ETV Bharat / politics

কংগ্ৰেছ-অজাপৰ ভুলৰ বাবে টিংখাঙত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অগপ প্ৰাৰ্থীৰ - PANCHAYAT ELECTION 2025

মহিলাৰ বাবে সংৰক্ষিত থকা পঞ্চায়তত কংগ্ৰেছ-অজাপই দিলে পুৰুষ প্ৰাৰ্থী ৷ কংগ্ৰেছ-জাতীয় পৰিষদৰ ভুলৰ বাবে টিংখাঙত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অগপ প্ৰাৰ্থীৰ ৷

Etv Bharat
Etv Bharat (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 8:57 AM IST

2 Min Read

ডিব্ৰুগড় : ৰাজ্যৰ বিৰোধী দলসমূহৰ মাজত নাই নেকি মিলাপ্ৰীতি ? নে ৰাইজক দেখুৱাবলৈ এটা আন ভিতৰি আন এটা সম্পৰ্কহে বজাই ৰাখিছে বিৰোধীয়ে ? - এই প্ৰশ্ন ৰাজ্যৰ সচেতন মহলৰ ৷ কিয়নো বিৰোধী দলসমূহৰ মাজৰ মতানৈক্যৰ বাবেই হয়তো মহিলাৰ বাবে সংৰক্ষিত থকা পঞ্চায়তৰ আসমত কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদে দিলে পুৰুষ প্ৰাৰ্থী ৷

হয়, আপুনি ঠিকেই শুনিছে, মহিলাৰ বাবে সংৰক্ষিত থকা পঞ্চায়তত প্ৰক্ষেপিত কৰা হ’ল পুৰুষ প্ৰাৰ্থী ৷ আচলতে মহিলাৰ বাবে সংৰক্ষিত থকা দিল্লীবাৰী চপাতলী আঞ্চলিক পঞ্চায়তত কংগ্ৰেছ-অজাপই দিলে পুৰুষ প্ৰাৰ্থী । টিংখাং সমষ্টিৰ দিল্লীবাৰী চপাতলী আঞ্চলিক পঞ্চায়ত এইবাৰ মহিলাৰ বাবে সংৰক্ষিত হৈছিল । সেই কথা গমেই নাপালে বিৰোধী দলে ।

বিজেপি মিত্ৰদলে আঞ্চলিক পঞ্চায়তটোত অগপ দলৰ পৰা পূৰ্ণিমা চৰেণক প্ৰাৰ্থিত্ব দিছিল । ইয়াৰ বিপৰীতে বিৰোধী অসম জাতীয় পৰিষদে প্ৰদীপ গগৈ নামৰ এজন ব্যক্তিক প্ৰাৰ্থিত্ব দিছিল । যিহেতু এইবাৰ আঞ্চলিক পঞ্চায়তটো মহিলাৰ বাবে সংৰক্ষিত গতিকে বিৰোধীৰ হৈ পুৰুষ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰাৰ লগে লগে অগপৰ প্ৰাৰ্থী পূৰ্ণিমা চৰেণে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰাটো নিশ্চিত হৈ পৰিল ।

PANCHAYAT ELECTION 2025
টিংখাঙত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ অগপ প্ৰাৰ্থীৰ (ETV Bharat)

এই সম্পৰ্কত অসম জাতীয় পৰিষদৰ জিলা সভাপতি শোভাকৰণ কোহাঞিয়ে কয়, ‘‘আমাৰ এইটো ভুল হৈ গ'ল । ভালদৰে চোৱা নহ'ল, সেয়ে আমি জয়লাভ কৰিব লগা আঞ্চলিক পঞ্চায়ত হেৰুৱালো ।’’

উল্লেখ্য যে, ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰে তৎপৰতা বৃদ্ধি পাইছে । শুকুৰবাৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিনা প্ৰতিটো দলৰ প্ৰাৰ্থীৰে নিজৰ সমৰ্থকক লৈ মনোনয়ন দাখিল কৰিছিল । ডিব্ৰুগড়ৰ প্ৰতিটো সমষ্টিত শাসক দল বিজেপি মিত্ৰদলৰ সমান্তৰালভাৱে বিৰোধী দলসমূহে একত্ৰিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল ।

এইবাৰ ৰাজ্যত প্ৰথমবাৰলৈ পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছে অসম জাতীয় পৰিষদে । নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে জন্মলাভ কৰা অসম জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে পঞ্চায়ত নিৰ্বাচন খেলাৰ বাবে প্ৰস্তুতি চলোৱাৰ লগতে সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক প্ৰচাৰ আৰম্ভ কৰিছে । ইয়াৰ মাজতে মহিলাৰ বাবে সংৰক্ষিত আসনত পুৰুষ প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰা বিষয়টোৱে দলটোৰ ভিতৰচ’ৰাত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ।

লগতে পঢ়ক : অন্য দলে শাসন কৰিবলৈ সুযোগ বিচাৰি আছে, আমি সেৱা কৰিবলৈ চেষ্টা কৰি আছো : দিলীপ শইকীয়া

লগতে পঢ়ক : অন্তিম মুহূৰ্ততো সলনি কংগ্ৰেছৰ প্ৰাৰ্থী, জিলা আয়ুক্ত কাৰ্যালয়তেই দুই প্ৰাৰ্থীৰ তুমুল সংঘর্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.