ETV Bharat / politics

কৰ্মী-সমৰ্থকক লগত লৈ মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ

চিদলী বিধানসভা সমষ্টিত মনোনয়ন পত্ৰ দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ । জাকিৰ হুছেইন শিকদাৰক লগত লৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে দাখিল কৰে মনোনয়ন পত্ৰ ।

Congress candidate Sanjeev Warie files nomination in Sidli
মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 23, 2024 at 7:56 PM IST

2 Min Read
Choose ETV Bharat

চিৰাং: সুদীৰ্ঘ ২৫ বছৰৰ মূৰত ৩১ নং চিদলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে জাতীয় কংগ্ৰেছ দলে । আজি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি গুণকান্ত গগৈৰ উপস্থিতিত চিদলী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে কাজলগাঁওস্থিত জিলা নিৰ্বাচনী কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ।

মনোনয়ন পত্ৰ দাখিল কৰাৰ পিছতেই চিদলী সমষ্টিৰ উপ-নিৰ্বাচনত বিপুল ভোটত জয়লাভ কৰিব বুলি দাবী কৰে কংগ্ৰেছৰ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীয়ে । মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে জিলাখনৰ কাজলগাঁৱৰ বৈখুনগাঁৱত অনুষ্ঠিত হয় এক বিশাল নিৰ্বাচনী জনসভা । সভাত বিজেপিৰ শাসনকালত সৰ্ব-সাধাৰণ ৰাইজৰ ওপৰত যি অত্যাচাৰ শোষণ-তোষণ চলাই আছে, কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়লাভ কৰাৰ পিচতেই সৰ্বসাধাৰণ ৰাইজক সেই শোষণ-তোষণৰ পৰা মুক্ত কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ।

মনোনয়ন দাখিল কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ (ETV Bharat Assam)

ইফালে মনোনয়ন পত্ৰ দাখিল কৰা পূৰ্বে কাজলগাঁৱৰ বৈখুনগাঁৱৰ জনসভাস্থলীৰ পৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক কলা-কুশলীৰ নৃত্য-গীত আৰু বেণ্ডপাৰ্টী সংগীতৰ তালে তালে প্ৰায় সহস্ৰাধিক সমৰ্থকে শোভাযাত্ৰা কৰি চিৰাং জিলা নিৰ্বাচনী বিষয়া ফিৰদৌশ আলমৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে । অনুষ্ঠানত কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক জাকিৰ হুছেইন শিকদাৰ, উপ-সভাপতি গুণকান্ত গগৈ, বিধায়ক আব্দুল বাতেন খন্দকাৰ, ৰমন ঝাই প্ৰাৰ্থী সঞ্জীৱ ৱাৰীক সংগ দিয়ে ।

উল্লেখযোগ্য যে আজিৰ চিদলীৰ কংগ্ৰেছ প্ৰাৰ্থী সঞ্জীৱ ৱাৰীৰ মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত থকাৰ কথা আছিল যদিও বিহালী সমষ্টিৰ প্ৰাৰ্থী কেন্দ্ৰিক কাৰণত মনোনয়ন পত্ৰ দাখিল কৰা অনুষ্ঠানত উপস্থিত থকাৰ পৰা বিৰত থাকে বুলি জিলা কংগ্ৰেছৰ পৰা সদৰী কৰা হয় ।

লগতে পঢ়ক: উপ-নিৰ্বাচন: চিদলী সমষ্টিৰ প্ৰাৰ্থী ঘোষণা ইউ পি পি এল আৰু বি পি এফৰ

চিদলী দখলৰ বাবে অকলেই উঠি-পৰি লাগিছে কংগ্ৰেছ - Bye Election Assam

উপ-নিৰ্বাচন ২০২৪: কাক ক’ত প্ৰাৰ্থিত্ব দিব কংগ্ৰেছে ?