ETV Bharat / politics

অসমত ৰন্ধন গেছৰ দাম হ'ব ৬০০ টকা, উজ্জ্বলা আঁচনিৰ গেছ লাভ কৰিব ২৫০ টকাত : মুখ্যমন্ত্ৰীৰ ঘোষণা

টিংখাঙত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰত কংগ্ৰেছ দলক তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ । তাৰ বিপৰীতে উপস্থিত ৰাইজক বিভিন্ন সা-সুবিধা দিয়াৰ আশ্বাস মুখ্যমন্ত্ৰী শৰ্মাৰ ।

PANCHAYAT ELECTION 2025
টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত মুখ্যমন্ত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2025 at 12:12 PM IST

5 Min Read
Choose ETV Bharat

মৰাণ: ৰাজ্যত অনুষ্ঠিত হ'বলগা পঞ্চায়ত নিৰ্বাচনক লৈ শাসক-বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলৰে বৃদ্ধি পাইছে ব্যস্ততা । অসম গণ পৰিষদৰ সৈতে মিত্ৰতাৰে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱা শাসকীয় দল বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে ।

একাংশ বিৰোধী ৰাজনৈতিক দলে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰি সংঘাতত লিপ্ত হোৱাৰ বিপৰীতে বিজেপি-অগপ মিত্ৰজোঁটে প্ৰদৰ্শন কৰিছে শক্তি । মিত্ৰজোঁটৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে একেদিনাই তিনি-চাৰিখন প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছে ।

অখিল গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

দেওবাৰে ডিব্ৰুগড়ৰ আটাইকেইটা বিধানসভা সমষ্টি সামৰি টিংখাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ড° শৰ্মাই । প্ৰচাৰ সভাত উপস্থিত হৈ স্বভাৱসুলভভাৱে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ৰ ৰাইজৰ খবৰ লৈ ভাষণ আৰম্ভ কৰে ।

ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত বিজেপি চৰকাৰ আৰম্ভ হোৱাৰে পৰা চৰকাৰৰ উন্নয়নৰ খতিয়ান দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে কয় "বিজেপি চৰকাৰৰ দিনত বগীবিল দলং, ভূপেন হাজৰিকা সেঁতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'ল । কংগ্ৰেছৰ দিনত নামৰূপ সাৰ কাৰখানাক লৈ ৰাইজ চিন্তিত আছিল যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নামৰূপ সাৰকাৰখানা পুনৰ উজ্জীৱিত কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে । জাগীৰোডত চেমি কণ্ডাক্টৰৰ দৰে আৰু দুটা ডাঙৰ উদ্যোগ স্থাপন হ'ব ।"

আনহাতে, ৭০০০ টকাত বাহিৰলৈ কাম কৰিবলৈ যোৱা ল'ৰা-ছোৱালীক মাকৰ বুকুলৈ ঘুৰাই আনিবলৈ আমি চেষ্টা কৰিছো বুলিও মুখ্যমন্ত্ৰীয়ে কয় । "কংগ্ৰেছ চৰকাৰৰ দিনত এটা চাকৰি পাবলৈ হ'লে লাখৰ পৰা কোটি টকালৈ দিব লাগিছিল । এটা চাকৰিৰ বাবে কংগ্ৰেছৰ দিনত অসমীয়া যুৱতীয়ে নিজৰ সতীত্ব বিক্ৰী কৰিবলগা হৈছিল । কিন্তু বিজেপিৰ দিনত এখনো তামোল নোখোৱাকৈ চাকৰি লাভ কৰিছে । মই মুখ্যমন্ত্ৰী হোৱাৰ পাছৰ পৰাই ডেৰ লাখ চাকৰি লাভ কৰিলে । কিন্তু প্ৰথমবাৰেই এখন তামোল খুৱাবলগা নোহোৱাকৈ চাকৰি লাভ কৰিছে । অসমত এতিয়া স্বচ্ছ আৰু নতুন দিনৰ আৰম্ভণি হৈছে ।"

কংগ্ৰেছক সমালোচনা মুখ্যমন্ত্ৰীৰ

কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰত পাৰ চৰাইক সোমাবলৈ অনুমতি ল'ব লগা হয় । কিন্তু আমি যি অংগনবাড়ী কেন্দ্ৰ নিৰ্মাণ কৰিছো, সেইটোৰ আকাশ-পাতাল পাৰ্থক্য । কংগ্ৰেছে লুঙী, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল দি পঞ্চামৃত দিছিল । কংগ্ৰেছ এতিয়াও হাতৰ চিহ্ন বাদ দি লুঙীৰ চিহ্ন ল'ব লাগে । কংগ্ৰেছৰ একাংশ নেতাই ক'ৰবাত প্ৰশিক্ষণ লৈ অহাৰ দৰে নামাজ পঢ়ে ।

