মাজুলী, ২০ মাৰ্চ: দুদিনীয়া কাৰ্যসূচীৰে কালি মাজুলীত উপস্থিত হোৱা যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে আজি নদীদ্বীপটোত প্ৰচাৰ অভিযান সামৰে । প্ৰথমতে মাজুলীৰ কমলাবাৰীৰ পাৰঘাটত গৌৰৱ গগৈ উপস্থিত হোৱাৰ লগে লগে মাজুলী জিলা কংগ্রেছে আদৰণি জনায় । ইয়াৰ পিচতেই পাৰঘাটৰ পৰা বিশাল বাইক ৰেলীৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছৰ প্ৰাৰ্থী গৌৰৱ গগৈক গৰমূড়ৰ ৰাজীৱ ভৱনলৈ আগবঢ়াই আনে । কংগ্রেছৰ প্ৰাৰ্থীগৰাকীয়ে বংশীগোপল নাট্য মন্দিৰত দলীয় সভাত অংশগ্ৰহণ কৰে । ইয়াৰ পিছত নামনি মাজুলীত এখন দলীয় সভাত অংশগ্রহণ কৰে । কালিৰ দিনটোত মাজুলীত ক্রিকেটাৰ ৰূপতো দেখা গ'ল গৌৰৱ গগৈক।
- " class="align-text-top noRightClick twitterSection" data="">
চিতদাৰ চুকৰ অৰূপ মিলিৰ ঘৰত নিশা কটাই গৌৰৱ গগৈয়ে । আজি পুৱা পটিয়া গাৱঁৰ শিৱ মন্দিৰত সেৱা লয় কংগ্রেছ নেতাগৰাকীয়ে । ইয়াৰ পিচত তেওঁ এখন সংবাদমেলত বিজেপি দলক কঠোৰ ভাষাৰে সমালোচনা কৰে । সংবাদমেলৰ পিচত লোহিত খাবলু অঞ্চলত কংগ্রেছ নেতাগৰাকীয়ে এখনি ৰাজহুৱা সভাত অংশগ্রহণ কৰে । প্ৰতিকূল বতৰকো নেওচি গৌৰৱ গগৈৰ জনসভাত বিপুল সংখ্যক লোকে অংশগ্রহণ কৰে । হাতত ছাতি লৈ গৌৰৱ গগৈৰ জনসভাত অংশগ্ৰহণ কৰে ৰাইজে ।
মিচিং গোমৰাং নৃত্যৰে লোহিত খাবলুবাসীয়ে আদৰণি জনায় গৌৰৱ গগৈক । লোহিত খাবলু কিছুদিন পূৰ্বে লখিমপুৰ জিলাৰ লগত অন্তৰ্ভুক্ত আছিল যদিও বৰ্তমান লোহিত খাবলু মাজুলীৰ জিলাৰ লগত চামিল হ'ল । সভাখনত গৌৰৱ গগৈয়ে কয় যে যদি যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ নিবাচিত হয় তেন্তে লোহিত খাবলুবাসীৰ সমস্যা সমূহ সমাধান কৰাৰ লগতে লোহিত খাবলুৰ কথা সদনত উত্থাপন কৰিব । লোহিত খাবলুবাসীয়ে তেওঁক আজি যি মৰম দিলে তাৰ বাবে লোহিত খাবলুবাসীক ধন্যবাদ জনালে কংগ্রেছ নেতাগৰাকীয়ে ।
বিয়লি জেংৰাইমুখৰ এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে গৌৰৱ গগৈয়ে । ৰাজহুৱা সভাত বিজেপিক কঠোৰ সমালোচনা কৰে । ইফালে,গৌৰৱ গগৈৰ প্ৰতি আকৃষ্ট হৈ বিভিন্নজনে কংগ্রেছ দলত যোগদান কৰে । আগন্তুক দিনত মাজুলীবাসীৰ মৰম বিচাৰি আজি প্ৰচাৰ সামৰিলে গৌৰৱ গগৈয়ে ।
লগতে পঢ়ক:মাজুলীত নিৰ্বাচনী ৰণডংকা সাংসদ গৌৰৱ গগৈৰ