২ এপ্ৰিলত বৰপথাৰত কামাখ্যা প্ৰসাদ তাছাৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে - Lok Sabha Election 2024
Kaziranga Lok Sabha constituency: প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১৫ দিনত ৩০ খনৰো অধিক সভা সম্বোধন কৰিব মুখ্যমন্ত্রীয়ে । তেওঁ ২ এপ্ৰিলত কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰচাৰৰ আৰম্ভ কৰিব । এই কখা সদৰী কৰিছে বিধায়ক বিশ্বজিৎ ফুকনে ।

Published : March 29, 2024 at 9:05 PM IST
সৰুপথাৰ, ২৯ মাৰ্চ: ৰাজ্যত বলিছে লোকসভা নিৰ্বাচনৰ বতাহ । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈছে সাংসদ প্ৰাৰ্থীসকল । সকলো দলেই নিৰ্বাচনী প্ৰচাৰৰ বাবে নিজৰ নিজৰ ষ্টাৰ কেম্পেইনাৰ লৈ নিৰ্বাচনী ৰণত নামি পৰিছে । এইক্ষেত্ৰত এখোপ আগবাঢ়িছে বিজেপি । অহা ২ এপ্ৰিলত কাজিৰঙা লোকসভা সমষ্টিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপিৰ হৈ প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সাংসদ তথা বিজেপিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে । আজি এই বিষয়ে সদৰী কৰিছে সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে । বৰপথাৰৰ বিজেপি মণ্ডলৰ কাৰ্যালয়ত আয়োজিত এক সংবাদমেল সম্বোধন কৰি বিধায়ক বিশ্বজিৎ ফুকনে এই কথা ঘোষণা কৰে ।
- " class="align-text-top noRightClick twitterSection" data="">
আজি সৰুপথাৰ বিধানসভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে বৰপথাৰৰ বিজেপি মণ্ডলৰ কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি এই কথা ঘোষণা কৰি কয় কাজিৰঙা সমষ্টিৰ প্ৰায় ২০ হাজাৰ লোকক সম্বোধন কৰি কামাখ্যা প্ৰসাদ তাছাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰথম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া কাজিৰঙা, শোণিতপুৰ, যোৰহাট, ডিব্ৰুগড়, লখিমপুৰ সমষ্টিত মুঠ ৩০ খন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব । ইয়াৰে ভিতৰত তেওঁ যোৰহাট লোকসভা সমষ্টিত চাইকেল ৰেলীৰ লগতে পাঁচখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব ।
ইপিনে, বিৰোধী কংগ্ৰেছ প্ৰতিদ্বন্দ্বী ৰ'জলীনা তিৰ্কীক কটাক্ষ কৰি কয় যে ২০২১ৰ বিধানসভা নিৰ্বাচনত ৪০ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত হৈছিল প্ৰাক্তন বিধায়িকাগৰাকী। এইবাৰ লোকসভা সমষ্টিত প্ৰায় এক লাখ ভোটত কামাখ্যা প্ৰসাদ তাছাই যাতে অগ্ৰগতি লাভ কৰিব পাৰে তাৰ বাবে সৰুপথাৰ সমষ্টিৰ বিজেপিৰ কৰ্মীসকলে কামকাজ তথা প্ৰচাৰৰ ব্যৱস্থা কৰিছে বুলি বিধায়ক বিধায়ক বিশ্বজিৎ ফুকনে কয় ।
লগতে পঢ়ক:তাছা ৰাজ্যসভাৰ সাংসদ হৈ থকা হ'লেই বেছি কাম কৰিব পাৰিলেহেতেন: ৰ'জলীনা তিৰ্কী

