পৃথ্বিৰাজ মেচ কোন দলৰ সদস্য ? প্ৰশ্ন কৰিছে বিপিএফে
Prithviraj Narayan Dev Mech: বিপিএফৰ পৰা লোকসভা নিৰ্বাচনৰ টিকট বিচাৰি আছে যদিও দলটোৱে প্ৰশ্নহে কৰিছে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেছক ৷ দলীয় পৰিচয়পত্ৰ আছেনে বুলিহে প্ৰশ্ন কৰিছে প্ৰাৰ্থিত্বপ্ৰত্যাশীগৰাকীক ৷

Published : March 14, 2024 at 5:18 PM IST
চিৰাং, 14 মাৰ্চ: সমাগতত লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ প্ৰাৰ্থিত্ব দাবী কৰি আহিছে পৃথ্বিৰাজ নাৰায়ণ দেৱ মেছে ৷ দলটোৰ পৰা টিকট দাবী কৰাৰ সমান্তৰালকৈ বিপিএফ দলৰে জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্ৰাক্তন উপ-মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীৰ বিৰুদ্ধে কেতবোৰ বিতৰ্কিত মন্তব্য কৰা পৰিলক্ষিত হৈছে টিকট প্ৰত্যাশীগৰাকীয়ে ৷
পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ টিকট দাবী আৰু দলৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্যই সম্প্ৰতি বিপিএফ দলৰ মজিয়াত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । খাম্ফা বৰগয়াৰীক কেন্দ্ৰ কৰি পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ কিছু বিতৰ্কিত মন্তব্যক লৈ বুধবাৰৰ নিশাৰে পৰা সামাজিক মাধ্যমত ব্যাপক চৰ্চা চলি আছে ।
তাৰ মাজতেই বৃহস্পতিবাৰে চিৰাঙৰ কাজলগাঁৱত জিলা বিপিএফে এক সংবাদমেল সম্বোধন কৰে ৷ ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ বিপিএফ দলৰ সম্ভাব্য প্ৰাৰ্থী তালিকাৰ এগৰাকী সদস্য পৃথিৰাজ নাৰায়ণ দেৱ মেছৰ বিৰুদ্ধে জিলা বিপিএফৰ সভাপতি জেমচ বসুমতাৰীয়ে সংবাদ মেল অনুষ্ঠিত কৰি কোকৰাঝাৰ লোকসভা সমষ্টিত বিপিএফ দলৰ পৰা প্ৰাৰ্থিত্ব বিচৰা পৃথিৰাজ মেছক প্ৰশ্ন উত্থাপন কৰে যে তেওঁ কোন দলৰ সদস্য ?
যদি বিপিএফ দলৰ সদস্য, তেনেহ’লে কোন সমিতিৰ সদস্য তেওঁ ? তেখেতৰ লগত দলীয় পৰিচয়পত্ৰ আছেনে ? কিহৰ ভিত্তিত কাৰ দ্বাৰা প্ৰৰোচিত হৈ বিপিএফ দলৰ এজন জেষ্ঠ্য নেতা খাম্ফা বৰগয়াৰীক সভ্য সমাজত মুকলিকৈ ক’ব নোৱৰা ভাষাৰে সমালোচনা কৰিলে ?
তেখেতৰ এই কাৰ্যক চিৰাং জিলা বিপিএফ দলে তীব্ৰ গৰিহণা দিয়াৰ লগতে এনেধৰনৰ কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় ।
লগতে পঢ়ক: থানবান বিৰোধী ঐক্যমঞ্চ, অখিল-লুৰীণৰ বাদে সকলোৱে এৰিলে কংগ্ৰেছৰ সংগ

