ETV Bharat / politics

পাগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ - GAURAV HIMANTA FACE OFF

প্ৰধানমন্ত্ৰী মোদীৰ স্থিতিক বিশ্বাসঘাতকতা বুলি অভিহিত হিমন্ত বিশ্বৰ ! মুখ্যমন্ত্ৰীক সমানে উভতি ধৰিছে গৌৰৱে ।

GAURAV HIMANTA FACE OFF
পাগত উঠিছে হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ ৰাজনৈতিক যুদ্ধ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 20, 2025 at 7:30 PM IST

5 Min Read

গুৱাহাটী : অসমৰ বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হতাশগ্ৰস্ত হৈ ২০২২চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা স্থিতিক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে । এই অভিযোগ তুলি মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হৈ থাকিবৰ বাবে হিমন্ত বিশ্ব শৰ্মা উপযুক্ত ব্যক্তি নে বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে ।

পাগত উঠিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেতা গৌৰৱ গগৈক পাকিস্তানী এজেণ্ট বুলি কৰা অভিযোগ আৰু গৌৰৱ গগৈয়ে উভতি ধৰি কৰা প্ৰতিঅভিযোগৰ যুঁজখন । গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত বহাৰ যোগ্যতাক লৈ প্ৰশ্ন তোলে ।

পাকিস্তানত ২০২২ত হোৱা বানপানীৰ সময়ত বানপীড়িতৰ প্ৰতি গৌৰৱ গগৈয়ে তেতিয়াৰ টুইটাৰ, বৰ্তমানৰ X যোগে প্ৰকাশ কৰা মানবীয় সহমৰ্মিতাক গৌৰৱৰ পাকিস্তানী প্ৰীতিৰ নিদৰ্শন বুলি প্ৰতিষ্ঠা কৰিব খুজিছে ৷ মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ মন্ত্ৰী পীযুষ হাজৰীকাই Xত শ্বেয়াৰ কৰিছে গৌৰৱ গগৈয়ে সেই সময়ত কৰা মন্তব্য । প্ৰত্যুত্তৰত গৌৰৱ গগৈয়ে শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২২ত পাকিস্তানৰ বানপানীক লৈ X ত বানপীড়িতৰ প্ৰতি কৰা সহানুভূতিশীল মন্তব্য ।

“দুৰ্ভাগ্যজনক যে কিছুমান ব্যক্তিয়ে ভাৰতে আগবঢ়োৱা প্ৰতিটো বিশেষাধিকাৰ — দৰমহা, ক্ষমতা, আৰু পদবী — উপভোগ কৰে তথাপিও তেওঁলোকৰ আনুগত্য সীমান্তৰ সিপাৰে নিহিত হৈ আছে । তেওঁলোকে ভাৰতৰ পৰা আহৰণ কৰে যদিও কেৱল পাকিস্তানৰ স্বাৰ্থৰ বাবে কাম কৰে । এইটো বিশ্বাসঘাতকতা ।”— এয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ সাংসদ তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈক মঙলবাৰে 'পাকিস্তান লিংক' বিতৰ্ক প্ৰসংগত কৰা আক্ৰমণ । মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্যৰ লগত সংলগ্ন কৰি দিয়ে গৌৰৱ গগৈৰ সেই বিশেষ টুইটটি । এক কথাত পোনপতীয়াভাৱে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈয়ে ভাৰতৰ দৰমহা আহৰণ কৰি পাকিস্তানৰ স্বাৰ্থৰ বাবে কাম কৰা বুলি অভিহিত কৰিছে ।

মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা Xৰ পোষ্ট শ্বেয়াৰ কৰি দিছে গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ আসনত বহাৰ যোগ্যতাক লৈয়ো । X যোগে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দিছে, “অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ হতাশাক লৈ মই চিন্তিত । হতাশগ্ৰস্ততাত ভোগী তেখেতে ২০২২ চনত মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই গ্ৰহণ কৰা স্থিতিক বিশ্বাসঘাতকতা বুলি অভিহিত কৰিছে । মুখ্যমন্ত্ৰীৰ আসনত উপবিষ্ট হৈ থাকিবৰ বাবে তেওঁ উপযুক্ত ব্যক্তি নে ? ?"'

