ঝাৰখণ্ডৰ মন্ত্রী চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি : কি ক'লে অসমৰ মুখ্যমন্ত্রীয়ে ? - Himanta Biswa Sarma
Snooping on Champai Soren : চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাটো অত্যন্ত উদ্বেগৰ বিষয় বুলি মন্তব্য ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ চম্পাই ছোৰেণৰ ফোন টেপিং কৰাৰো সন্দেহ প্ৰকাশ মুখ্যমন্ত্ৰীগৰাকীৰ ৷ চম্পাই ছোৰেণ নক্সাল নে সন্ত্ৰাসবাদী ? প্ৰশ্ন ড৹ শৰ্মাৰ ৷

Published : August 28, 2024 at 3:46 PM IST
গুৱাহাটী, ২৮ আগষ্ট : ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেবিনেট মন্ত্ৰী চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । বুধবাৰে দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা এখন সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়- ‘‘আদিবাসী নেতা তথা ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেবিনেট মন্ত্ৰী চম্পাই ছোৰেণে ৩০ আগষ্টত বিজেপিত যোগদান কৰিব । পদত্যাগ নকৰা পৰ্যন্ত তেওঁ এগৰাকী কেবিনেট মন্ত্ৰী । কিন্তু এগৰাকী সতীৰ্থ কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে চৰকাৰখনে চোৰাংচোৱাগিৰি কৰাটো অত্যন্ত উদ্বেগৰ বিষয় ।’’
ড৹ শৰ্মাই কয়, ‘‘এমাহ পূৰ্বে চম্পাই ছোৰেণ দিল্লীলৈ গৈ তিনিদিন আছিল । ইয়াৰ পিছত পুনৰ ২৬ আগষ্টত কলকাতা হৈ দিল্লীলৈ গৈছিল আৰু দুয়োবাৰেই তেওঁ হোটেল তাজত আছিল । দুয়োবাৰে তেওঁক ঝাৰখণ্ড আৰক্ষীৰ বিশেষ শাখাৰ (এছ বি) ফালৰ পৰা নিৰীক্ষণত ৰখা হৈছিল । এগৰাকী মন্ত্ৰীৰ বিৰুদ্ধে এনেদৰে চোৰাংচোৱাগিৰি কৰাটো নেতিবাচক পৰম্পৰা । চোৱাংচোৱাগিৰি কৰাৰ বাবে এছ বিয়ে নিয়োগ কৰা দুজন উপ-পৰিদৰ্শকক হোটেলত ধৰা পেলোৱা হৈছিল আৰু দুয়োজনকে দিল্লী আৰক্ষীক গতাই দিয়া হয় । বৰ্তমান এছ বিৰ দুয়োজন বিষয়া চাণক্যপুৰী থানাত আছে । এই সন্দৰ্ভত চম্পাই ছোৰেণে এজাহাৰো দাখিল কৰিছে ।’’
তদুপৰি তেওঁ কয়, ‘‘এছ বিৰ দুয়োজন বিষয়াই স্বীকাৰ কৰিছে যে তেওঁলোকক বহুদিনৰ পৰাই চম্পাই ছোৰেণক নিৰীক্ষণত ৰখাৰ বাবে দায়িত্ব দিয়া হৈছিল আৰু দায়িত্ব দিছিল এ ডি জি পি প্ৰভাত কুমাৰে । মোৰ ওচৰত এছ বিৰ দুয়োজন বিষয়াৰ পৰিচয় আৰু ফটো আছে যদিও এতিয়া ৰাজহুৱা নকৰো ।’’
স্বাধীন ভাৰতত কেতিয়াও এনে ঘটনা ঘটা নাই বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এগৰাকী সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে এছ বি লগোৱাটো ডাঙৰ ঘটনা । ব্যক্তিগত গোপনীয়তা ভংগ কৰিব বিচৰা হৈছে । সন্দেহ কৰা হৈছে যে চম্পাই ছোৰেণৰ ফোনো টেপিং কৰা হৈছে । এইটো এটা সাধাৰণ ঘটনা নহয় । ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে । কংগ্ৰেছ আৰু জে এম এমে সংবিধান ৰক্ষাৰ কথা কয় । মানুহৰ ব্যক্তিগত ক্ষেত্ৰত আক্ৰমণ কৰাৰ অধিকাৰ সংবিধানে দিয়া নাই । চম্পাই ছোৰেণ নক্সাল নে সন্ত্ৰাসবাদী যে তেওঁৰ বিৰুদ্ধে এনেদৰে চোৰাংচোৱা লগাবলগীয়া হৈছে ।’’
মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘বিমানত একেলগে আহি হোটেলত থাকি চম্পাই ছোৰেণৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰা এছ বিৰ বিষয়া দুজনৰ হোটেলৰ কোঠালৈ এগৰাকী মহিলাৰো আগমন ঘটিছিল । মহিলা এগৰাকী অহাৰ কথা বিষয়া দুজনে নিজে স্বীকাৰ কৰিছে । নিশ্চয় কিবা গভীৰ ষড়যন্ত্ৰ আছিল । এইটো এটা অত্যন্ত গুৰুতৰ বিষয় । ইয়াৰ তদন্ত হ'ব লাগে । ৩০ আগষ্টত মই ঝাৰখণ্ডলৈ যাম আৰু ৰাজ্যপালক সাক্ষাৎ কৰিম ।’’
মুখ্যমন্ত্ৰীয়ে কয়, ‘‘কংগ্ৰেছ আৰু জে এম এম সংবিধানৰ ৰক্ষক নহয় । এখন চৰকাৰে এজন সতীৰ্থ মন্ত্ৰীৰ বিৰুদ্ধে চোৰাংচোৱা লগোৱাটো ডাঙৰ কথা ৷ ইয়াৰ পৰাই অনুমান কৰি পাৰি ঝাৰখণ্ডৰ অৱস্থা কি আৰু কি হ'বলৈ গৈ আছে ।’’
লগতে পঢ়ক : বিজেপিত যোগদান কৰিব চম্পাই ছোৰেনে: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই কৰিলে নিশ্চিত
মইতো বিচাৰো হেমন্ত ছোৰেনো বিজেপিলৈ আহক: ড৹ হিমন্ত বিশ্ব শৰ্মা

