ETV Bharat / politics

কিমান আগবাঢ়িছে বিৰোধীৰ ‘‘বন্ধ কোঠা’’ৰ মিত্ৰতাৰ আলোচনা ? বিৰোধীত এঘৰীয়া হ’ব নেকি ৰাইজৰ দল ?

’২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনত কোন কাৰ সৈতে থাকিব, কোন কোন দলে কৰিব মিত্ৰতা- বৰ্তমান সময়তো সকলো অস্পষ্ট হৈয়ে আছে ৷

Close door discussion of opposition of Assam for 2026 election
তিনি গগৈ (twitter)
author img

By ETV Bharat Assamese Team

Published : July 1, 2025 at 10:55 AM IST

9 Min Read
Choose ETV Bharat

গুৱাহাটী : ২০২৬ৰ অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি শাসক-বিৰোধী সকলোৱেই ৰণ কৌশল আৰম্ভ কৰিছে । শাসকীয় বিজেপি নেতৃত্বধীন মিত্ৰজোঁটে ইতিমধ্যেই যোৱা ১০ বছৰত এবাৰো ভংগ নোহোৱা মিত্ৰজোঁটক লৈ পুনৰ বিধানসভাৰ দুৰ্গ ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে । কিন্তু বিজেপি বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদকে ধৰি আন আন ৰাজনৈতিক দল সকলোৱে বিৰোধী ঐক্যৰ বাবে এক্যমত্য যদিও বাস্তৱত সকলোৱেই গাইগোটীয়াকৈহে সাংগঠনিক কাম কৰি থকা দেখা গৈছে ।

আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ধাৰাবাহিকভাৱে তৎকালীনভাৱে বিৰোধীৰ ঐক্যমঞ্চ হ’ব লাগে বুলি দাবী উত্থাপন কৰি আহিছে । লগতে বিলম্বিত মিত্ৰতাই ২০২৬ত বিজেপিক জয়ৰ বাবে সুবিধা কৰি দিয়া হ’ব ।

’২৬ৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য (ETV Bharat)

বিৰোধী দলসমূহৰ মাজত মিত্ৰতাৰ আলোচনা আৰু গঠন বিষয়টো, বিশেষকৈ ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ প্ৰেক্ষাপটত এক জটিল আৰু স্পৰ্শকাতৰ বিষয় হৈ পৰিছে । মিত্ৰতাৰ বাবে অখিল গগৈৰ নেতৃত্বাধীন ৰাইজৰ দলৰ ৰাজহুৱা আহ্বানৰ বিপৰীতে, অসম জাতীয় পৰিষদৰ (এজেপি) লুৰীণজ্যোতি গগৈ আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মত যে মিত্ৰতাৰ আলোচনা, বন্ধ কোঠাৰ ভিতৰত হোৱা আলোচনাৰ সফলতা নিৰ্ভৰ কৰে ৷

শেহতীয়াকৈ বন্ধ কোঠাৰ আলোচনাৰ কথাত অখিল গগৈয়ে একমত প্ৰকাশ কৰিলেও অখিল গগৈৰ মত যে মিত্ৰতাৰ মূলমন্ত্ৰ হ’ল - সদিচ্ছা, পাৰস্পৰিক বিশ্বাস আৰু স্পষ্ট ৰাজনৈতিক লক্ষ্য ।

কংগ্ৰেছৰ সদিচ্ছা দেখা নাই ৰাইজৰ দলৰ অখিল গগৈয়ে :

ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে স্পষ্টভাৱে কৈছে যে বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বাবে সদিচ্ছাৰ প্ৰয়োজন । তেওঁৰ মতে, বিলম্বিত মিত্ৰতা বা মিত্ৰতাৰ অভাৱে ২০২৬ৰ বাবে বিজেপিক শক্তিশালী কৰিব । অখিল গগৈয়ে যিমান পাৰি সিমান সোনকালে মিত্ৰতাৰ চূড়ান্ত সিদ্ধান্তৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ কিয়নো বিলম্বৰ ফলত ৰাইজৰ দলৰ দৰে সৰু দলসমূহে নিৰ্বাচনী প্ৰচাৰ আৰু সংগঠনৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলি অখিল গগৈৰ মন্তব্য ৷

