শ্যামকানু মহন্তৰ লগত কাৰ সনা-পিটিকা, বুন্দিয়া-ভুজিয়া সম্পৰ্ক : ক'লে মুখ্যমন্ত্রীয়ে
জুবিন গাৰ্গৰ অনুৰাগীৰ ১০ শতাংশ এতিয়া মোৰে অনুৰাগী হৈ পৰিছে : মুখ্যমন্ত্রী । জুবিনৰ অনুৰাগীৰ প্ৰতিযোগিতা হ'লে মোৰ নামো একৰ পৰা দহৰ ভিতৰত থাকিব ।

Published : October 7, 2025 at 11:54 PM IST
গুৱাহাটী : "মুখ্যমন্ত্রীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল । শ্যামকানু মহন্তৰ লগত আটাইতকৈ ভাল সম্পৰ্ক থকা ব্যক্তিজনেই হ’ল গৌৰৱ গগৈ । গৌৰৱ গগৈৰ সৈতেহে সনা-পিটিকা, বুন্দিয়া-ভুজিয়া শ্যামকানু মহন্তৰ । মোৰ সৈতে নহয় ।" - এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ । মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীগৰাকীয়ে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয়, "যোৰহাট নিৰ্বাচনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেছবুক পোষ্ট চাব । ধন্যবাদ কানু বুলি মই কেতিয়াও টুইট কৰা নাই । সনা-পিটিকা, বুন্দিয়া-ভুজিয়া গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ আছিল । শ্যামকানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছো । মুখ্যমন্ত্রী হ'লে ডিজিপি থাকিব । কিন্তু মোৰ বুন্দিয়া-ভুজিয়া নাছিল । গৌৰৱ গগৈৰ লগত তেওঁৰ ভাল । গতিকে তেওঁৰ লগত যাৰ ভাল, দুদিন পিছত তেওঁ ক'ব মোৰ ল'ৰা-ছোৱালীৰ লগত হিমন্ত বিশ্ব শৰ্মাৰহে ভাল । তেওঁলোক কেনেকে বৃটিছ হ'ল মই গম নাপাও, হিমন্ত দাই হে কৰি দিছে । দুদিন পিছত তেনেকুৱা হ'বগৈ ।"
তদন্তকলৈ জুবিন গাৰ্গৰ অনুৰাগীসকল সন্তুষ্ট :
জুবিন গাৰ্গৰ প্ৰসংগটোক লৈ ৰাজনীতি কৰা হৈছে বুলি সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "এইটোকলৈ সম্পূৰ্ণ ৰাজনীতি কৰি আছে । জুবিন গাৰ্গৰ অনুৰাগীসকল সন্তুষ্ট যে অসম চৰকাৰে এটাৰ পাছত এটাক গ্ৰেপ্তাৰ কৰিছে, তদন্ত কৰিছে । জুবিন গাৰ্গৰ অনুৰাগীসকলে ভাবিবই পৰা নাছিল যে অসম চৰকাৰে ইমান ক্ষীপ্ৰতাৰে কাম কৰিব । প্ৰত্যেকজন জুবিন গাৰ্গৰ অনুৰাগীৰ মেচেজেৰে মোৰ মোবাইল ভৰ্তি হৈ আছে । জুবিন গাৰ্গৰ অনুৰাগীৰ ১০ শতাংশ এতিয়া মোৰে অনুৰাগী হৈ পৰিছে । জুবিন গাৰ্গক ইমান সন্মান কৰা বুলি তেওঁলোকে কৈছে । আনহাতে জুবিন গাৰ্গৰ অনুৰাগীৰ ভিতৰত মই নিজেও আছো । মই নিজেই জুবিন গাৰ্গৰ অনুৰাগী । মোৰ দেউতাৰ গান জুবিনে বনাইছিল । জুবিনৰ অনুৰাগীৰ প্ৰতিযোগিতা হ'লে মোৰ নামো একৰ পৰা দহৰ ভিতৰত থাকিব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "জুবিন জীয়াই থাকোতে জুবিনৰ ভাল