চৰকাৰে এছ আই টিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি কেবিনেটত দাখিল কৰিব: মুখ্যমন্ত্ৰী
কেবিনেটত আলোচনাৰ পাছত কৰা হ'ব ৰাজহুৱা ৷ সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া ৷

Published : September 10, 2025 at 8:52 PM IST
গুৱাহাটী: অৱশেষত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি আজি ১০ ছেপ্টেম্বৰত এছ আই টিয়ে দাখিল কৰিলে তদন্তৰ প্ৰতিবেদন । সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ সন্দৰ্ভত মুখ্যমন্ত্রীৰ নিৰ্দেশত তদন্ত কৰাৰ বাবে গঠন কৰা হৈছিল এছ আই টি । এছ আই টি গঠনৰ পাছত বিগত সময়ত বহুবাৰ মুখ্যমন্ত্রীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে কিছুমান গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল ।
আনহাতে মুখ্যমন্ত্রীয়ে ১০ ছেপ্টেম্বৰত এছ আই টিৰ তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ কথা সদৰী কৰিছিল । সেই অনুসৰি এছ আই টিয়ে তদন্ত প্ৰক্ৰিয়া সমাপ্ত কৰি বুধবাৰে বিয়লি প্ৰতিবেদন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত আনুষ্ঠানিকভাৱে প্ৰদান কৰে ।
দিছপুৰৰ লোকসেৱা ভৱনত বিশেষ তদন্তকাৰী গোটৰ হৈ আৰক্ষীৰ শীৰ্ষ বিষয়া মুন্না প্ৰসাদ গুপ্তাই প্ৰতিবেদন মুখ্যমন্ত্রীক প্ৰদান কৰে । উপস্থিত আছিল আৰক্ষী বিষয়া ৰ’জী কলিতা, প্ৰণৱজ্যোতি গোস্বামী আৰু মৈত্ৰেয়ী ডেকা । প্ৰতিবেদন গ্ৰহণ কৰাৰ পাছতে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।
নিজৰ প্ৰতিক্ৰিয়াত মুখ্যমন্ত্রীয়ে কয়, ‘‘২০২৫ চনৰ ১৭ ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকীৰ শ্বেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰতবিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে । এই বিস্তৃত তদন্তৰ সময়ত এছ আই টিয়ে আশ্চৰ্যকৰ তথ্য উদঘাটন কৰিছে, যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহত্তৰ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে । এছ আই টিয়ে আলী তৌকীৰ শ্বেখৰ বৃহত্তৰ ভাৰতবিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে । তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল, সেই বিষয়েও অনুসন্ধানত আলোকপাত কৰা হৈছে ।’’
On 17th February, 2025 the Assam Cabinet constituted a Special Investigation Team (SIT) to investigate the anti-India activities of one Pakistani national, Ali Tauqeer Sheikh, and his associates.
— Himanta Biswa Sarma (@himantabiswa) September 10, 2025
During the course of this exhaustive investigation, the SIT has unearthed… pic.twitter.com/dWJ0MAEXzj
মুখ্যমন্ত্রীয়ে লগতে কয়, ‘‘অসম চৰকাৰে এতিয়া এছ আই টিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব । বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব ।’’
লগতে পঢ়ক: সেমেকা বহুচৰ্চিত '১০ ছেপ্টেম্বৰ' ! মুখ্যমন্ত্ৰীৰ হাতত পৰিল এছ আই টিৰ তদন্ত প্ৰতিবেদন

