৰেছৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ আইন-শৃংখলাৰ চূড়ান্ত অৱনতি ঘটিছে, যাৰ বাবে নাগৰিকৰ হাতত বন্দুক তুলি দিব খুজিছে ৰাজ্যৰ বিজেপি চৰকাৰে ৷ উজনি অসমত 'মিঞা খেদা’ৰ নামত গণ উন্মাদনাৰ সৃষ্টি হৈছে, যিটো কৰ্মৰ পৃষ্ঠপোষকতা কৰিছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ সৃষ্টি হৈছে আইন-শৃংখলাজনিত ভয়ংকৰ পৰিস্থিতিৰ । এই অভিযোগেৰে বৃহস্পতিবাৰে ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীক বৰ্খাস্ত কৰাৰ দাবী তুলিলে কংগ্ৰেছ দলে ৷
গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত এ পি চি চিৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন সাংসদ ৰিপুণ বৰাই হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনক তীক্ষ্ণ সমালোচনা কৰি কয়, "অসমৰ মুখ্যমন্ত্ৰীজনে ৰাইজক নিৰাপত্তা দিব নোৱাৰি আজি ৰাইজৰ হাতত বন্দুক তুলি দি নিজে নিজৰ নিৰাপত্তা ব্যৱস্থা কৰি ল'বলৈ আহ্বান জনোৱা কাৰ্যই প্ৰমাণ কৰিছে যে ৰাজ্য শাসনত মুখ্যমন্ত্ৰীজন আজি সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে । শেহতীয়াকৈ উজনি অসমত মিঞা বিচৰাৰ নামত আইন-শৃংখলাজনিত পৰিস্থিতিৰ যিভাৱে অৱনতি ঘটিছে সেই সমষ্ট ঘটনাক্ৰম উদ্বেগজনক । মুখ্যমন্ত্ৰীজনে নিজেই এই কামৰ পৃষ্ঠপোষকতা কৰা বুলি স্বীকাৰ কৰাটোৱে ভয়ংকৰ দিশ উন্মোচন কৰিছে ৷”
অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাই কয়, "দেশৰ সংবিধান প্ৰদত্ত মৌলিক অধিকাৰৰ সূত্ৰে আজি নামনি অসমৰ কিছু মুছলমান ব্যক্তিয়ে পেটৰ তাড়নাত উজনি অসমলৈ কামৰ সংক্ৰান্তত গৈছে যিদৰে অসমীয়া যুৱক-যুৱতীসকল বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত যায় । এখন ৰাজ্য চৰকাৰৰ মৌলিক দায়িত্ব হʼল দেশৰ নাগৰিকৰ নিৰাপত্তা ব্যৱস্থা সু-নিশ্চিত কৰাতো । কিন্তু আজি দেখা গৈছে এই ক্ষেত্ৰত অসম চৰকাৰ বাৰুকৈয়ে অসফল হৈছে । যদি কʼৰবাত বিদেশী বাংলাদেশী আছে চৰকাৰে তাক চিনাক্ত কৰি বিতাড়নৰ ব্যৱস্থা কৰক ।”
ইয়াৰ লগতে ৰিপুণ বৰাৰ দাবী, "ৰাজ্যত সংঘটিত ম’ব ভায়’লেন্সক মুখ্যমন্ত্ৰীজনে নিজৰ পৃষ্ঠপোষকতাত হোৱা বুলি প্ৰকাশ কৰা কাৰ্য আৰু আইন শৃংখলাজনিত পৰিস্থিতিৰ চূড়ান্ত অৱনতি ঘটা বাবে মহামান্য ৰাজ্যপালৰ দ্বাৰা মুখ্যমন্ত্ৰীজনক বৰ্খাস্ত কৰাৰ দাবী জনাইছোঁ ৷ লগতে ৰাজ্যত ৰাষ্ট্ৰপতি শাসনৰ দাবী জনাইছোঁ ।”
সংবাদমেলত বৰাই কয়, "অসম চুক্তিৰ আধাৰত ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ব্যক্তি অসমত থাকিব নোৱাৰে, এয়া কংগ্ৰেছ দলৰ আপোচবিহীন স্থিতি, কিন্তু সন্দেহজনক শব্দৰে ভাৰতীয় লোকক হাৰাহাস্তি কৰা কাৰ্য সংবিধান বিৰোধী ।"
এই প্ৰসংগত বৰাৰ মন্তব্য, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি, অসমীয়া জাতীয়তাবাদ আৰু অসমৰ খিলঞ্জীয়াক শেষ কৰিছে ৷ যিজন ব্যক্তিয়ে অসম চুক্তিক নস্যাৎ কৰি কা আইন জাপি দিব পাৰে তেওঁ কেনেকৈ অসমপ্ৰেমী হʼব পাৰে ?”
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি ৰিপুণ বৰাই কয়, “আপুনি অৱসৰপ্ৰাপ্ত ন্যায়ধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বত আয়োগ গঠন কৰিছিল আৰু সেই আয়োগে খিলঞ্জীয়া ৰক্ষাৰ বাবে যি প্ৰতিবেদন দাখিল কৰিছিল তাক আপোনালোকে আখৰে আখৰে পালন কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল ! কিন্তু আজি কʼত গʼল সেই প্ৰতিশ্ৰুতি ? আপুনি প্ৰকাশ কৰি থকাৰ দৰে যদি আপুনি অসমপ্ৰেমীয়েই হয় তেন্তে বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শ মানি অসমীয়াৰ সুৰক্ষা কৱচ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰি নিজকে অসমপ্ৰেমী বুলি প্ৰমাণ কৰি দেখুৱাওক ।”
লগতে তেওঁ মত প্ৰকাশ কৰি কয়, "এই বিজেপি চৰকাৰখনে নিজকে খিলঞ্জীয়াপ্ৰেমী বুলি কয়, কিন্তু প্ৰকৃততে এই চৰকাৰখন খিলঞ্জীয়া বিৰোধী । এই চৰকাৰে আজি আমাৰ হাজাৰ-হাজাৰ বিঘা মাটি ৰামদেৱ, আদানি, আম্বানীৰ হাতত তুলি দিয়া কাৰ্যই প্ৰমাণ কৰে যে এই চৰকাৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ কাঢ়ি খোৱা চৰকাৰ ।"
সংবাদমেলত অসমৰ জাতীয় সংগঠনসমূহক অসমৰ সাতামপুৰুষীয়া সমন্বয় ৰক্ষা কৰিবলৈ বৰাই আহ্বান জনায় এইদৰে, "অসমৰ বুৰঞ্জী তথা সংস্কৃতিত হিংসা আৰু ঘৃণাৰ স্থান নাই । এই অসম ভূমি শংকৰদেৱ-লাচিত আৰু আজান ফকীৰৰ দেশ । আমি সকলোৱে শান্তি বজাই ৰাখিব লাগিব ।”