কোনে কৈছিল । অখিল গগৈয়ে কৈছিল নে, লুৰীণজ্যোতি গগৈয়ে কৈছিল নে, গৌৰৱ গগৈয়ে কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই কৈছিল । ২০২০ চনত যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল তেতিয়া মই কৈছিলো যে মৃত্যুৰ পাছত জুবিনক সন্মান দিব নালাগে, জীয়াই থাকোতে জুবিনক সন্মান দিয়ক । ভূপেন হাজৰিকাক জীয়াই থাকোতে আমি সন্মান নিদিলো । মৃত্যুৰ পাছত যিমানে সন্মান নিদিও কিয় তেওঁ দেখা নাপাব । ২০২০ চনত মই লিখাটো কোনেও লিখা নাছিল । মই জানিছিলো জুবিনক মৃত্যুৰ পাছত সকলোৱে সন্মান দিব । মই কৈছিলো জীয়াই থাকোতে জুবিনক সন্মান দিয়ক । গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব । নিজৰ ককায়েক হিচাপে আহিব । আমাক লৈ মানুহ ভীষণ সন্তুষ্ট যে জুবিনক আমি ইমানখিনি সন্মান দিছো । আৰু সন্মান দিব লাগিব আৰু তাৰো পৰিকল্পনা আমি কৰি আছো ।"
ৰাজনীতি কৰিলে মোৰ লাভ হ'ব :
মুখ্যমন্ত্রীয়ে কয়, "জুবিনৰ দোষীসকলক অনা হৈছে । আজি ছিংগাপুৰৰ পৰা এজন হ'লেও ধৰি আনিলো । কেতিয়াবা অসম আৰক্ষীয়ে আগতে পাৰিছিল নেকি । ইয়াক লৈ ৰাজনীতি কৰাটো মই নিবিচাৰো । এই কথাটো লৈ ৰাজনীতি কৰিলে লাভ মোৰ হ'ব । গতিকে ৰাজনীতি কৰক-নকৰক কংগ্ৰেছে চাই লওক । নকৰিলে মোৰ লোকচান আৰু কৰিলে মোৰ লাভ ।"
উচতনি দিয়াৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে ৰুজু হ'ব গোচৰ :
গৌৰৱ গগৈৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "জুবিনৰ মৃত্যুকলৈ বেলেগ ৰাজ্যত হ'লে দোকান-পোহাৰ জ্বলাই দিব বুলি কৈছিল । এইটো এটা উচতনিমূলক বক্তব্য । প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কৈছিল যে বেলেগ ৰাজ্যত এনেদৰে শিল্পীৰ মৃত্যু হোৱা হ'লে দোকান-পোহৰ জ্বলাই দিলেহেঁতেন । তাৰ মানে তেওঁ অসমৰ দোকান-পোহাৰ জ্বলাই দিব লাগে কৈছিল । তেওঁ দোকানীবিলাকক বেয়া পায় । শ্ৰম কৰি থকা মানুহবোৰক বেয়া পায় । ইয়াৰ বাবে গৌৰৱ গগৈৰ ওপৰত এফায়াৰ ৰেজিষ্টাৰ হৈ আছে । তেওঁ দোকান-পোহাৰ জ্বলাই দিয়াৰ কথা কৈ পৰোক্ষভাৱে দোকান-পোহাৰ জ্বলাই দিয়াৰ কথাকে ক'লে । উচতনি দিয়াৰ বাবে গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব । বিমান বন্দৰ, সৰুসজাই আদিত গণ্ডগোল কৰা সকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ'ব । কোনো এজনো সাৰি যাব নোৱাৰে । অসমখন নেপাল নেপাল কৰি থাকিম বুলি কৈ কোৱা কাকো মই এৰি নিদিও ।"
লুৰীণজ্যোতি গগৈৰ প্ৰসংগ আৰু ফটুৱা :
