ETV Bharat / politics

ৰাহুল গান্ধীৰ ঘৰৰ গোপন মিটিঙৰ কথাও কৈ দিব পাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই; কিন্তু নকয়, কিয় ?

কেৱল ভূপেন বৰাৰ ভৱিষ্যদ্বাণী নহয়, দিল্লীত ৰাহুল গান্ধীৰ ঘৰত হোৱা গোপন মিটিঙত কি কি আলোচনা হৈছিল, তাকো কৈ দিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 4, 2025 at 10:54 PM IST

|

Updated : June 5, 2025 at 9:34 AM IST

5 Min Read
Choose ETV Bharat

গুৱাহাটী: ‘‘ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া, গৌৰৱ গগৈ আৰু মোৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে, মোৰ ঘৰত এটাও বিদেশী নাই, এপ্ৰিললৈ ভূপেন বৰাই বহুত অপমান পাবলৈ আছে’’ এই কথাখিনি আন কাৰো নহয়, স্বয়ং মুখ্যমন্ত্ৰীৰ ৷

বুধবাৰে আকৌ এবাৰ যেন অগ্নি বৰষিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক লৈ বুধবাৰে ক্ষুৰধাৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে অসম কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাক লৈ পুনৰবাৰ ভৱিষ্যদ্বাণী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

আচল মুৰব্বীজনেই প্ৰ’ পাকিস্তান

অসমত গৌৰৱ গগৈৰ কংগ্ৰেছ সভাপতিৰূপে ৰাজনৈতিক সবল আত্মপ্ৰকাশৰ পিছত বিজেপিৰ ৰণকৌশল সলনি হ’ব নেকি ? গৌৰৱ গগৈয়ে ৩১ মে’ৰ পৰা অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত দলীয় কামত ব্যস্ত ৷ সমান্তৰালভাৱে ব্যস্ত মুখ্যমন্ত্ৰীক দিছে প্ৰত্যুত্তৰ ।

সাংবাদিকৰ এই প্ৰসংগত সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য এনেধৰণৰ “অসমত বিজেপিৰ লগতে কংগ্ৰেছৰ কোনো যুঁজেই নহয় । নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ লগত ৰিজাব পৰা কোনো ৰাস্তাই নাই । আপোনালোকে চাওক, পাকিস্তান ভাৰতৰ যুদ্ধ হওঁতে ৰাহুল গান্ধীয়ে কাক সমৰ্থন কৰিলে ? ৰাহুল গান্ধীৰ গোটেই দলটোৱে কাক সহায় কৰিলে ? অসমৰ মানুহ ভাৰতীয় । অসমৰ মানুহে কেৱল অসমৰ নিউজ চেনেল নাচায়, ৰাষ্ট্ৰীয় টিভি চেনেলো চায় । গতিকে ভাৰতীয় ৰাজনৈতিক প্ৰেক্ষাপটত ৰাহুল গান্ধীক ভোট দিয়া মানে পাকিস্তানক ভোট দিয়া ৷ আচল মুৰব্বীজনেই প্ৰ’ পাকিস্তান ৷ কালিতো মধ্যপ্ৰদেশক লৈ কি কি কথা কৈছে আপোনালোকে নিজেই শুনিছে ।’’

মুখ্যমন্ত্ৰীৰ মতে অসমত বিজেপিৰ বাদে আন কোনো বিকল্পই নাই ৰাইজৰ ওচৰত । ‘‘সেই কাৰণে নেশ্যনেলিজম, আইডেণ্টিটি আৰু ডেভল’পমেণ্ট— অসমত বিজেপিৰ কোনো বিকল্পই নাই । আজি কোনে সিদ্ধান্ত ল’ব পাৰে যে অসমীয়া মানুহক আৰ্মচ লাইচেন্স দিব পাৰে । কংগ্ৰেছে এই সিদ্ধান্ত ল’ব পাৰিলেহেঁতেন নে ? বৰদোৱাৰ পৰা উচ্ছেদ কৰি দিম, কাজিৰঙাত এটাও গঁড় হত্যা হ’ব নিদিও । বৰপেটা সত্ৰৰ ফালে ৰঙাচকু দিব নিদিও । এটা শিশুৰো বাল্যবিবাহ হ’ব নিদিও ৷ এই সিদ্ধান্ত কোনে ল’ব পাৰে ? গতিকে বিজেপি অসমীয়া মানুহৰ এক কমপালচন ৷ কাৰণ অসমীয়া মানুহে যি বিচাৰে তাক বিজেপিয়ে দিব পাৰে । বিজেপিয়ে যি ৰাজনীতি কৰে, সেয়া অসমীয়া মানুহৰ আদৰ্শক লৈ কৰে । এতিয়া আগষ্ট মাহৰ পৰা মাৰ্চ মাহলৈ কিমান কাম ওলাব ! মানুহ থিয়ই দি থাকিব নোৱাৰিব ৷’’

