ETV Bharat / politics

পেলেষ্টাইনলৈ তেওঁ কিয় গৈছিল ? গৌৰৱ গগৈৰ নাম নোলোৱাকৈ আকৌ এপাট শেল এৰিলে ড৹ শৰ্মাই

গোচৰ তৰিব-নতৰিব বেলেগ কথা, কেইটামান কথা স্পষ্ট হ'ব লাগে ৷ গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰী ৷

Gaurav Himanta Tweet war
গোৰৱ গগৈৰ পৰা কেইটামান উত্তৰ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 14, 2025 at 10:31 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ সন্দৰ্ভত এইবাৰ কেমেৰাৰ সন্মুখত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

বুধবাৰৰ পৰা সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অহা মুখ্যমন্ত্রীয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

গৌৰৱ গগৈৰ পৰা কেইটামান উত্তৰ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে (ETV Bharat Assam)

মুখ্যমন্ত্রীয়ে কয়, "গোচৰ তৰিব-নতৰিব সেইটো বেলেগ কথা । কিন্তু কেইটামান কথাত আমি স্পষ্ট হোৱাৰ প্ৰয়োজনীয়তা আছে । প্ৰথম কথা, সাংসদগৰাকীৰ পত্নীয়ে পাকিস্তানত কাম কৰাটো সঁচা নে মিছা । দ্বিতীয়তে, তেখেতে ভাৰতীয় নাগৰিকত্ব লৈছে নে নাই লোৱা । তৃতীয়তে, এই গোটেই সময়ছোৱাত সাংসদগৰাকীয়ে পাকিস্তান ভ্ৰমণ কৰিছিল নেকি ?"

তেওঁ লগতে কয়, "সাংসদগৰাকীয়ে পাকিস্তানৰ ৰাজদূতক সাক্ষাৎ কৰোঁতে বৈদেশিক পৰিক্ৰমা বিভাগৰ অনুমতি লৈছিল নে নাই লোৱা । পৰৱৰ্তী সময়ত যেতিয়া তেখেতে লগ কৰিছিল, তেতিয়া ডি-ব্ৰিফিং কৰিছিল নে নাই ।"

গৌৰৱ গগৈৰ টুইটৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ

ইফালে মুখ্যমন্ত্ৰীয়ে তেওঁ আৰু তেওঁৰ পৰিয়ালক বদনাম কৰিবলৈ বিজেপিয়ে চৰম পদক্ষেপ লোৱা বুলি উল্লেখ কৰি ইয়াৰ বিৰুদ্ধে গোচৰ তৰিব বুলি কৰা গৌৰৱ গগৈৰ টুইটৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে ।

মুখ্যমন্ত্ৰীয়ে কয়, "আজিও মই টুইটত দেখিছো- কেছ কৰাৰ কথা কৈছে । কিন্তু উত্তৰ দিয়া নাই । ভাৰতীয় নাগৰিক হয় নে নহয় কোৱা নাই ? পাকিস্তান দূতাবাসত কিয় গৈছিল, লৰা-ছোৱালীসকলক কিয় লৈ গৈছিল ? সাধাৰণতে আমি পাকিস্তানৰ দূতাবাসলৈ কোনেও নাযাওঁ । তাত ব্ৰেইন ৱাছিঙৰ কাম চলে । যিবোৰ লৰা-ছোৱালীক লৈ গৈছিল তেওঁলোকৰ নামবোৰ দিয়ক, তেওঁলোক ক'ত কি সংস্থাত আছে । এই কথাবোৰ আমাৰ জনাৰ প্ৰয়োজনীয়তা আছে । আমি কাকো অভিযোগ কৰা নাই, তথ্যটো জানিব বিচাৰিছোঁ ।"

মুখ্যমন্ত্রীয়ে লগতে কয়, "তেওঁ কোৱা ধৰণে আই এছ আই আৰু ৰ' এটা ঘৰত কেনেকে থাকিব ? টুলুঙা মন্তব্যটোৰ আঁৰত বহুত ছিৰিয়াছ কথা লুকাই আছে । সাংসদগৰাকীয়ে ভাবে যে আই এছ আই আৰু ৰ' একেট‍া ঘৰতে থাকিব পাৰে । আই এছ আই মানে পাকিস্তান আৰু ৰ' মানে ভাৰত । তেখেতৰ মতে ভাৰত আৰু পাকিস্তান বন্ধু ৰাষ্ট্ৰ আৰু দুয়োটা একেখন ঘৰতে থাকিব পাৰে । সেইটো কেতিয়াও হ'ব নোৱাৰে । আপুনি ৰ' হ'লে আপুনি কিয় আই এছ আইৰ লগত আছে । গতিকে এই গোটেই প্ৰশ্নটো আমি ৰাজনীতিৰ ওপৰত চাব লাগে । ৰাষ্ট্ৰীয় নিৰাপত্তাজনিত প্ৰশ্ন ।"

চৰকাৰৰ হাতলৈ তথ্য অহাৰ দাবী

মুখ্যমন্ত্ৰীয়ে লগতে দাবী কৰে যে গৌৰৱ গগৈয়ে আমেৰিকাৰ এটা এন জি অ'ৰ পৃষ্ঠপোষকতাত বহুকেইখন দেশ ভ্ৰমণ কৰিছে । এই কথা উল্লেখ কৰি তেওঁ কয়, "শেহতীয়াকৈ চৰকাৰৰ হাতত তথ্য আহিছে যে ২০০৯ চনত সাংসদগৰাকীয়ে পেলেষ্টাইনৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল । যিবোৰ ঠ‍াইৰ নাম আমি টিভিত শুনা পাওঁ । আমেৰিকাৰ এটা এন জি অ'ই এই গোটেই ভ্ৰমণটো কৰাইছিল । আমেৰিকাৰ এই এন জি অ'টো কোন । আৰু এটা তথ্য আহিছে যে আমেৰিকাৰ জৰ্জ ছ'ৰ'ছ নামৰ ভাৰতবিৰোধী ব্যক্তিজনে সাংসদগৰাকীৰ অৰ্গেইনাইজেনত এক কোটি টকা প্ৰত্যক্ষভাৱে দান কৰিছিল । বাকী কি আছিল আমি নাজানো । তেখেতৰ দিশৰ পৰা আমি বহুত কথা জানিবলগীয়া আছে আৰু ই কিমান গভীৰলৈ যায় আমি নাজানো ।"

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, "ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্রত কোনো আপোচ নহয় । সেয়ে ১৬ ফেব্ৰুৱাৰীত আমাৰ কেবিনেটত এই বিষয়টো আলোচনা কৰিম । তেখেতৰ টুইটবোৰ মই চাই আছো যদিও তেখেতে উত্তৰবোৰ সহজে দি নিদিয়ে । উত্তৰ দিলেই বিতৰ্কবোৰ শেষ হৈ যায় । আমি নতুন নতুন খবৰবোৰ পাই আছো । উত্তৰ দিলেই লেঠাবোৰ মৰি যায় ।"

লগতে পঢ়ক :মোক বদনাম কৰিবলৈ বিজেপিয়ে লৈছে চৰম পদক্ষেপ : আইনী ব্যৱস্থা গ্ৰহণৰ ঘোষণা গৌৰৱ গগৈৰ - GAURAV GOGOI WIFE CONTROVERSY
লগতে পঢ়ক :অনলাইন যুঁজ : মুখ্যমন্ত্রীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ, পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ - GAURAV GOGOI WIFE ALLEGED ISI LINK