ETV Bharat / politics

বিজয়ী হ'লে লোহিত খাবলুৰ কথা সদনত উত্থাপন কৰিব গৌৰৱ গগৈয়ে

গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হ'লে লোহিত খাবলুবাসীৰ সমস্যাসমূহ সামাধান কৰাৰ লগতে লোহিত খাবলুৰ কথা সদনত উত্থাপন কৰিব । লোহিত খাবলুবাসীয়ে তেওঁক যি মৰম দিলে তাৰ বাবে ধন্যবাদ জনায় কংগ্রেছী নেতাগৰাকীয়ে ।

Campaigning in Jorhat Lok Sabha constituency
যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : March 20, 2024 at 10:09 PM IST

2 Min Read
Choose ETV Bharat
যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ

মাজুলী, ২০ মাৰ্চ: দুদিনীয়া কাৰ্যসূচীৰে কালি মাজুলীত উপস্থিত হোৱা যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি নদীদ্বীপটোত প্ৰচাৰ অভিযান সামৰে । প্ৰথমতে মাজুলীৰ কমলাবাৰীৰ পাৰঘাটত গৌৰৱ গগৈ উপস্থিত হোৱাৰ লগে লগে মাজুলী জিলা কংগ্রেছে আদৰণি জনায় । ইয়াৰ পিচতেই পাৰঘাটৰ পৰা বিশাল বাইক ৰেলীৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক গৰমূড়ৰ ৰাজীৱ ভৱনলৈ আগবঢ়াই আনে । কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে বংশীগোপল নাট্য মন্দিৰত দলীয় সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পিছত নামনি মাজুলীত এখন দলীয় সভাত অংশগ্রহণ কৰে । কালিৰ দিনটোত মাজুলীত ক্রিকেটাৰ ৰূপতো দেখা গ'ল গৌৰৱ গগৈক।

  • " class="align-text-top noRightClick twitterSection" data="">

চিতদাৰ চুকৰ অৰূপ মিলিৰ ঘৰত নিশা কটাই গৌৰৱ গগৈয়ে । আজি পুৱা পটিয়া গাৱঁৰ শিৱ মন্দিৰত সেৱা লয় কংগ্রেছ নেতাগৰাকীয়ে । ইয়াৰ পিচত তেওঁ এখন সংবাদমেলত বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে । সংবাদমেলৰ পিচত লোহিত খাবলু অঞ্চলত কংগ্রেছ নেতাগৰাকীয়ে এখনি ৰাজহুৱা সভাত অংশগ্রহণ কৰে । প্ৰতিকূল বতৰকো নেওচি গৌৰৱ গগৈৰ জনসভাত বিপুল সংখ্যক লোকে অংশগ্রহণ কৰে । হাতত ছাতি লৈ গৌৰৱ গগৈৰ জনসভাত অংশগ্ৰহণ কৰে ৰাইজে ।

মিচিং গোমৰাং নৃত্যৰে লোহিত খাবলুবাসীয়ে আদৰণি জনায় গৌৰৱ গগৈক । লোহিত খাবলু কিছুদিন পূৰ্বে লখিমপুৰ জিলাৰ লগত অন্তৰ্ভুক্ত আছিল যদিও বৰ্তমান লোহিত খাবলু মাজুলীৰ জিলাৰ লগত চামিল হ'ল । সভাখনত গৌৰৱ গগৈয়ে কয় যে যদি যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ নিবাচিত হয় তেন্তে লোহিত খাবলুবাসীৰ সমস্যা সমূহ সমাধান কৰাৰ লগতে লোহিত খাবলুৰ কথা সদনত উত্থাপন কৰিব । লোহিত খাবলুবাসীয়ে তেওঁক আজি যি মৰম দিলে তাৰ বাবে লোহিত খাবলুবাসীক ধন্যবাদ জনালে কংগ্রেছ নেতাগৰাকীয়ে ।

বিয়লি জেংৰাইমুখৰ এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে গৌৰৱ গগৈয়ে । ৰাজহুৱা সভাত বিজেপিক কঠোৰ সমালোচনা কৰে । ইফালে,গৌৰৱ গগৈৰ প্ৰতি আকৃষ্ট হৈ বিভিন্নজনে কংগ্রেছ দলত যোগদান কৰে । আগন্তুক দিনত মাজুলীবাসীৰ মৰম বিচাৰি আজি প্ৰচাৰ সামৰিলে গৌৰৱ গগৈয়ে ।

লগতে পঢ়ক:মাজুলীত নিৰ্বাচনী ৰণডংকা সাংসদ গৌৰৱ গগৈৰ