আনহাতে, মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে মন্তব্য কৰিছিল যে মুখ্যমন্ত্ৰী শৰ্মা আৰু তেওঁৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে । গৌৰৱৰ মতে মুখ্যমন্ত্ৰীয়ে হিন্দু-মুছলিমৰ ৰাজনীতি কৰে, গৌৰৱে নিজে মূল্যবোধৰ ৰাজনীতি কৰি আহিছে ৷

এই মন্তব্যৰ প্ৰত্যুত্তৰ হিচাপে মুখ্যমন্ত্ৰীয়ে কয়, “গৌৰৱ গগৈ আৰু মোৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে । মোৰ ঘৰত এটাও বিদেশী নাই । ৰাজনীতিৰ পথাৰত সংঘৰ্ষ কৰি কৰি মই এইখিনি পাইছোহি ৷ মোৰ দেউতাতো মুখ্যমন্ত্ৰী নাছিল । কিমান গালি-গালাজ কৰিছে মোক, কত যুঁজি যুঁজি মই ইয়ালৈকে আহিছো । মোৰ যাত্ৰাটো হ’ল সংঘৰ্ষ ৷ সোণৰ চামুচ মুখত লৈতো মই জন্মাই নাই ৷’’

এপ্ৰিললৈকে বহুবাৰ অপমানিত হ’ব ভূপেন বৰা

অসম প্ৰদেশ কংগ্ৰেছৰ সদ্য প্ৰাক্তন সভাপতি ভূপেন বৰাক লৈ পুনৰ এবাৰ ভৱিষ্যতবাণী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ মুখ্যমন্ত্ৰীয়ে কয় “এপ্ৰিললৈকে বহুবাৰ অপমানিত হ’ব ভূপেন বৰা ।”

শেহতীয়াকৈ এক ৰাজনৈতিক চৰ্চা চলিছে যে শীঘ্ৰেই ভূপেন বৰাই কংগ্ৰেছ এৰি যোগদান কৰিব বিজেপিত । অৱশ্যে ভূপেন বৰাই নস্যাৎ কৰিছে এই কথা । এই প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাৰ মন্তব্য, “ভূপেন বৰাই বিজেপিত যোগদান কৰে নে নকৰে সেয়া তেওঁৰ নিজৰ কথা । মইতো কথা নাপাতো তেওঁৰ লগত । তথাপি মই কৈ থওঁ অহা এপ্ৰিললৈ তেওঁ বহুত অপমান পাবলগীয়া আছে ।’’

ৰাহুল গান্ধীৰ ঘৰত হোৱা মিটিঙৰ কথাও কৈ দিব পাৰে হিমন্ত বিশ্ব শৰ্মাই

বুধবাৰৰ সংবাদমেলত মুখ্যমন্ত্ৰী শৰ্মাই ঘটালে আন এক বিস্ফোৰণ । মুখ্যমন্ত্ৰীৰ ঘোষণা যে তেওঁ দিল্লীত ভূপেন বৰাৰ ভৱিষ্যতে কি হ’ব সেয়াই নহয়, ৰাহুল গান্ধীৰ ঘৰত হোৱা মিটিঙৰ ভিতৰুৱা কথাও কৈ দিব পাৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত এনেদৰে কয় ‘‘কিন্তু ভূপেন বৰাৰ প্ৰতি মোৰ সহানুভূতি আছে । মই ফ্লাইটতে কৈছিলো যে মে’ত তোমাৰ খটম । এতিয়া কৈছো যে এ আই চি চিতো মোৰ মানুহ আছে । হিমন্ত বিশ্বক ভালপোৱা মানুহ ঘৰতে আছে । মোৰ খবৰ দি থাকে । কেইদিনমান আগতে ৰাহুল গান্ধীৰ ঘৰত এখন মিটিং হৈছিল ৷ মোক সোধক মই একেদৰেই লাইন লাইনকৈ কৈ দিম । মই কৈ দিব নোৱাৰো । ক’লে তাত থকা এজন-দুজনক কৈ দিয়ে ৷’’

ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম কংগ্ৰেছৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি কয় যে দলটোৱে বাংলাদেশৰ পৰা প্ৰায় ২০০০ ফেচবুক একাউণ্ট চলাই আছে ৷ যিবোৰৰ যোগেদি অপপ্ৰচাৰ চলাই আহিছে । "অসম কংগ্ৰেছে বাংলাদেশক ভিত্তি কৰি প্ৰায় ২০০০ ফেচবুক একাউণ্টৰ সহায় লৈছে বুলি আমি নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা তথ্য লাভ কৰিছো । আমি এই বিষয়ত গুৰুত্ব সহকাৰে তদন্ত কৰি আছো । ইয়াৰ লগতে তেওঁলোকৰ ৰাজহুৱা সভাত এটা বিশেষ সম্প্ৰদায়ৰ অস্বাভাৱিকভাৱে বৃহৎ উপস্থিতিও দেখা গৈছে'' বুলি সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীৰ আত্মসমৰ্পণ ! ৰাহুলৰ মন্তব্য়ই জুই জ্বলাইছে বিজেপি-কংগ্ৰেছৰ মাজত

Last Updated : June 5, 2025 at 9:34 AM IST