মাজুলী: পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলসমূহৰ মাজত । ভোটাৰক আকৰ্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ কৌশল অৱলম্বন কৰিছে ৰাজনৈতিক দলসমূহে । বুধবাৰে মাজুলীত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ কথা আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীগৰাকী আহিব বুলি মাজুলীৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোক গোট খাইছিল সত্ৰপীঠ মাজুলীৰ শেনচোৱা কাঠনিআটি ভূৰামৰা অঞ্চলৰ অনিৰুদ্ধ দেৱ সমন্বয় ক্ষেত্ৰত ।
পিছে শেষ মুহূৰ্তত প্ৰতিকূল বতৰৰ বাবে বাতিল হল মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰচাৰ সভা । মুখ্যমন্ত্ৰীকগৰাকীক চাবলৈ সভাস্থলীৰ লগতে হেলিপেডত অজস্ৰ লোকে ভিৰ কৰিছিল যদিও শেষ মুহূৰ্তত নিৰাশ হৈ উভতিল এইসকল লোক । মুখ্যমন্ত্ৰীগৰাকীৰ অবিহনে অনুষ্ঠিত হয় এই প্ৰচাৰ সভা । মাজুলীৰ বিধায়কগৰাকীৰ লগতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে উপস্থিত ৰাইজক উদ্দেশ্যি কৰি ভাষণ প্ৰদান কৰে ।
ইয়াৰ পিছতে সাংবাদিকৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে কয়, "আমাৰ মিত্ৰজোঁট এজিপি, বিজেপি, গণশক্তি তিনিওটা দলৰ মাজুলী সমষ্টি ভিত্তিক এক বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় । এই সমাৱেশত মুখ্যমন্ত্ৰী উপস্থিত হোৱাৰ কথা আছিল । কিন্তু বেয়া বতৰৰ বাবে তেখেত আহি উপস্থিত হ'ব নোৱাৰিলে । তেখেতে টেলিফোনযোগে এক বাৰ্তা জনাই যে মে' মাহত তেওঁ মাজুলীলৈ আহিব ।"
তেওঁ লগতে কয়, "যিটো আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰ দহ হাজাৰ টকাকৈ ৩০ লাখ মহিলালৈ ধন মোকলাই দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মাজুলীলৈ আহি তেওঁ নিজহাতেৰে সেই ধনৰাশি মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছে । মই সকলোকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰীৰ হৈ আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক য'ত এজিপিৰ প্ৰাৰ্থী আছে হাতীৰ চিনত আৰু য'ত বিজেপিৰ প্ৰাৰ্থী আছে পদুম ফুলৰ চিনত ভোট দি জয়যুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছো ।"
সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে পেগুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "নিশ্চিতভাৱে এইটো অতি নিন্দনীয়, গোটেই বিশ্বজুৰি ইয়াক নিন্দা কৰা হৈছে । আজি মাজুলীৰ পৰা আমিও তীব্ৰ গৰিহণা দি মৃতকসকলৰ আত্মাৰ চিৰশান্তিৰ কামনা কৰি আমি সভা আৰম্ভ হোৱাৰ পূৰ্বে এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰিছোঁ ।"