গুৱাহাটী: কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈক পাকিস্তানী লিংক থকাৰ অভিযোগেৰে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপিয়ে বিতৰ্কৰ সূত্ৰপাত ঘটোৱাৰ পিছত অসম কেবিনেটে এই প্ৰসংগত গোচৰ ৰুজু কৰিবলৈ ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছিল দেওবাৰে ৷ অসম কেবিনেটৰ সিদ্ধান্তৰ পিছতেই তৎপৰ অসম আৰক্ষীয়ে এই প্ৰসংগত গোচৰ ৰুজু কৰিছে সোমবাৰে ৷
অসম আৰক্ষীয়ে সোমবাৰে কেবিনেটৰ নিৰ্দেশমৰ্মেই এই প্ৰসংগত চি আই ডিত এক গোচৰ ৰুজু কৰিছে । কিন্তু এই গোচৰ পোনপটীয়াভাৱে গৌৰৱ গগৈ নাইবা এলিজাবেথৰ বিৰুদ্ধে নহয় । এই গোচৰ ৰুজু কৰিছে আলী তৌকীৰ শ্বেখ আৰু অজ্ঞাতলোকৰ বিৰুদ্ধে ৷ এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙে ৷
সামাজিক মাধ্যম এক্সৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে গোচৰ সম্পৰ্কত জনাই এনেদৰে, “দেওবাৰে কেবিনেটৰ সিদ্ধান্ত অনুসৰি অসম আৰক্ষীয়ে এফ আই আৰ দাখিল কৰিছে আৰু আলী তৌকীৰ শ্বেখ আৰু অজ্ঞাতলোকৰ বিৰুদ্ধে চি আই ডি পি এছ কেছ নং ০৫/২০২৫ ইউ/এছ ৪৮/১৫২/৬১/১৯৭(১) বি এন এছ, ২০২৩ আৰ ডব্লিউ ছেক.১৩(১) ইউ এ(পি) এক্টৰ অধীনত গোচৰ পঞ্জীয়ন কৰা হৈছে ।”
চৰকাৰী কাৰ্যসূচীত কোকৰাঝাৰ ভ্ৰমণৰত আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিঙেও এই প্ৰসংগত এনেদৰে জনাই, "কালি কেবিনেটৰ নিৰ্দেশ পোৱাৰ লগে লগে চি আই ডিক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল । আজি পুৱা চি আই ডিয়ে ভাৰতীয় ন্যায় সংহিতাৰ ৪৮, ১৫২, ৬১, ১৯৭(১) নম্বৰৰ অধীনত ইউ এ পি এৰ ধাৰা ১৩(১)ত আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে আৰু অজ্ঞাতলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ।"
লগতে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয় কয়, “গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ হৈছে ৷ বৰ্তমানলৈকে দেখা গৈছে যে উক্ত আলী তৌকীৰ শ্বেখৰ কাৰ্যকলাপসমূহ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিচাৰ্যৰ বিষয় ৷ এনে লাগে যে তেওঁৰ কাৰ্যকলাপে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিশাল অখণ্ডতাত আঘাত হানিছে । গতিকে, এইটো চাব লাগিব যে তেওঁ আচলতে কি কৰিছে, যিটো বিষয়ত ইতিমধ্যে সন্দেহ কৰা হৈছে ৷ তেওঁৰ সৈতে এই ষড়যন্ত্ৰত আন লোকো জড়িত আছিল নেকি ? এই আন লোকসকল কোন ? তেওঁলোক ভাৰতৰ ভিতৰৰে নে অসমৰ ? - গতিকে সকলো বিবেচনা কৰা হ'ব ৷ ভাৰতৰ অখণ্ডতাৰ প্ৰতি যেন কোনোৱে ক্ষতি হানিব নোৱাৰে, আমি প্ৰতিশ্ৰুতি দিছো যে চি আই ডিয়ে গোচৰটো এনেদৰেই আগুৱাই নিব ।"
উল্লেখযোগ্য যে, দেওবাৰে কেবিনেটৰ সিদ্ধান্তৰ পিছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছিল, “বিষয়টো আদালতলৈ গ'লে বহু কথাই পোহৰলৈ আহিব । সাংসদ গৌৰৱ গগৈয়ে সংসদত নিউক্লিয়াৰ তথা ডিফেন্সৰ বহু গোপন কথা উত্থাপন কৰিছিল । অসমৰ এজন সাংসদৰ এইবোৰ কথা জনাৰ প্ৰয়োজন কি ? ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে । আমি আৰক্ষী সঞ্চালক প্ৰধানক গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছো । ইয়াত ৰাজনীতিৰ কথা নাই । আৰক্ষী সঞ্চালকপ্ৰধানে গোচৰটো সন্দৰ্ভত এছ আই টি গঠন কৰে নাইবা নিয়া তথা চি বি আইক দিয়ে সেইটো তেওঁলোকৰ কথা । আমি আশা কৰিম সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীয়ে আৰক্ষীৰ তদন্তত সহযোগ কৰিব ।"
অসম কেবিনেটে বিতৰ্কৰ মাজতেই সাংসদ গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অভিযোগৰ ঘটনাৰাজি সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্ত কৰাৰ বাবে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক নিৰ্দেশ দিছিল ৷
আলী তৌকীৰ শ্বেখ কোন ?
