ETV Bharat / politics

জাগীৰোডতকৈ দহগুণ ডাঙৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প হ’ব পাঁচগ্ৰাম কাগজকলত : মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

বৰাকত মোদীৰ গেৰাণ্টি আৰু হিমন্ত বিশ্ব শৰ্মাৰ ৱাৰেন্টী ৷ জাগীৰোডতকৈ দহগুণ ডাঙৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প হ’ব পাঁচগ্ৰামৰ কাগজকলত ৷ 21 এপ্ৰিলত বৰাকত অমিত শ্বাহৰ ৰোড শ্ব’ ৷ কাছাৰত দুখনকৈ নিৰ্বাচনী প্ৰচাৰত অংশ লৈ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।

HIMANTA BISWA SARMA IN SILCHAR
বৰাকত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ
author img

By ETV Bharat Assamese Team

Published : April 18, 2024 at 10:26 PM IST

2 Min Read
Choose ETV Bharat
বৰাকত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

শিলচৰ, 18 এপ্ৰিল : বৃহস্পতিবাৰে শিলচৰ লোকসভা সমষ্টিৰ কাটিগড়া হিলাড়া খেলপথাৰ আৰু উধাৰবন্ধ DNHS স্কুল খেলপথাৰত বিশাল নিৰ্বাচনী জনসভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ শিলচৰৰ বিজেপি প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাত বৰাকৰ বাবে তেওঁ দিলে মোদীৰ গেৰাণ্টি আৰু মুখ্যমন্ত্ৰীৰ ৱাৰেন্টী ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যে জাগীৰোডতকৈ দহগুণ ডাঙৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট পাঁচগ্ৰাম হিন্দুস্থান পেপাৰ মিলত কৰা হ’ব ৷ বঙালী হিন্দুসকলৰ ভয় কৰিবলগীয়া আৰু একো নাই বুলিও তেওঁ সভাত অভয়বাণী দিলে বৰাকবাসীক ৷ 2024 ৰ ভিতৰত আৰু 50 হাজাৰ চাকৰি দিয়া হ’ব বুলি কৈ যুৱকসকলৰ ব্যৱসায়ৰ বাবে আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে বিনাচৰ্তে 2 লাখ টকাৰ ঋণ চৰকাৰে দিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ।

তেওঁ লগতে দাবী কৰে যে এইবাৰৰ লোকসভা নিৰ্বাচনত অসমত বিজেপিয়ে লাভ কৰিব 14 খন আসন ৷ আনহাতে, শিলচৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তথা মন্ত্ৰী পৰিমল শুক্লবৈদ্য 3 লাখ ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰি কংগ্ৰেছ দল এতিয়া ICU ত আছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷

তদুপৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমৰ অৰুণোদয় আঁচনিৰ আৰ্হি গ্ৰহণ কৰিছে কৰ্ণাটক, মধ্যপ্ৰদেশ , চত্তীছগড় আদিয়ে । কৰ্ণাটকত অৰুণোদয়ৰ নাম দিছে গৃহজুটি । মধ্যপ্ৰদেশত নাম দিছে লাভলী বেহেনা আৰু চত্তীশগড়ত নাম দিছে মটাৰি বন্ধন যোজনা । মুখ্যমন্ত্ৰী ড৹ শৰ্মাই পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰি কয়, ‘‘মমতা বেনাৰ্জীৰ চৰকাৰে দিয়ে 500 টকা, আমি দিও 1200 টকা ।’’

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে 21 এপ্ৰিলত শিলচৰলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । শিলচৰত উপস্থিত হৈ শিলচৰৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্যৰ হৈ এক ৰোড শ্ব’ত অংশ ল’ব গৃহমন্ত্ৰীগৰাকীয়ে । আজিৰ নিৰ্বাচনী প্ৰচাৰত মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে শিলচৰৰ বিজেপিৰ প্ৰাৰ্থী পৰিমল শুক্লবৈদ্য, ৰাজদ্বীপ ৰয়, বিধায়ক মিহিৰকান্তি সোম, কৌশিক ৰয়, দ্বিপায়ন চক্ৰবৰ্তী আদি ৷

লগতে পঢ়ক: মোদী পুনৰ প্ৰধানমন্ত্ৰী হ’লে ভাৰত উন্নত ৰাষ্ট্ৰৰ তৃতীয় স্থানত থাকিব: জে পি নাড্ডা