অখিল গগৈৰ কথা শুনিব ৰাইজে নে ৰাইজৰ কথামতে চলিব : মুখ্যমন্ত্ৰী
চিৰাং জিলাৰ দুখনকৈ সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । BPF তথা অখিল গগৈক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

Published : August 5, 2025 at 9:33 PM IST
বঙাইগাঁও : বিটিচি পৰিষদীয় নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টীয়ে । মঙলবাৰে চিৰাঙৰ বিজনী বিদ্যাপীঠ বিদ্যালয়ৰ পথাৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় ।
থুৰিবাৰী আৰু সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয়, "যোৱা ৫ বছৰত আমি বিটিআৰলৈ শান্তি আনিলো । অহা ৫ বছৰত আমি উন্নয়নৰ ঢল বোৱাই দিব পাৰিম । বিটিচিত আমাৰ চৰকাৰ নাই বাবে আমি অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ আমাৰ লোকক দিব নোৱাৰো । অনুৰোধ কৰিবলগীয়া হয় । যদি বিজেপিৰ চৰকাৰ আমি বিটিআৰত কৰিব পাৰো, তেন্তে পোনে পোনে আঁচনিসমূহ দিব পাৰিম ।"
অখিল গগৈৰ সভাত বিজেপি জিন্দাবাদ সন্দৰ্ভত কয় যে তেওঁ য'তেই যাব ৰাইজ আমাৰ লগত আছে সেয়া যিকোনো দলৰে সভা নহওক কিয় । অগপ সন্দৰ্ভত কয় য'ত যিকিব পাৰিব তাত খেলক নহ'লে বিজেপিক হৰুৱাবলৈ প্ৰাৰ্থী দিব নালাগে বুলি কয় মুখ্যমন্ত্ৰীয়ে ।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগত থাকে যোগান মন্ত্ৰী কৌশিক ৰায়, বিজনী বিধায়ক অজয় কুমাৰ ৰায়, ৰাজ্যিক বিজেপিৰ সম্পাদক পল্লবলোচন দাস, জিলা বিজেপি সভাপতি ৰতন ৰায় । আনহাতে প্ৰথমখন সভাৰ অন্তত বিজনীৰ পৰা পোনে পোনে পানবাৰীত যায় মানাহ সেৰফাং পৰিষদীয় সমষ্ঠিৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে ।

চিৰাঙৰ মানাস সেৰফাং পৰিষদীয় সমষ্টিৰ পানবাৰী হাইস্কুল পথাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা:
বিজনীৰ পৰা পোনে পোনে আহি পানবাৰীৰ সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰীজনে । সভাৰ শেষত সংবাদ মাধ্যমৰ আগত কয়, "অখিল গগৈৰ কথা শুনিব ৰাইজে নে ৰাইজৰ কথামতে চলিব ? অখিল গগৈয়ে বিজেপি কৈছে লগত থকা গোটেই মুছলমানে জিন্দাবাদ দিছিল । এইতোটো আৰু সাংঘাতিক কথা । বিটিচিত যদি কোনোবাই হিংসা বিয়পাব খুজিছে সেয়া বেয়া কথা ।"

তেওঁ লগতে কয়, "বিজেপিয়ে ২০ আগষ্টৰ পিচত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব । মুখ্যমন্ত্ৰী ২০ তাৰিখে বিটিচিৰ নিৰ্বাচনী প্ৰচাৰ সামৰি তালিকা বনাব । হাগ্ৰামা-প্ৰমোদৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়ে বিজেপিয়ে । ট্ৰাইবেল বেল্ট ব্লক আৰু ষষ্ট অনুসুচিত এলেকা দুটা পৃথক একাকাৰ কৰিব নালাগে । এতিয়ালে মই ১১ টা সমষ্টি ঘূৰিছো বিজেপিৰ ভাল দেখিছো । বিটিচিৰ বহু লোকৰ আজিও ভূমিৰ নথি নাই, আমিয়ে কৈ আছো ২০০৩ ৰ বিটিচি চুক্তিৰ আগৰ পৰা থকাসকলক ভূমি দিম ।"

