অন্তিম মুহূৰ্ততো সলনি কংগ্ৰেছৰ প্ৰাৰ্থী, জিলা আয়ুক্ত কাৰ্যালয়তেই দুই প্ৰাৰ্থীৰ তুমুল সংঘর্ষ
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত অব্য়াহত । মনোনয়ন দিবলৈ গৈছিল এগৰাকীয়ে, দিলে কিন্তু আন এগৰাকীয়েহে ।

Published : April 12, 2025 at 8:28 AM IST
নগাঁও : পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আহিছিল এগৰাকী প্ৰাৰ্থী । দলীয় সমৰ্থকসহ প্ৰাৰ্থীগৰাকী উপস্থিত হয় জিলা আয়ুক্ত কাৰ্যালয়ত । কিন্তু তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ অহাৰ সময়তেই সেই দলটোৰেই আন এগৰাকী প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ । লগে লগে দুয়োগৰাকী প্ৰাৰ্থীৰ লগতে সমৰ্থকসকলৰ মাজত আৰম্ভ হয় সংঘাত । জিলা আয়ুক্তৰ কাৰ্যালয় পৰিণত হ'ল যুদ্ধ ক্ষেত্ৰলৈ ।
বিগত কিছুদিন ধৰি কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়তেই কালি নগাঁৱত এই ছবিখন স্পষ্ট হৈ পৰে । কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত পালেহি জিলা আয়ুক্তৰ কাৰ্যালয় । জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰাৰ সময়তো প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিলে কংগ্ৰেছৰ দুই ফৈদে। এনে এক ঘটনাই শুকুৰবাৰে সংঘটিত হয় নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত ।
- একেটা দলৰেই দুগৰাকী প্ৰাৰ্থী :
শুকুৰবাৰে মনোনয়ন দাখিলৰ অন্তিম সময়তো আয়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিলৰ বাবে উপস্থিত হয় এখন আঞ্চলিক পঞ্চায়তৰ একেটা দলৰেই দুগৰাকী প্ৰাৰ্থী । কংগ্ৰেছে নগাঁৱৰ ধিং বিধানসভা সমষ্টিৰ শলগুৰি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰ দলীয় প্ৰাৰ্থিত্ব প্ৰথমে ফক্কৰউদ্দিন আলী আহমেদ নামৰ এজনক দিছিল ।
সেইমৰ্মে শুকুৰবাৰে জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিলৰ বাবে উপস্থিত হয় প্ৰাৰ্থী ফক্কৰউদ্দিন আলী আহমেদ । কিন্তু শেষ মুহূৰ্তত দলীয় টিকট আনি মনোনয়ন পত্ৰ দাখিল কৰিবলৈ জিলা আয়ুক্ত কাৰ্যালয়ত উপস্থিত হয় হাফিজুল ইছলাম নামৰ আন এজন কংগ্ৰেছীহে। লগে লগে দুই প্ৰাৰ্থীৰ লগতে সমৰ্থকৰ মাজত সৃষ্টি হয় সংঘাতৰ ।
- দুই প্ৰাৰ্থীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ :
কংগ্ৰেছৰ দুই প্ৰাৰ্থীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত আয়ুক্ত কাৰ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । লগে লগে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষী তথা নিৰাপত্তাৰক্ষী তৎপৰ হৈ পৰে । পৰৱৰ্তী সময়ত অৱশ্যে আৰক্ষীৰ তৎপৰতাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি ।
উল্লেখ্য় যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁৱতো কংগ্ৰেছৰ প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাতৰ সৃষ্টি হৈছে যদিও মনোনয়ন দাখিলৰ সময়ত কংগ্ৰেছৰ দুই প্ৰাৰ্থীৰ মাজত সৃষ্টি হোৱা সংঘাতে কংগ্ৰেছ কৰ্মীৰ মাজতেই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। নগাঁৱত দুই এক জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদানক লৈয়ো দলটোৰ ভিতৰ চ'ৰাত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে ।