উল্লেখযোগ্য যে ২০২২চনৰ আগষ্ট মাহৰ ২৯ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পাকিস্তানৰ বান দুৰ্যোগক লৈ নিজৰ সহানুভূতি প্ৰকাশ কৰিছিল ৷ সেই টুইটটোত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰিছিল—“পাকিস্তানত বানপানীয়ে সৃষ্টি কৰা ধ্বংসলীলা দেখি দুখ লাগিছে । এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল, আহতসকলৰ লগতে ভুক্তভোগী সকলোলৈ আমি আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো আৰু আশা কৰিছো যে অতি সোনকালে স্বাভাৱিক অৱস্থা পুনৰ ঘূৰি আহিব ।”

সেই বিষয়টোতেই একে সময়তে গৌৰৱ গগৈয়ে নিজৰ সহানুভূতি প্ৰকাশ কৰিছিল এইদৰে, “পাকিস্তানৰ বিৰুদ্ধে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বিজয় উদযাপন কৰাৰ সময়তে আমাৰ চুবুৰীয়া দেশত ১০০০ লোকৰ প্ৰাণ কাঢ়ি লোৱা মানৱীয় দুৰ্যোগক আমি পাহৰিব নালাগে । অভূতপূৰ্ব বানে ধ্বংস কৰিছে চহৰ আৰু ঘৰ-দুৱাৰ । পাকিস্তানী জনসাধাৰণক জৰুৰী সকাহ আৰু সহায়ৰ প্ৰয়োজন ।"

মন কৰিবলগীয়া যে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা, আনকি আই এছ আইৰ দ্বাৰা প্ৰশিক্ষণ লোৱাৰো বিস্ফোৰক অভিযোগ তুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা কেইবামাহো ধৰি ধাৰাবাহিক আক্ৰমণ কৰি আহিছে গৌৰৱ গগৈক । আনকি বিভিন্ন দেশলৈ অপাৰেশ্যন সেন্দূৰৰ সমৰ্থনক লৈ বিদেশলৈ যাবলগীয়া সাংসদৰ দলত গৌৰৱ গগৈৰ নাম কংগ্ৰেছে নিৰ্বাচন কৰাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী শৰ্মাই । যি কাৰণেতই নহওক কেন্দ্ৰীয় চৰকাৰে বিদেশলৈ যাবলগীয়া সাতখন কমিটীৰ এখনতো অন্তৰ্ভক্ত কৰা নাছিল লোকসভাৰ উপ দলপতি গৌৰৱ গগৈক ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শেহতীয়াকৈ গৌৰৱ গগৈয়েও দিছে কঢ়া উত্তৰ । মুখ্যমন্ত্ৰীৰ মন্তব্য আৰু অভিযোগক “বেছলেছ, ৰিডিকুলাছ আৰু ননচেন্স” বুলি আখ্যা দিছে গৌৰৱ গগৈয়ে । মুখ্যমন্ত্রীলৈ তীব্র বাক্যবাণ সাংসদ গৌৰৱ গগৈৰ ৷ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, “আই এছ আইৰ প্ৰশিক্ষণ লৈ আহি লাকসভাত উপ-দলপতি হৈ থকাটো সম্ভৱ নেকি ? মুখ্যমন্ত্ৰীৰ পদত্যাগৰ ভাবুকিৰ কোনো বিশ্বাসযোগ্যতা নাই : ২০০৯ত মঙলদৈত কংগ্ৰেছ হাৰিলে পদত্যাগ কৰিব বুলি কোৱা হিমন্তবিশ্বই কি কৰিলে ? ৰাহুল গান্ধীৰ 'বডি ডাবল' প্ৰমাণ কৰিব নোৱাৰিলে পদত্যাগ কৰিব বুলি কোৱা মুখ্যমন্ত্রীয়ে কি কৰিলে সেয়া ৰাইজে দেখিলে : বাংলাদেশ, নেপাললৈ যাওঁতে মুখ্যমন্ত্রীয়ে অনুমতি লৈছিলনে ? মই তৰুণ গগৈৰ পুত্ৰ, হিমন্তবিশ্বক ভয় নকৰো : ১৩ বছৰ ধৰি মোক লৈ অজান ৰাজনৈতিক আশংকাত ভুগি আছে হিমন্তবিশ্বই ৷”

দুই নেতাৰ এই বিতৰ্ক আন এক উল্লেখযোগ্য কথা হ’ল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সবিশেষ তথ্য সহকাৰে দিব বুলি বহুবাৰ ৰাজহুৱা ঘোষণা কৰিছে । মুখ্যমন্ত্ৰীৰ দাবী, “ব্যক্তি হিমন্তবিশ্বই হেজাৰটা মিছা কথা ক'ব পাৰে, কিন্তু মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে ৷ আইন আছে ৷ বিধানসভা আছে ৷ সকলোৱেই মুখ্যমন্ত্ৰীক জবাবাদিহি কৰিব ৷”

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই হাজাৰ মিছা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে : মুখ্যমন্ত্ৰী

প্ৰসংগ গৌৰৱ গগৈ : এটাও কথা মিছা হ'লে ৰাজনীতিয়েই বাদ দিব হিমন্ত বিশ্ব শৰ্মাই

আই এছ আইৰ নিমন্ত্ৰণত পাকিস্তানলৈ গৈছিল গৌৰৱ গগৈ: মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.