অখিল গগৈয়ে যোৱা ২৮ জুনত কাজিৰঙাত সাংবাদিকা আগত মন্তব্য কৰিছে, “বিলম্বিত মিত্ৰতা বা মিত্ৰতা নকৰিলে আমি বিজেপিক সহায় কৰা হ’ব । বন্ধ কোঠাতেই হওক বা শ্বাসৰুদ্ধকৰ কোঠাতেই হওক ৷ ৰুদ্ধদ্বাৰ কোঠাতে হওক, য’ত অলপো হাৱাও (বায়ু) সোমাব নোৱাৰিব ৷ তেনেকুৱা কোঠাতেই হওক । কিন্তু মূল কথাটো হ’ল সদিচ্ছা । আমি বিজেপিক পৰাভূত কৰিবৰ বাবে কাম কৰিম নে অকল নিজৰ দলৰ সংগঠনৰ বাবে কাম কৰিম ? সামপ্ৰদায়িক আৰু ফেচিষ্ট শক্তিক খেদি দিবৰ বাবে কাম কৰিম নে আমি নিজে নিজে মন্ত্ৰী বা মুখ্যমন্ত্ৰী হ’বৰ বাবেহে প্লেন কৰিম ? যদি সঁচাকৈয়ে দেশৰ প্ৰতি, জাতিৰ প্ৰতি দায়বদ্ধতা আছে, তেন্তে আমি ২০২৬ত বিজেপিক পৰাভূত কৰিবলৈ সোনকালে আলোচনাত মিলিত হৈ বিজেপি বিৰোধী ঐক্যমঞ্চ তৈয়াৰ কৰিবলৈ আগবাঢ়ি আহিব লাগে ।”

“আমি কোনেও কথাৰ ফুলজাৰিৰে, কূটনৈতিক কথাৰে প্ৰকৃত একতাৰ কথাটো অৱহেলা কৰাটো উচিত নহ’ব । বিলম্বিত মিত্ৰতাই ২০২৬ত বিজেপিক আকৌ শাসনলৈ অহা সুবিধা কৰি দিব । যদি মিত্ৰতা হয়, সোনকালে মিত্ৰতা হ’ব লাগে ৷” অসম কংগ্ৰেছৰ প্ৰতি লগতে আহ্বান অখিল গগৈৰ ৷

যোৱা দেওবাৰে অখিল গগৈয়ে আগবঢ়োৱা এক মন্তব্যত মত প্ৰকাশ কৰিছে যে কংগ্ৰেছে ৰাইজৰ দলৰ দৰে সৰু দলসমূহে কেৱল কাৰ্যকৰী শক্তি হিচাপে যুঁজ দিবলৈ সাজু, কিন্তু বিতম্বিত মিত্ৰতাই সমষ্টিৰ ভাগ-বটোৰাৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত সমস্যাৰ সৃষ্টি কৰিব ।

লগতে পঢ়ক : দূৰত্ব বাঢ়িছে অখিল-গৌৰৱৰ ! কি হ'ব নিৰ্বাচন ?

লগতে পঢ়ক : টীম গৌৰৱত প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীকৰ ৰাজনৈতিক অভিষেক...

বিলম্বিত বিৰোধীৰ মিত্ৰতা কিয় নিবিচাৰে অখিলে ?:

বিলম্বিত মিত্ৰতাৰ বাবে কি বিৰোধীৰ মাজত সমস্যাৰ সৃষ্টি হ’ব ? সেয়াও ক’লে অখিল গগৈয়ে, “কাইলৈ যদি ৰাইজৰ দলে আমাৰ প্ৰাৰ্থী বিলাকক সমষ্টিয়ে সমষ্টিয়ে কাম কৰিবলৈ কওঁ, টকা খৰচ কৰি কাৰিকৰী কাম কৰিবলৈ কওঁ - পিছত টিকট নিদিও বুলি কৈ মাত্ৰ ৫ বা ১০ টা ছীট লৈ মিত্ৰতা কৰিব নোৱাৰিম । কিয়নো মানুহ বিলাককতো আমি কাম কৰিবলৈ দি দিম । সেই কাৰণে আমি বিচাৰিছিলো যে জুন মাহৰ ভিতৰতে মিত্ৰতাৰ চূড়ান্ত সিধান্ত এটা হওক। বিভিন্ন কথাৰ পাকত মিত্ৰতাটো ঢাকি ৰখা হৈছে ।” মিত্ৰতা প্ৰক্ৰিয়াত বিলম্ব হ’লে আন বিৰোধী দলসমূহে, বিশেষকৈ ৰাইজৰ দলে কি অসুবিধাৰ সন্মুখীন হ’ব এইদৰে ব্যখ্যা আগবঢ়ালে অখিল গগৈয়ে ৷ অখিল গগৈৰ এই মন্তব্যত কংগ্ৰেছৰ প্ৰতি অসন্তুষ্টি আৰু মিত্ৰতাৰ প্ৰতি সদিচ্ছাৰ অভাৱৰ অভিযোগ স্পষ্ট হৈ পৰিছে ।

অখিল গগৈৰ কথা অসমৰ এক কোটি মানুহৰ মনৰ কথা নহয় :