লুৰীণজ্যোতি গগৈৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "জুবিন গাৰ্গে লুৰীণজ্যোতি গগৈৰ দলক ফটুৱা দল বুলি কৈছিল । তাৰ পিছত আৰু মই কি ক'ম । লুৰীণজ্যোতি গগৈৰ নামৰ আগত 'ফটুৱা'টো যোগ হৈ গৈছে ।"
জুবিন গাৰ্গ অসমীয়া ভাৰতীয় আছিল :
জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "গৌৰৱ গগৈয়ে জুবিনক কি ন্যায় দিব । জুবিন গাৰ্গ অসমীয়া ভাৰতীয় আছিল । গৌৰৱ গগৈৰ দুয়োটা সন্তান বিদেশী কৰি থৈছে । তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব । ইমান সমালোচনাৰ পাছতো নাগৰিকত্বটো সলনি কৰা নাই । অসমৰ মুখ্যমন্ত্রী হ'ব বিচাৰি দুই সন্তানক ভাৰতীয় কৰাৰ বাবে আবেদন কৰিব লাগিছিল । এই ঘোষণা কৰিব লাগিছিল । তাৰ মানে অসমৰ মুখ্যমন্ত্রীৰ বাসভৱনত চাৰিজন মানুহ থাকিব । গৌৰৱ গগৈ ভাৰতীয় আৰু বাকী তিনিটাই বিদেশী । কোন বিষয়া যাব তেওঁৰ ওচৰত । চাৰি মাহ হৈ গ'ল এই বিতৰ্কটো । নিজৰ সন্তান দুটাক এতিয়া ভাৰতীয় কৰি ল'ব লাগে । যিজন মানুহে নিজৰ সন্তানক বিদেশী কৰি ৰাখিছে তেওঁ হিমন্ত বিশ্ব শৰ্মা বা আন কোনো লোককে সমালোচনা কৰাৰ কোনো অধিকাৰ নাই ।"
অৰুণোদয়ক সমালোচনা কৰাজন নিৰ্বাচনত পৰাজিত হোৱাটো নিশ্চিত : মুখ্যমন্ত্রী
ইফালে আজি মুখ্যমন্ত্রীয়ে গুৱাহাটীৰ খানাপাৰাত কেন্দ্ৰীয়ভাৱে ৰাজ্যৰ ৩৮ লাখৰো অধিক মহিলালৈ ১,২৫০ টকাকৈ প্রদান কৰা অৰুণোদয় ৩.০ ধ্বজাবাহী বিত্তীয় সমৰ্থন আঁচনিৰ শুভাৰম্ভণি কৰে । ৰাজ্যজুৰি এই আঁচনি মুকলি কৰা হয় । এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালে প্ৰতি মাহে ১,২৫০ টকাকৈ আৰু লগতে এল পি জি ক্ৰয়ত অতিৰিক্ত ২৫০ টকাকৈ লাভ কৰিব । এই সন্দৰ্ভত বিৰোধীয়ে কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "আজি কোনো পাঠদান ব্যাহত হোৱা নাই । মধ্যাহ্ন ভোজনৰ সময়ত এই সভাখন কৰা হৈছে । গতিকে এইবিলাক সমালোচনাৰ কোনো যুক্তি নাই । বিৰোধীসকল নিশ্চয় মাকৰ পেটৰ পৰা জন্ম লোৱা নাই । নহ'লে মাকক কিবা দিলে কোনোবাই আপত্তি কৰে নেকি । ভালহে পাব লাগে । বিৰোধীত মই থাকিলেও মোৰ মাক ১২৫০ টকা দিয়াৰ বাবে মই মুখ্যমন্ত্রীক এই আঁচনিৰ বাবে ধন্যবাদ দিলো হয় । তেতিয়া ক'ৰবাত বিৰোধীৰো ভোট বাঢ়িল হয় । যিমানে অৰুণোদয়ক সমালোচনা কৰিব কোনো মিডিয়াই বচাব নোৱাৰে কংগ্ৰেছক । অৰুণোদয়ৰ শক্তি মিডিয়াৰ শক্তিতকৈ বহুত ডাঙৰ শক্তি । ফেব্ৰুৱাৰী মাহত অসমৰ মাতৃসকলক প্ৰধানমন্ত্রীৰ উপস্থিতিত আৰু উপহাৰ দিয়া হ'ব ।"
মুখ্যমন্ত্রীয়ে লগতে কয়, "অৰুণোদয় বহুত শক্তিশালী আঁচনি । যিজনে ইয়াৰ সমালোচনা কৰিব তেওঁ নিৰ্বাচনত হাৰাটো নিশ্চিত ।"

