নগাঁও: “য়ে তো ট্ৰেইলৰ হ্যে, পিকচাৰ অভি বাকী ।” বলিউড চিনেমাৰ এই বচনেৰে নিৰ্বাচনী প্ৰচাৰ চলালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । অসমৰ মুখ্যমন্ত্ৰী হিচাপে চলিত পাঁচ বছৰত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ঢাক-ঢোল বজাই সোমবাৰে নগাঁৱত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
নগাঁৱৰ বৰঘাট চাৰিআলিৰ সমীপৰ পথাৰত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত এক বিশাল সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই জনতাক উদ্দেশ্যি কয়, “চলিত পাঁচ বছৰত গ্ৰহণ কৰা আঁচনিসমূহ কেৱল চিনেমাৰ ট্ৰেইলৰ অথবা থিয়েটাৰ আৰম্ভ হোৱাৰ পূৰ্বে প্ৰদৰ্শন কৰা নৃত্যনাটিকাৰ দৰে । প্ৰকৃত চিনেমা অথবা থিয়েটাৰ হ’ব অহা পাঁচ বছৰতহে ।” এইবাৰ ব'হাগৰ পৰা আগন্তুক ব'হাগলৈকে দুটা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথাও উল্লেখ কৰি বিজেপিৰ পক্ষত ভোটদান কৰিবলৈ উপস্থিত ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ।
অতিৰিক্ত অৰুণোদয় আঁচনি ঘোষণা
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত নগাঁৱৰ বিশাল সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই নগাঁও জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে অতিৰিক্ত অৰুণোদয় আঁচনি ঘোষণা কৰে । জিলাখনৰ কলিয়াবৰ, নগাঁও বটদ্ৰৱা, চামগুৰি, ৰহা, ধিং আৰু ৰূপহী সমষ্টিৰ দুখীয়া পৰিয়ালৰ বাবে প্ৰতিটো সমষ্টিত অতিৰিক্ত চাৰি হাজাৰকৈ অৰুণোদয় আঁচনি প্ৰদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

চাকৰিৰ নামত দালালি কৰি বিশাল অট্টালিকা নিৰ্মাণ কৰিছিল কংগ্ৰেছ নেতাই
সোমবাৰে নগাঁৱৰ বৰঘাটত আয়োজিত অগপ-বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি বিগত কংগ্ৰেছ চৰকাৰৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী । কংগ্ৰেছ চৰকাৰ শাসনত থকাৰ সময়ত কংগ্ৰেছৰ নেতাসকলে চাকৰিৰ নামত দালালি কৰি বিশাল বিশাল অট্টালিকা নিৰ্মাণ কৰা বুলি ৰাজহুৱা সভাৰ ভাষণ প্ৰসংগত তেওঁ উল্লেখ কৰে ।
এ পি এছ চি কেলেংকাৰী সন্দৰ্ভত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ প্ৰসংগও উল্লেখ কৰি ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীৰ মন্তব্য, “কংগ্ৰেছৰ শাসনকালত চৰকাৰী চাকৰিৰ নামত কেৱল ধনৰ লেনদেন হোৱাই নাছিল, আনকি বহু ছোৱালীয়ে আৰু কিবাকিবি দিব লাগিছিল বুলিও প্ৰতিবেদনত উল্লেখ আছে ।”

নিজৰ চাৰিবছৰীয়া কাৰ্যকালত ডেৰ লাখ চাকৰি দিয়াৰ কথা উল্লেখ কৰি সম্পূৰ্ণ বিনামূলীয়া নিযুক্তি প্ৰদান কৰা বুলি ভাষণত মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।
কংগ্ৰেছে জনতাক খুৱাইছিল পঞ্চামৃত
কংগ্ৰেছ শাসনকালত জনতাক কেৱল পঞ্চ অমৃত খুৱাইছিল বুলিও কংগ্ৰেছক কটাক্ষ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ শাসনত থকাৰ সময়ত কেৱল লুঙী, ধুতি, সূতা, কম্বল আৰু আঁঠুৱা এই পাঁচ আঁচনি প্ৰদানেৰে ৰাইজক আঁভুৱা-ভৰাৰ বাহিৰে আন একো কৰা নাছিল বুলি কংগ্ৰেছৰ সমালোচনাত মুখৰ হৈ পৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মা ।
মুখ্যমন্ত্ৰীৰ মুখত পুনৰ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগ
পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ সোমবাৰে নগাঁৱত উপস্থিত হোৱা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মুখত পুনৰ উচ্চাৰিত হ’ল সাংসদ গৌৰৱ গগৈৰ পাকিস্তান সংযোগ প্ৰসংগ । ভাৰতত থাকি কোনো লোকে পাকিস্তানৰ দৰমহা লৈ থাকিলে ইয়াৰ ব্যৱস্থা আইনে ল’ব বুলি সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰি অহা ১০ চেপ্টেম্বৰৰ পূৰ্বে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ, পত্নীৰ দৰমহা আৰু সন্তানৰ নাগৰিকত্ব আদি সন্দৰ্ভত প্ৰতিবেদন ৰাজহুৱা কৰা হ’ব বুলি পুনৰ এবাৰ হুংকাৰ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
দেওবাৰে ধিং বিধানসভা সমষ্টিৰ ডুমডুমীয়াত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৱা কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়িকা শিৱামণি বৰাৰ বাহনত দুৰ্বৃত্তই কৰা আক্ৰমণ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ দলৰ মাজত হোৱা প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত, ধনৰ ব্যাপক লেনদেন আদিৰ বাবেই দলীয় সংঘাতৰ পৰিণতিত আক্ৰমণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰি ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আনিবলৈ নগাঁৱৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিয়া বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে ।
সোমবাৰে নগাঁৱৰ বৰঘাটত আয়োজিত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ সভাত বিধায়ক ৰূপক শৰ্মা, দিপ্লুৰঞ্জন শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, বিজেপি নেতা অভিজিৎ নাথসহ বহুকেইগৰাকী বিজেপি নেতা, জিলা পৰিষদ, আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থীসকলো উপস্থিত থাকে ।