ETV Bharat / politics

পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু: কাক উদ্দেশ্যি ক'লে মুখ্যমন্ত্ৰীয়ে - ASSAM CM ON PAHALGAM ATTACK

সৰুপথাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ । কাশ্মীৰকাণ্ডক লৈ মন্তব্য মুখ্যমন্ত্ৰীৰ ।

CM Himanta Biswa Sarma
সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 23, 2025 at 8:47 PM IST

3 Min Read

সৰুপথাৰ: সৰুপথাৰ সমষ্টিৰ তামুলীগাঁও খেলপথাৰত আগন্তুক পঞ্চায়ত নির্বাচনৰ বিশাল নিৰ্বাচনী সভাত অংশগ্রহণ কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সৰুপথাৰ সমষ্টিৰ তামুলীগাঁও খেলপথাৰত অনুষ্ঠিত সভাত অংশগ্রহণ কৰি পাকিস্তান সমৰ্থিত সন্ত্রাসবাদীয়ে কাশ্মীৰত বাচি বাচি হিন্দু পৰ্যটকক হত্যা কৰা কাৰ্যক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, নিৰ্বাচনী সভাত কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা কৰে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে কয়, "কংগ্রেছে লুঙি, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা দিছিল । আমি মহিলাসকলক অৰুণোদয়, কলেজীয়া ছাত্ৰীক নিযুত মাইনা, কৃষকসকলক কৃষক সন্মান নিধিৰ ধন, মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে শিক্ষিত যুৱকসকলক ধনৰ যোগান ধৰাৰ উপৰি, ৰেচন কার্ড, মহিলাসকলৰ বাবে মহিলা উদ্যমিতা আঁচনি আমাৰ চৰকাৰে গ্রহণ কৰিছে । আমি কংগ্রেছৰ লুঙি, ধুতি, সূতা, কম্বল, আঁঠুৱাৰ পৰিৱর্তে উল্লিখিত আঁচনিসমূহৰ জৰিয়তে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সকলোকে সমভাবেৰে আগুৱাই নিয়াৰ ব্যৱস্থা কৰিছোঁ ।"

সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ (ETV Bharat Assam)

লগাতে লুঙি, ধুতিৰ ৰাজনীতি কৰা কংগ্রেছে হাতৰ পৰিৱর্তে লুঙিৰ প্ৰতীকত পঞ্চায়ত নির্বাচন খেলিব লাগে বুলিও কংগ্ৰেছক কটাক্ষ কৰে । উল্লেখ্য যে সৰুপথাৰ সমষ্টিত ৪ টা জিলা পৰিষদৰ লগতে ২১ টা পঞ্চায়তৰ বাবে চলিছে নিৰ্বাচনী ৰণকৌশল । ২ মে'ত সমষ্টিটোত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ।

CM Himanta Biswa Sarma
নিৰ্বাচনী সভাত উপস্থিত একাংশ ৰাইজ (ETV Bharat Assam)

আনহাতে, নিৰ্বাচনী সভাৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি মঙলবাৰে পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে মুখ্যমন্ত্ৰীয়ে । লগতে পাকিস্তানক তীব্ৰ সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰতে এই ঘটনাৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিব । পাকিস্তানক আমি সকলোৱে মিলি জবাবদিহি কৰিম । আৰু এই ঘটনাৰ কাৰণে পাকিস্তানে যি পাব লাগে নিশ্চয় সেয়া পাব । লগতে দেশৰ ভিতৰতো যিকসল পাকিস্তানী লোক আছে তেওঁলোকৰ ওপৰতো আমাৰ ধ্যান থাকিব লাগে । আমাৰ জনসাধাৰণে এইটো শিকিব লাগে যে যেতিয়া কালি ঘটনাটো হৈছিল তেতিয়া মানুহক সুধিছিল তুমি হিন্দু নেকি । এইখিনিয়ে সুধিছিল । কাকো এই কথা সোধা নাছিল যে আপুনি এছ টি, এছ চি, অ' বি চি নে সাধাৰণ শ্ৰেণীৰ । ইয়াৰ অৰ্থ হৈছে এওঁলোকে হিন্দুসকলক জাতিৰ ভিত্তিত নাচায়, ধৰ্মৰ ভিত্তিত চায় । সেই কাৰণে হিন্দু এক হৈ থাকিব লাগে, হিন্দু সুৰক্ষিত হৈ থাকিব লাগে আৰু হিন্দুসকলে একত্ৰিতভাৱে থাকি পাকিস্তানক প্ৰত্যুত্তৰ দিব লাগে ।"

CM Himanta Biswa Sarma
সৰুপথাৰত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী (ETV Bharat Assam)

ইফালে গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, "তথ্য আমাৰ হাতত আছে । অনুসন্ধান চলি আছে । ছেপ্টেম্বৰ মাহৰ ভিতৰত গোটেই তথ্য জনসাধাৰণৰ ওচৰলৈ লৈ আহিম । পাকিস্তান আমাৰ শত্ৰু, পাকিস্তানৰ নিৰ্দেশত চলা ভাৰতীয়সকল আমাৰ আৰু ডাঙৰ শত্ৰু ।"

লগতে পঢ়ক :উকা হৈ ৰ'ল হেলিপেড, ফোনযোগে ৰাইজক সম্বোধন মুখ্যমন্ত্ৰীৰ - PANCHAYAT ELECTION 2025
লগতে পঢ়ক :মুখ্যমন্ত্ৰী এজনৰ কাম ম'বাইল ফোন দিয়া নেকি ? অখিল গগৈৰ প্ৰশ্ন - MLA AKHIL GOGOI

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.