মৰাণ: ৰাজ্যত প্ৰথমবাৰৰ বাবে জিলা আয়ুক্তৰ পৰিৱৰ্তে পঞ্চায়ত নিৰ্বাচন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে সমজিলাসমূহে । জিলা আয়ুক্তৰ দায়িত্ব হ্ৰাস কৰাৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰথমবাৰৰ বাৰে সমষ্টিসমূহৰ সকলো পঞ্চায়ত নিৰ্বাচনৰ কাম-কাজ সমজিলা আয়ুক্ত কাৰ্যালয়ৰ পৰা পৰিচালনাৰ ব্যৱস্থা কৰিছে ।
ডিব্ৰুগড় জিলাৰ অন্তৰ্গত খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে খোৱাং সমষ্টিৰ অন্তৰ্গত ১৭ খন গাঁও পঞ্চায়ত আৰু ৪ খন জিলা পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ ২ মে'ত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি ব্যাপক কৰি তুলিছে খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ে ৷
ইতিমধ্যে খোৱাং মহাবিদ্যালয় চৌহদত নিয়ন্ত্ৰণ কক্ষ, ষ্ট্ৰং ৰূম, পোলিং সামগ্ৰী বিতৰণ কক্ষ নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ খোৱাং সমজিলাৰ অন্তৰ্গত মুঠ ১৯৭ টা ভোটগ্ৰহণ কেন্দ্ৰত ২ মে'ত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷ সোমবাৰে ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডীয়ে খোৱাং মহাবিদ্যালয়ত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ৷ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ বাবে সকলোধৰণৰ যাৱতীয় ব্যৱস্থা ডিব্ৰুগড় জিলা প্ৰশাসৰ তৰফৰ পৰা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে আয়ুক্তজনে ৷
জিলা আয়ুক্তগৰাকীয়ে কয়, "এইবাৰ পঞ্চায়ত নিৰ্বাচন সমজিলা কাৰ্যালয়ৰ পৰা হ'ব । আজি সকলো প্ৰস্তুতিৰ বুজ ল'লো । আগতেও প্ৰস্তুতিৰ বুজ লৈছিলো যদিও আজি ফাইনেল প্ৰস্তুতিৰ বুজ লৈছো । সকলো ঠিকে চলিছে যদিও বৰষুণৰ বাবে কিছু সমস্যা হৈছে । খোৱাং সম জিলাৰ অধীনত খোৱাং মহাবিদ্যালয়ৰ পৰাই নিয়ন্ত্ৰণ কক্ষ, ষ্ট্ৰং ৰূম, পোলিং সামগ্ৰী বিতৰণৰ সকলো কাম পৰিচালনা হ'ব । নিৰাপত্তা ব্যৱস্থা সঠিকভাৱে কৰাৰ ব্যৱস্থা কৰা হৈছে ।"
ৰাইজক সহযোগিতা কৰিবলৈ আহ্বান
প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দায়িত্ব লাভ কৰা খোৱাং সমজিলা আয়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে তৎপৰতাৰে যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে । খোৱাং সমজিলা আয়ুক্তৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি সমজিলা আয়ুক্ত জিণ্টু বৰাই নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত সাংবাদিকসকলক অৱগত কৰে ৷ তদুপৰি প্ৰথমবাৰৰ বাবে খোৱাঙৰ পৰা অনুষ্ঠিত কৰিবলগীয়া নিৰ্বাচনত ৰাইজৰ সহযোগিতা কামনা কৰে ৷
লগতে পঢ়ক: কংগ্ৰেছৰ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে : মুখ্যমন্ত্ৰী