ETV Bharat / politics

গৌৰৱক মই হিৰ’ বনাব নালাগে, চি এমৰ পুতেক এনেই হিৰ’ : মুখ্যমন্ত্ৰী ড৹ শৰ্মা

শুকুৰবাৰে বশিষ্ঠস্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ ঘটায় ৷

CM HIMANTA BISWA SARMA
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 12, 2025 at 4:24 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : ‘‘আমি বিহু সময়ত পাতিম । ১০ হাজাৰ নাচনী একেলগে নচুৱাম । কংগ্ৰেছৰ দৰে বিহু নাপাতো ।’’ পুনৰ এবাৰ কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰণ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ শুকুৰবাৰে বশিষ্ঠস্থিত অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক দলীয় কাৰ্যসূচীৰ অন্তত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বিস্ফোৰণ ঘটায় ৷

সাংসদ গৌৰৱ গগৈৰ লগতে সংবাদ মাধ্যমক একপ্ৰকাৰ টাৰ্গেট কৰি কেইবাটাও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছক কটাক্ষ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘‘গৌৰৱে কোৱাৰ দৰে গৌৰৱক মই হিৰ’ বনাব নালাগে । চি এমৰ পুতেক এনেই হিৰ’ ৷ কিন্তু আজি মোৰ পৰিয়ালে গৌৰৱৰ দৰে একেখিনি কাম কৰিলে আপোনালোকে এৰিলে হৈ নে ?’’

অসম ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ (ETV Bharat Assam)

মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিস্ফোৰণ ঘটাই কয়, ‘‘কংগ্ৰেছৰ maximum লোক সন্দেহযুক্ত নাগৰিক । ৭০% সন্দেহযুক্ত লোক আছে কংগ্ৰেছত । মোৰ দিনত এন আৰ চি হ’লে বাপ-বাপ দেখাই দিলোহেঁতেন । কালি অনুষ্ঠিত হোৱা কংগ্ৰেছৰ মিটিঙতো বেছিভাগ সন্দেহজনক লোকেই উপস্থিত আছিল । চি এমে মাৰ দুধদানি খাই জন্ম লোৱা নাই । মাৰ অৰিজিনেল গাখীৰ খাই জন্ম লৈছো ৷’’

আনহাতে, এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বি টি চি নিৰ্বাচনৰ পিছত কেবিনেটত আলোচনাৰ পিছত সাধাৰণ লোকৰ মাজত ৰাজহুৱা কৰা হ’ব সকলো তথ্য । সকলো ইতিমধ্যেই স্পষ্ট হৈছে । সাংসদৰ পত্নীৰ ভূমিকা আছে । এছ আই টিৰ তথ্যৰ আধাৰত আমি ব্যৱস্থা ল’ম । আমি নাটক কৰিব বিচৰা নাই । গাম্ভীৰ্যতাৰে কাম কৰিব চৰকাৰে । ৯৬ টা পেজ এনেই নাথাকে । তাত কিবাটো থাকিব লাগিব । তদন্তৰ বাবে কাক মাতিব লাগে, কাক নালাগে সেয়া কংগ্ৰেছে এছ আই টিক শিকাব নালাগে ৷’’

সাংসদ গৌৰৱ গগৈয়ে ‘Body double’ সন্দৰ্ভত অনা অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমক টাৰ্গেট কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘Body double ইতিমধ্যেই মই প্ৰমাণ কৰি দিছিলো । নাম-ঠিকনা সকলো সংবাদমেল পাতি জনাইছো । আপোনালোকে সেইটো প্ৰচাৰো কৰিছে । তাৰ পিছত এতিয়া আৰু সেই সন্দৰ্ভত প্ৰশ্ন সোধাৰ কথা নাই ।’’

‘‘আজিকালি সংবাদ মাধ্যমৰ চেনেল মানুহে নাচায়, পেপাৰ নিকিনে, মানুহে আপোনালোকক বেয়া পায় । আপোনালোকতকৈ মোৰেই ছ’চিয়েল মিডিয়াৰ পাৱাৰ বেছি । এতিয়া মই যি কৈ আছোঁ সেইবোৰ আপোনালোকৰ বাবে কোৱা নাই, মোৰ নিজৰ ছ’চিয়েল মিডিয়াত যাতে ওলাই, সেইবাবেহে কৈ আছো । বিজেপিত কংগ্ৰেছৰ পৰা যোগদান কৰিলে আপোনালোকে ন বিজেপি বুলি হুলস্থুল লগাই দিয়ে । এতিয়া কংগ্ৰেছত যোগদান কৰাসকলক ন কংগ্ৰেছী বুলি কিয় বাতৰি নকৰে ? সেইবাবেই মানুহে আপোনালোকক বেয়া পায়’’ বুলি সংবাদ মাধ্যমকে উভতি ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘‘আপোনালোকে যিমানে কংগ্ৰেছ কৰিব সিমানে exposed হ’ব ।’’ বিজেপিত বেছি যোগদান হয়নে কংগ্ৰেছত বেছি যোগদান হয় বুলিও প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে ৷

‘‘বিজেপিৰ বিপক্ষে ক’তো আন্দোলন হোৱা নাই, জনজাতিকৰণৰ দাবীতহে আন্দোলন হৈছে । এইবোৰ মিছা কথা প্ৰচাৰ নকৰিব । গৌৰৱে কোৱাৰ দৰে গৌৰৱক মই হিৰ’ বনাব নালাগে । চি এমৰ পুতেক এনেই হিৰ’ ৷ কিন্তু আজি মোৰ পৰিয়ালে গৌৰৱৰ দৰে একেখিনি কাম কৰিলে আপোনালোকে এৰিলে হৈ নে ?’’ এই বুলিও সংবাদ মাধ্যমক উদ্দেশ্যি প্ৰশ্ন উত্থাপন মুখ্যমন্ত্ৰীৰ ৷

সমাগত বি টি চি নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থী প্ৰক্ষেপক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘বি টি চিয়ে নহয় সকলো নিৰ্বাচনতে ফ্লপ কংগ্ৰেছ ৷ প্ৰাৰ্থী চি পি আইয়েও উঠাই, ভি আই পি বোলা পাৰ্টীটোৱেও উঠায় । সেইটোৱেই যদি ডাঙৰ কথা বুলি ভাবিছে, তেন্তে কংগ্ৰেছ এতিয়া ভি আই পি পৰ্যায়ৰ হৈছে বুলি ভাবিব লাগিব ।’’

লগতে পঢ়ক: মুখ্যমন্ত্ৰীলৈ পুতৌ জন্মিছে গৌৰৱ গগৈৰ; কি কাৰণে তেওঁ উপহাসৰ পাত্ৰ হৈ উঠিছে তাকো ক’লে কংগ্ৰেছ সাংসদজনে