ETV Bharat / politics

UCC আৰু বহুবিবাহ বিধেয়কক লৈ কি ভাবিছে ৰাজ্য চৰকাৰে, মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

CM Himanta Biswa Sarma : বিধানসভা চৌহদত ইনিফৰ্ম চিভিল ক’ড আৰু বহুবিবাহ বিধেয়কক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ৷ এয়া দীৰ্ঘম্যাদী সংস্কাৰ, গতিকে আমি কোনো চমু পথ গ্ৰহণ কৰা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ ৷

CM Himanta Biswa Sarma
চৰ্চিত ইউনিফৰ্ম চিভিল ক’ড আৰু বহুবিবাহ প্ৰসংগ
author img

By ETV Bharat Assamese Team

Published : February 12, 2024 at 10:19 PM IST

2 Min Read
Choose ETV Bharat
UCC আৰু বহু বিবাহ বিধেয়কক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 12 ফেব্ৰুৱাৰী : সমগ্ৰ দেশতে এতিয়া এক চৰ্চিত বিষয় হ’ল ইউনিফৰ্ম চিভিল ক’ড আৰু বহুবিবাহ প্ৰসংগ ৷ অসমতো 6 ফেব্ৰুৱাৰীৰ পৰা চলি থকা বাজেট অধিৱেশনতে গৃহীত হোৱাৰ দিশে বহুবিবাহ বিৰোধী বিধেয়ক ৷ আজি অসম চৰকাৰৰ 2024-25 বৰ্ষৰ বাজেট বিধান সভাত দাখিল কৰা হয় ৷ তাৰ মাজতে সোমবাৰে অসম বিধানসভা চৌহদত ইনিফৰ্ম চিভিল ক’ড আৰু বহুবিবাহ বিধেয়কক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

অসমত বহুবিবাহ বিৰোধী বিধেয়ক আৰু ইউনিফৰ্ম চিভিল ক’ড একত্ৰীকৰণ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাই কয়, “অসম চৰকাৰে বহুবিবাহৰ বিৰুদ্ধে কাম কৰি আছিল আৰু ইনিফৰ্ম চিভিল ক’ড এক নতুন বিষয় সংযোজিত হৈছে ৷ ইউনিফৰ্ম চিভিল ক’ডে কেৱল বহুবিবাহত নিষেধাজ্ঞা আৰোপ কৰিছিল, ইয়াক দেৱানী অপৰাধ গণ্য কৰি তুলিছিল ৷ কিন্তু আমি বহুবিবাহক অপৰাধমূলক অপৰাধ হিচাপে গণ্য কৰি তোলাৰ কথা ভাবি আছিলো ৷ দেশক একেধৰণৰ নীতিৰ প্ৰয়োজন, গতিকে আমি এইটোক একত্ৰীকৰণ কৰিবলৈ ওলাইছো ৷”

অসমত ইউনিফৰ্ম চিভিল ক’ড বলৱৎ কৰা প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়-“ আমি কোন দিশলৈ যাব লাগে ৷ এই প্ৰসংগত মই মোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে এলানি আলোচনাত বহিম ৷ এয়া দীৰ্ঘম্যাদী সংস্কাৰ, গতিকে আমি কোনো চমু পথ গ্ৰহণ কৰা নাই ৷ এই বিষয়ত মোৰ বিশেষজ্ঞ সমিতিখন পুনৰ বৈঠকত বহিব ৷ যদি তেওঁলোক প্ৰতিবেদনৰ সৈতে সাজু হয়, তেন্তে আমি এই অধিৱেশনতে গৃহীত কৰিম অন্যথা পৰৱৰ্তী অধিবেশনত কৰিম ৷” লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে "ইতিমধ্যেই অসম কেবিনেটে ইউনিফৰ্ম চিভিল ক’ড আৰু বহুবিবাহ দুয়োখন বিধেয়কেই আলোচনা কৰিছে ৷ কিন্তু আমি বহুবিবাহ বিধেয়কখন অনুসৰণ কৰি আছিলো ৷"

লগতে পঢ়ক : চৰকাৰী চাকৰি নথকা পৰিয়ালৰ প্ৰাৰ্থীৰ বাবে বাজেটে কঢ়িয়াই আনিছে সুখবৰ