ETV Bharat / politics

গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে: মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপ । গো-হত্যাৰ প্ৰসংগক লৈ সৰৱ মুখ্যমন্ত্ৰী শৰ্মা ।

CM Himanta Biswa Sarma react over incident of throwing bottles at the convoy
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 8:45 AM IST

|

Updated : July 1, 2025 at 12:59 PM IST

3 Min Read
Choose ETV Bharat

গোলাঘাট: সোমবাৰে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকী গোলাঘাটত উপস্থিত হোৱাৰ সময়তে গৰুখুটি প্ৰকল্পৰ পৰা গৰু চুৰি হোৱা ঘটনাৰ অভিযোগ উত্থাপন কৰি গোলাঘাট জিলা কংগ্ৰেছ দলে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ লক্ষ্য কৰি বটল নিক্ষেপ কৰে প্ৰতিবাদকাৰীসকলে ।

এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, "কংগ্ৰেছ দলে যদি মোৰ বিৰুদ্ধে প্ৰতিবাদ নকৰে তেওঁলোক কেনেকৈ চলিব । মই হ'লো বিজেপি, যদি কংগ্ৰেছ দলৰ কিছুমানে প্ৰতিবাদ নকৰে তেনেহ’লে গুৱাহাটীত কি উত্তৰ দিব ? গতিকে যিসকল কংগ্ৰেছ দলৰ কৰ্মীয়ে এই প্ৰচণ্ড গৰমত আহি কষ্ট কৰিছে তেওঁলোকক সমবেদনা জ্ঞাপন কৰিব লাগে । বটলটো মোৰ গাত লাগিলে ভাল হ’লহেতেন ।"

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল নিক্ষেপৰ ঘটনাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লগতে কয়, "তেওঁলোকে গীৰ গাইৰ কথা কয় কিন্তু কোৰবানী দিয়া গৰুৰ কথা নকয় । বকৰী ঈদ বুলি হাজাৰ হাজাৰ গৰু অসমত কোৰবানী হ'ল ৷ যদি কংগ্ৰেছ দলে গৰুক ইমানেই ভাল পাই তেনেহ’লে তেখেতসকলে এটা কথা কওক যে অহাবাৰ ঈদত গৰু কোৰবানী হ'বলৈ নিদিওঁ । তেওঁলোকৰ এই কথা কবলৈ সাহস আছে নে নাই ? আমি বিজেপি কাৰণে মৰিবলৈ লোৱা গৰু আনি খুৱাই-বুৱাই জীয়াই ৰাখো, কিন্তু কংগ্ৰেছৰ আধা লোকে গৰু খায় ।"

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "গৰু ভক্ষণ কৰা মানুহে গৰু পোহাৰ কথা আলোচনা কৰে নেকি ? কংগ্ৰেছ দলৰ সকলোৱে গৰু খায় ৷ ৰকিবুল হুছেইন, ৰেকিবুদ্দিন আহমেদ, জাকিৰ হুছেইন চিকদাৰ, নুৰুল হুদা আদিয়ে গৰু মাংস খাই নে নাখায় ? গৰুক কাটি কাটি খোৱা মানুহে এতিয়া গৰুৰ বাবে আন্দোলন কৰে । গতিকে কংগ্ৰেছ দলে একেমুখে কওক যে কালিৰ পৰা গৰু নাখাওঁ আৰু মোক ক’ব লাগে যে বিধানসভাত এখন বিধেয়ক উত্থাপন কৰি গৰু হত্যা বন্ধ কৰিবলৈ তেওঁলোকৰ সাহস আছে নে নাই ?"

ক'ত কিমান গৰু হত্যা কৰিছে তাৰ খতিয়ান দি শৰ্মাই কয়, "১৪০০ গৰু ধুবুৰী জিলাত হত্যা কৰিছে য'ত ৰকিবুল হুছেইন সাংসদ আৰু গৰু হত্যা কৰাই নহয় নামঘৰত গৰু মাংস থৈছে আৰু সেই মানুহে মৰিব ধৰা গৰু বিজেপিৰ দলৰ মন্ত্ৰী -বিধায়কে আনি সেৱা কৰে । কিন্তু এই কেইটা গৰু যদি কংগ্ৰেছ দলৰ কৰ্মীসকলে গম পালেহেঁতেন খাই দিলেহেঁতেন । গৰু খোৱা মানুহে আন্দোলন কৰে নেকি ? তেখেতসকলৰ লাজ নালাগে নেকি ? বাতৰি কাকত আৰু টিভিত গৰু হত্যাৰ বিৰুদ্ধে মাত নামাতে, গৰু বাংলাদেশ গৈ থাকোতে মাত নামাতে । কিন্তু নেমাৰি গৰু আনি প্ৰতিপালন কৰাসকলৰ বিৰুদ্ধে মাত মাতিছে ।"

লগতে পঢ়ক: প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, লাভাম্বিত হৈছে ৰাজ্যৰ বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : বিৰিঞ্চি কাশ্যপ - CM ON GIR COW CONTROVERSY
Last Updated : July 1, 2025 at 12:59 PM IST