ভোটাৰ ৰাইজক কি আশ্বাস মুখ্যমন্ত্ৰীৰ

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, নিৰ্বাচনৰ পাছত ডিব্ৰুগড় জিলাৰ প্ৰতিটো বিধানসভা সমষ্টিত ৪ লাখকৈ নতুন অৰুণোদয় দিয়া হ'ব । চৰকাৰী গৃহ পাবলৈ এতিয়াৰে পৰা হিতাধিকাৰীয়ে নিজে জিঅ' টেগ কৰিব পৰা ব্যৱস্থা কৰা হ'ব । ১ এপ্ৰিলৰ পৰা ১ টকাকৈ প্ৰতি ইউনিট বিজুলীত কম কৰা হৈছে বুলিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ।

১ অক্টোবৰৰ পৰা ৰেচন কাৰ্ডত চেনী, দালি আৰু নিমখ সুলভ মূল্যত দিয়া হ'ব । অসমত গেছৰ দাম ৬০০ টকাকৈ দিয়াৰ কথা চিন্তা কৰা হৈছে । যি সকলৰ উজ্জ্বলা আঁচনিৰ গেছৰ সুবিধা আছে, তেওঁলোকে ২৫০ টকাকৈ গেছ লাভ কৰিব । প্ৰতিবছৰে যুৱক-যুৱতীসকলক ২ লাখ টকা ব্যৱসায় কৰিবলৈ দিয়া হ'ব । জুন-জুলাই মাহত ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিত মহিলাসকলক ১০ হাজাৰ টকা দিয়া হ'ব । কিন্তু কংগ্ৰেছৰ কথা শুনি নাথাকিব ।

এইটো অসমীয়া বছৰত দুবাৰ ভোট দিব লাগিব । পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনত ভোট দিব লাগিব । পদুম আৰু হাতী মানে একেই । য'ত পদুম থাকে পদুমত ভোট দিব আৰু য'ত হাতী থাকে তাত হাতীত দিব ।

পহলগামৰ ঘটনাত দুখ প্ৰকাশ কৰি অসমৰ সাংসদক সমালোচনা মুখ্যমন্ত্ৰীৰ

পহলগামৰ নৃশংস ঘটনাই সকলোৰে মন দুঃখিত কৰি ৰাখিছে । আমাৰ শত্ৰু দুটা আছে । এটা শত্ৰু দেশৰ বাহিৰত থাকি দেশৰ বিৰোধিতা কৰে । একাংশই দেশৰ ভিতৰত থাকি দেশৰ বিৰোধিতা কৰি থাকে । পাকিস্তানক সমৰ্থন কৰাসকল গাঁতত থাকিলেও উলিয়াই অনা হ'ব ।

আনহাতে, কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ নাম নোলোৱাকৈ সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "তেওঁ ১৫ দিন দেশক নজনোৱাকৈ পাকিস্তানত আছিল । তেওঁৰ ল’ৰা-ছোৱালীয়ে ভাৰতীয় নাগৰিকত্ব ল'ব বিচৰা নাই ।"

কিয় অখিল গগৈৰ কথা নকয় মুখ্যমন্ত্ৰীয়ে

সাংবাদিকৰ আগত বিধায়ক অখিল গগৈৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰি কয়, "অখিল গগৈক কথাৰ উত্তৰ এই কাৰণেই দিব বিচৰা নাই, যিজন মানুহৰ গুৰুত্ব নাই সেইজন মানুহৰ কথা কৈ কিয় নিৰ্বাচনৰ আগত গুৰুত্বপূৰ্ণ কৰি দিওঁ । নিৰ্বাচনৰ পাছত বিধানসভাত অখিল গগৈৰ সৈতে চুপতি মাৰি ভাল লাগে, তেতিয়া তেওঁৰ লগত কথা পাতিম । এই কেইদিন অখিল গগৈৰ নাম লৈ থাকিলে তেওঁ প্ৰভাৱী হৈ পৰিব ।"

লগতে পঢ়ক: কংগ্ৰেছৰ নেতাসকলে য'তে মিটিং কৰিব গৈছে তাতে খেদি ফুৰিছে : মুখ্যমন্ত্ৰী