ETV Bharat / politics

অসমত আপৰ নেতৃত্ব সলনি, ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী

আপৰ অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী । বিৰোধীক ঐক্যবদ্ধ কৰাৰ অংগীকাৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীৰ ।

Change of AAP leadership in Assam, Dr Bhaben Chowdhury in-charge president
ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 2, 2025 at 8:35 AM IST

3 Min Read
Choose ETV Bharat

গুৱাহাটী: দিল্লীত আপৰ বৃহৎ পৰাজয়ৰ পিছত জটিল সময়ত আপৰ অসমৰ ৰাজ্যিক সভাপতিৰ দায়িত্বৰ পৰা হঠাতে মনোজ ধানোৱাৰে অব্যাহতি লোৱা ঘটনাই বিশেষ চৰ্চা লাভ কৰিছে । আপৰ প্ৰতি মোহভংগ হ'ল নেকি ধানোৱাৰৰ ? নে অন্য ৰাজনৈতিক দলত যোগদানৰ যো-জা চলাইছে ধানোৱাৰে ? এই সন্দৰ্ভত জনাৰ বাবে ধানোৱাৰৰ লগত যোগাযোগৰ চেষ্টা কৰা হৈছিল যদিও তেওঁৰ পৰা কোনো সঁহাৰি পোৱা নগ'ল । আপৰ পৰা শনিবাৰে প্ৰেৰ‌ণ কৰা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা মতে, ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা মনোজ ধানোৱাৰে দলীয় কাম কাজৰ পৰা বিৰত আছে ।

আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী:

এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনোৱা মতে, আপৰ পৰা দলৰ ৰাজ্যিক উপ-সভাপতি সৌমিক সেনগুপ্তৰ সভাপতিত্বত আৰু ৰাষ্ট্ৰীয় নেতা তথা উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত ডাঃ ভৱেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ কৰা হয় । ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা মনোজ ধানোৱাৰে দলীয় কাম-কাজৰ পৰা বিৰত আছে ।

Change of AAP leadership in Assam, Dr Bhaben Chowdhury in-charge president
বিৰোধীক ঐক্যবদ্ধ কৰাত গুৰুত্ব দিব চৌধুৰীয়ে (ETV Bharat Assam)

সেয়ে স্থায়ী ৰাজ্যিক সভাপতি নিযুক্ত নোহোৱালৈকে ডাঃ ভৱেন চৌধুৰীক ভাৰপ্ৰাপ্ত সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰা হয় ।

আনহাতে, আগন্তুক গাঁও পঞ্চায়ত, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদ, সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, মিছিং স্বায়ত্ত শাসিত পৰিষদ, তিৱা স্বায়ত্ত শাসিত পৰিষদ আৰু বড়ো স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত আম আদমি পাৰ্টী, অসম অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । এই সম্পৰ্কত ৰাজ্যিক স্তৰত তৎকালে নিৰ্বাচন পৰিচালনা সমিতি গঠন কৰিবলৈ আপৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকে সিদ্ধান্ত গ্ৰহণ কৰে ।

বিৰোধীক ঐক্যবদ্ধ কৰাত গুৰুত্ব দিব:

আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব লোৱা ডাঃ ভৱেন চৌধুৰীয়ে ই টি ভি ভাৰতক কয়,"দলটোক পুনৰ শক্তিশালী কৰাৰ কামত মনোনিবেশ কৰিম । বিৰোধীক ঐক্যবদ্ধ কৰাত গুৰুত্ব দিম । আজি বিজেপিৰ দৰে এটা সাম্প্ৰদায়িক শক্তিক অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত বিৰোধী দলসমূহে কেনেদৰে প্ৰতিহত কৰিব পাৰি তাৰে এক সৌহাদ্যপূৰ্ণ আলোচনাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সৈতে আলোচনা কৰা হয় । গগৈৰ পৰা ভাল‌ সঁহাৰি পোৱা‌ গৈছে । পৰৱৰ্তী সময়ত কংগ্ৰেছ আৰু আন বিৰোধী দলৰ লগত আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিম ।

Change of AAP leadership in Assam, Dr Bhaben Chowdhury in-charge president
আপৰ ৰাজ্যিক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্বত ডাঃ ভৱেন চৌধুৰী (ETV Bharat Assam)

তেওঁ লগতে কয়,"ব্যক্তিগত অসুবিধাৰ পৰিপ্ৰেক্ষিতত বিগত কিছুদিনৰ পৰা মনোজ ধানোৱাৰে দলীয় কাম-কাজৰ পৰা বিৰত আছে । তেওঁৰ মানসিক অৱস্থা কিছু ভাল নহয় । কিন্তু তেওঁ দলৰ কাম-কাজত সহযোগিতা আগবঢ়ায় যাব ।

লগতে পঢ়ক: গাঁঠিতেই কেণা লাগিল ! খঙত আধাতেই সভা এৰি গুচি গ'ল প্ৰদ্যুৎ বৰদলৈ - OPPOSITION UNITY FORUM ASSAM

হীৰেণ গোঁহাই ঋষি, হিমন্ত বিশ্ব শৰ্মা 'মোহৰা'ৰ নাছিৰুদ্দিন শ্বাহ ! মানুহ চিনি পালে ভূপেন বৰাই - APCC PRESIDENT BHUPEN BORA