বিতৰ্কত গৌৰৱ গগৈ আৰু পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈ ৷ এইখিনিতে প্ৰশ্ন উঠে যে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু নকৰি কিয় অসম আৰক্ষীয়ে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে ?
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত আগবঢ়োৱা এই মন্তব্য পঢ়িলে স্পষ্ট হ’ব এই কথা । দুদিন পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল, “মাননীয় সাংসদৰ পত্নী এলিজাবেথ ক’লবাৰ্ণে আলী তৌকীৰ শ্বেখৰ অধীনত লীড পাকিস্তান নামৰ সংস্থাটোত কাম কৰিছিল ৷ উক্ত সংস্থাটিয়ে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পদক্ষেপৰ অন্তৰালত কাম কৰে ৷ শ্বেখৰ কাম আৰু প্ৰবন্ধবোৰ ভালদৰে পৰীক্ষা কৰিলে এক গভীৰ আৰু অধিক কৌশলগতভাৱে কাম কৰাৰ ৰূপ এটা প্ৰকাশ পায়, যিটো বিশেষকৈ অসমৰ সৈতে বেছি প্ৰাসংগিক । এই নেটৱৰ্কৰ পৰিধি আৰম্ভণিতে ভবাতকৈ এতিয়া অধিক গুৰুতৰ আৰু গভীৰ ৰূপত ওলাই পৰিছে ৷”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছিল, “লীড পাকিস্তানত এলিজাবেথ ক’লবাৰ্ণৰ সহকৰ্মী তথা তত্ত্বাৱধায়ক পাকিস্তানী লোকজনে ভাৰত বিৰোধী অপপ্ৰচাৰ চলোৱাৰ লগতে মাননীয় সাংসদ ডাঙৰীয়াক ২০২০ চনৰ দিল্লী ৰায়তৰ ঘটনা সংসদত উত্থাপন কৰাৰ বাবে প্ৰশংসা কৰিছিল ৷ তেওঁলোকৰ মাজৰ এই সম্পৰ্ক যথেষ্ট গভীৰ যে এই বিষয়বোৰৰ পৰা অনুমেয় ।” মুখ্যমন্ত্ৰীৰ দ্বাৰা উল্লিখিত এই বিষয়ক ভিত্তি কৰিয়েই ৰাজ্যিক কেবিনেটে দেওবাৰে বিষয়টোত গোচৰ ৰুজু কৰিবলৈ অসমৰ আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীক নিৰ্দেশ দিছিল ।
আনহাতে, গুৱাহাটীত সোমবাৰে এক সংবাদমেলত সাংসদ গৌৰৱ গগৈয়ে অসম আৰক্ষীৰ তদন্ত প্ৰসংগত কয়, “তদন্ত কৰক মই সহায় কৰিম ৷ আলী শ্বেইখ কোন চৰকাৰে তদন্ত কৰক । তদন্ত কৰি ৰাইজক জনাওঁক । সেয়া মোৰ কাম নহয় ৷”