আনহাতে, সোমবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে অখিল গগৈৰ মন্তব্যক ন্যায্যতা দিব যে দিব বিচৰা নাই সেয়া প্ৰতিফলিত হৈছে । জনসাধাৰণৰ ইচ্ছাক গুৰুত্ব দিয়া হৈছে । তেওঁ দাবী কৰিছে যে অসমৰ জনতা বিজেপিৰ বিৰুদ্ধে বিৰোধী একত্ৰিত হোৱাৰ পক্ষত । কিন্তু অখিল গগৈৰ বক্তব্য এক কোটি জনতাৰ মনৰ কথা প্ৰতিফলিত নকৰে ।

সোমবাৰে জাকিৰ হুছেইন শিকদাৰৰ মন্তব্য, “অসমৰ ৰাইজে মিত্ৰতা বিচাৰিছে ৷ অখিল গগৈৰ কথা অসমৰ এক কোটি মানুহৰ মনৰ কথা নহয় । আগন্তুক দিনত BJP, UPPL, AGP-ৰ বিৰোধী শক্তিৰ চৰকাৰ হ’ব ৷ অখিলৰে মিত্ৰতা কৰিব লাগিব নে নাই অসমৰ এক কোটি মানুহক সুধি সিদ্ধান্ত ল’ম ৷”

লগতে, গৌৰৱ গগৈৰ মন্তব্যতো অখিল গগৈৰ স্থিতিক অস্থিৰ ৰাজনৈতিক স্থিতি আখ্যা দি অসন্তুষ্টি ভৰা সমালোচনা প্ৰকাশ হৈ আহিছে । গৌৰৱৰ মতে, অখিলৰ বক্তব্যত অস্পষ্টতা নাই আৰু লগতে তেওঁৰ ৰাজনৈতিক বাস্তৱ উদ্দেশ্য বুজা কঠিন । এই মন্তব্যৰ পৰা স্পষ্ট যে কংগ্ৰেছৰ ৰাজ্যিক শীৰ্ষ নেতৃত্ব অখিল গগৈৰ সৈতে মিত্ৰতাৰ প্ৰক্ৰিয়াত এই মূহূৰ্ত তৎপৰতা দেখুৱাবলৈ আগ্ৰহী নহয় ।

উপযুক্ত সময়ত বিৰোধীৰ মিত্ৰতা হ’ব : লুৰীণ

ইফালে, বিজেপি বিৰোধী মিত্ৰতা প্ৰসংগত সোমবাৰে আগবঢ়োৱা মন্তব্যত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “বিৰোধীৰ মিত্ৰতা হ’ব ৷ বিজেপিক হৰুৱাৰ বাবে উপযুক্ত সময়ত ঐক্যবদ্ধভাৱে মিত্ৰতা হ’ব ৷” লুৰীণজ্যোতি গগৈৰ এই মন্তব্যই তেওঁ আলোচনাৰ প্ৰক্ৰিয়াৰ প্ৰতি আশাবাদী আশাবাদী বুলি ইংগিত দিলেও, কিন্তু তেওঁ নিৰ্দিষ্ট সময়সীমাৰ পক্ষত অখিল গগৈৰ লগত সহমতত নাই সেয়া স্পষ্ট কৰিছে ।

বন্ধ কোঠাৰ মিত্ৰতাৰ সফলতাৰ সম্ভাৱনা কিমান ?:

অসমৰ বিজেপি বিৰোধী সাম্ভাব্য মিত্ৰতাৰ বন্ধ কোঠাৰ আলোচনাৰ সফলতা নিৰ্ভৰ কৰে কেইবাটাও বিষয়ৰ ওপৰত । সদিচ্ছাৰ অভাৱ, পাৰস্পৰিক বিশ্বাস আৰু উচিত সময়ৰ উচিত ৰাজনৈতিক সিদ্ধান্ত ।

বিধায়ক অখিল গগৈৰ মতে, কংগ্ৰেছৰ সদিচ্ছাৰ অভাৱ মিত্ৰতাৰ প্ৰধান বাধা । পূৰ্বৰ ঘটনা, যেনে - বিহালী সমষ্টিত প্ৰাৰ্থী নিৰ্বাচনৰ ক্ষেত্ৰত কংগ্ৰেছৰ একপক্ষীয় সিদ্ধান্ত । ২০১৬ৰ ক্ষেত্ৰতো সদিচ্ছাৰ অভাৱ দেখা গৈছে । আনহাতে পাৰস্পৰিক বিশ্বাসৰ ক্ষেত্ৰতো কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত পাৰস্পৰিক বিশ্বাসৰ অভাৱ স্পষ্ট ।

