ETV Bharat / politics

আমাৰ চৰকাৰ আৰু ২০ বছৰলৈ থাকিলে অসম বহু আগুৱাই যাব: মুখ্যমন্ত্ৰী

অসমৰ ৰাইজৰ বাবে বিজেপি চৰকাৰখনে অক্লান্তভাৱে কাম কৰি আছে ৷ মন্তব্য মুখ্য়মন্ত্ৰীৰ ।

Government orders, laws, orders to be published in Assamese language says CM
আমাৰ চৰকাৰ আৰু ২০ বছৰলৈ থাকিলে অসম বহু আগুৱাই যাব: মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 8:38 PM IST

2 Min Read
Choose ETV Bharat

নলবাৰী: আজি পহিলা ব'হাগ । ৰঙালী বিহুৰ আনন্দত মতলীয়া ৰাজ্যবাসী । পুৱাৰে পৰা ৰাজ্যৰ মঠ-মন্দিৰসমূহত অসমীয়া নৱবৰ্ষৰ সু-মংগল কামনাৰ্থে সকলোৱে সেৱা প্ৰাৰ্থনা জনায় । ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়েও পহিলা ব'হাগৰ দিনা বিষ্ণু যজ্ঞত আশিস লৈ ৰাইজৰ মংগল কামনাৰ্থে উপস্থিত হয় নলবাৰীত । মঙলবাৰে দিনৰ ভাগত নলবাৰীত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁহজানী মণ্ডল বিজেপিৰ কাৰ্যালয়টো শুভ উদ্বোধন কৰি পোনে পোনে ৰাওনা হয় জিলাখনৰ বৰনদ্দী বিষ্ণু যজ্ঞলৈ ।

তাত মুখ্যমন্ত্ৰীগৰাকীয়ে আশিস লৈ ৰাইজৰ মংগল কামনা কৰে । উপস্থিত শ শ ভক্তৰ সমাগমত মুখ্যমন্ত্ৰীগৰাকীয়ে সাৰুৱা ভাষণৰে সম্ভাষণ জনায় । উক্ত মন্দিৰ ভাগৰ উন্নয়নৰ বাবে দুটা কিস্তিত তেওঁ সৰ্বমুঠ এক কোটি টকাৰ অনুদান ঘোষণা কৰে । তাৰ পিছতে সংবাদ মাধ্যমৰে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । পোনতে আজি অসমীয়া নৱবৰ্ষৰ পহিলা ব'হাগ আৰু ৰঙালী বিহুৰ বাবে অসমবাসীক ওলগ জনাই মুখ্যমন্ত্ৰীয়ে ।

আমাৰ চৰকাৰ আৰু ২০ বছৰলৈ থাকিলে অসম বহু আগুৱাই যাব: মুখ্যমন্ত্ৰী (ETV Bharat Assam)

আনহাতে বৰপেটা সত্ৰই অসমত পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব বুলি ভৱিষ্যদ্বাণী কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "অসমৰ ৰাইজৰ বাবে আমি বিজেপি চৰকাৰখনে অক্লান্তভাৱে কাম কৰি আছোঁ । লগতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ডাবল ইঞ্জিন চৰকাৰ যদি আৰু ২০ বছৰলৈ থাকে তেন্ত অসম বহু আগুৱাই যাব ।"

ইফালে পহিলা ব'হাগৰ দিনাই ৰাজ্যবাসীক এটা ভাল খবৰ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । এতিয়াৰে পৰা অসম চৰকাৰে জাৰি কৰা অধিসূচনা অনুসৰি অসমত সকলো চৰকাৰী নিৰ্দেশ, আইন, কানুনৰ নিৰ্দেশনা বাৰ্তা ইংৰাজী ভাষাৰ উপৰিও অসমীয়া ভাষাতো প্ৰকাশ কৰিব । ইয়াৰ সমান্তৰালকৈ বৰাকত বাংলা ভাষা আৰু বড়োলেণ্ডত বড়ো ভাষাত সকলো চৰকাৰী নিৰ্দেশনা প্ৰকাশ পাব বুলি তেওঁ জনায় ।

লগতে পঢ়ক: দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা: বৰপেটা সত্ৰৰ ভৱিষ্যদ্বাণী - BARPETA SATRA BIHU GANANA

ৰাজপথত নচলিব ৱাকফ বিৰোধী আন্দোলন: খোলাখুলিকৈ কৈ দিলে মুখ্যমন্ত্ৰীয়ে - HIMANTA BISWA SARMA