মিত্ৰতাৰ ক্ষেত্ৰত সময়ৰ সিদ্ধান্তৰ সময়ত লোৱাত গুৰুত্ব প্ৰদান অখিল গগৈৰ । অখিল গগৈয়ে সোনকালেই মিত্ৰতাৰ সিদ্ধান্তৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰিছে । বিলম্বৰ ফলত ৰাইজৰ দলৰ দৰে সৰু দলৰ নিৰ্বাচনী প্ৰস্তুতিৰ ক্ষতি হ’ব পাৰে ।

অন্যান্য দলৰ ভূমিকা :

অজাপৰ লুৰীণজ্যোতি গগৈৰ মন্তব্যৰ পৰা স্পষ্ট যে এজেপি মিত্ৰতাৰ পক্ষত, কিন্তু তেওঁলোকৰ ভূমিকা এতিয়ালৈকে সীমিত । অখিল গগৈৰ দৰে সোনকালেই মিত্ৰতাৰ সিদ্ধান্ত প্ৰসংগত একমত নহয় লুৰীণজ্যোতি ৷ উপযুক্ত সময়ত মিত্ৰতাৰ সিদ্ধান্ত হ’ব বুলি কংগ্ৰেছৰ ওপৰত ৰাজনৈতিকভাৱে আশাবাদী অজাপৰ সভাপতিগৰাকী ।

অন্যান্য বিৰোধী দল চিপিআই (এমএল), চিপিআই এম আৰু আন সৰু সৰু দলসমূহ মিত্ৰতাৰ প্ৰক্ৰিয়াত জড়িত হ’ব, কিন্তু তেওঁলোকৰ প্ৰভাৱ সীমিত বাবে কংগ্ৰেছৰ সিদ্ধান্তৰ ওপৰতে তেওঁলোক নিৰ্ভৰশীল ৷

ৰাইজৰ দল এঘৰীয়া হ’ব নেকি ? :

২০২৬ৰ বিৰোধীৰ মিত্ৰতাত ৰাইজৰ দলৰ এঘৰীয়া হোৱাৰ সম্ভাৱনা নিৰ্ভৰ কৰে মিত্ৰতাৰ আলোচনাৰ ফলাফলৰ ওপৰত । কিন্তু আজিৰ তাৰিখতো ৰিজনৈতিক প্ৰতিচ্ছবিয়ে প্ৰতিফলন কৰে যে যদি কংগ্ৰেছে সমষ্টিৰ ভাগ-বটোৰাৰ ক্ষেত্ৰত ৰাইজৰ দলৰ দাবীক গুৰুত্ব নিদিয়ে, তেন্তে অখিল গগৈৰ নেতৃত্বত ৰাৎগৰ দলে স্বতন্ত্ৰভাৱে ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনাই অধিক । কিন্তু, ৰাইজৰ দলৰ এনে পদক্ষেপে বিৰোধীৰ ভোট বিভাজনৰ আশংকা বৃদ্ধি কৰিব, যিয়ে বিজেপিৰ বাবে ভোটযুঁজত পথ সুগম কৰিব পাৰে ।

এক কথাত বিৰোধীৰ ‘‘বন্ধ কোঠা’’ৰ মিত্ৰতাৰ আলোচনাৰ সফলতা এতিয়াও অনিশ্চিত । অখিল গগৈৰ জোৰদাৰ আহ্বান আৰু সদিচ্ছাৰ ওপৰত প্ৰশ্ন আৰু বিপৰীতে অখিল গগৈলৈ কংগ্ৰেছৰ নেতৃত্বৰ পৰা ইতিবাচক সঁহাৰিৰ অভাৱ আৰু বিৰোধী মিত্ৰতাৰ পূৰ্বৰ অভিজ্ঞতাই ইংগিত দিয়ে যে ২০২৬ৰ বিৰোধীৰ মিত্ৰতাৰ পথ ইমান মসৃণ নহয় ।

ইফালে গৌৰৱ গগৈৰ নেতৃত্বক লৈ আত্মবিশ্বাসী কংগ্ৰেছৰ সিদ্ধান্ত গ্ৰহণ আৰু আনফালে ৰাইজৰ দল-কংগ্ৰেছৰ পাৰস্পৰিক বিশ্বাসৰ অভাৱে এই প্ৰক্ৰিয়াক জটিল কৰি তুলিছে । প্ৰশ্ন উঠিছে পুনৰ - বিৰোধীৰ ‘‘বন্ধ দুৱাৰ’’ ৷

লগতে পঢ়ক : এইবাৰ কংগ্ৰেছে কংগ্ৰেছক জিকাব : প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ

লগতে পঢ়ক : গান্ধী পৰিয়ালক আঁতৰাই দিলে কংগ্ৰেছত পবিত্ৰতা আহিব পাৰে : মুখ্যমন্ত্রী