ETV Bharat / politics

প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ, কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ

নেতা-কৰ্মীৰ বিদ্ৰোহৰ অগনিত জ্বলিছে কংগ্ৰেছৰ ভিতৰচ'ৰা । ধনৰ বিনিময়ত দলীয় প্ৰাৰ্থীৰ টিকট বিতৰণ কৰাৰ অভিযোগ ।

CONGRESS CANDIDATE CONFLICT IN TEZPUR
কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 3:03 PM IST

3 Min Read
Choose ETV Bharat

তেজপুৰ : কংগ্ৰেছত পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্বকেন্দ্ৰিক বিদ্ৰোহৰ উদগীৰণ ঘটিছে । শেহতীয়াভাৱে অসম যুৱ কংগ্ৰেছৰ সভাপতি জুৱেইৰ আনমে সামাজিক মাধ্যমত ক্ষোভৰ উদ্গীৰণ ঘটোৱাৰ পিছতেই ৰাজ্য়ৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে তীব্ৰ অসন্তুষ্টি । ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে তেজপুৰ ৰাজীৱ ভৱন প্ৰাংগনতো দলীয় নেতাৰ বিৰুদ্ধে কংগ্ৰেছ কৰ্মীয়ে প্ৰদৰ্শন কৰিছে বিক্ষোভ ।

ধনৰ বিনিময়ত দলীয় প্ৰাৰ্থীৰ টিকট বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰি কালি ৰাজীৱ ভৱনত প্ৰতিবাদ সাব্য়স্ত কৰে একাংশ ক্ষুব্ধ কৰ্মীয়ে । এইসকলে জিলা সভাপতিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে । পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিলৰ অন্তিম দিনটোত শুকুৰবাৰে তেজপুৰত একাংশ কংগ্ৰেছ নেতা-কৰ্মীয়ে দলটোৰ নেতাৰ বিৰুদ্ধে সৰৱ হৈ সকীয়নি দিয়ে । তেওঁলোকে ইমানতেই ক্ষান্ত নাথাকি কেমেৰাৰ সন্মুখতেই দলত্য়াগ কৰা বুলিও কয় ।

কংগ্ৰেছ ত্যাগ ক্ষুব্ধ নেতা-কৰ্মীৰ (ETV Bharat Assam)

কংগ্ৰেছত ধনৰ বিনিময়তে সকলো নিৰ্বাচনতে টিকট দিয়া হয় বুলি অভিযোগ কৰি এইসকল ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে কালি দুপৰীয়া তেজপুৰ জিলা কংগ্ৰেছ কাৰ্যালয়ৰ সন্মুখত দলটোৰ বিৰুদ্ধে মূৰ্দাবাদ ধ্বনি দিয়ে ৷ উল্লেখ্য় যে কালি অন্তিম দিনটোত বিজেপি আৰু অগপ দলৰ জিলা কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনকলৈ এক উখল-মাখল পৰিৱেশে বিৰাজ কৰাৰ বিপৰীতে তেজপুৰৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত এজনো দলীয় নেতা বা কৰ্মী নাছিল ৷

সংবাদ মাধ্য়মৰ পৰা আঁতৰত কংগ্ৰেছ প্ৰাৰ্থী :

ইয়াৰ বিপৰীতে কংগ্ৰেছৰ ভোমোৰাগুৰি,মানসিৰি, হলেশ্বৰ জিলা পৰিষদৰ বাবে মনোনয়নপত্ৰ দাখিল কৰিবলৈ অহা প্ৰাৰ্থীয়ে সমৰ্থকৰ অভাৱত সংবাদ মাধ্যমৰ পৰা আঁৰ হৈ দাখিল কৰে নিজা নিজা মনোনয়ন ৷ আনহাতে,ভোমোৰাগুৰিৰ লগতে জিলাখনৰ একাধিক স্থানৰ টিকট বঞ্চিত তথা ক্ষুব্ধ কংগ্ৰেছ কৰ্মীয়ে জিলা সভাপতি দাদুল বৰকাকতিৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ একাংশই জিলা সভাপতিয়ে প্ৰাৰ্থী বাচনিৰ ক্ষেত্ৰত ব্যাপক ধনৰ লেনদেন কৰাৰ অভিযোগ তুলি দালাল আখ্যা দিয়াৰ লগতে দলত্যাগ কৰা বুলি উল্লেখ কৰে ৷

কিয় ত্য়াগ কৰিলে কংগ্ৰেছ ?

এইসকল ক্ষুব্ধ কৰ্মীয়ে লগতে কংগ্ৰেছ ত্য়াগ কৰি ভৱিষ্যতে কেতিয়াও কংগ্ৰেছ নকৰে বুলি কয় ৷ এইসকলৰ মাজত কংগ্ৰেছ সেৱাদলৰ নেতা তানজিৰ হুছেইনে কয় ," নিষ্ঠাবান কংগ্ৰেছী সকলক অৱজ্ঞা কৰাৰ লগতে দলীয় নেতৃত্বই সেৱা দলৰ এজনো নেতা-কৰ্মীক এইবাৰ পঞ্চায়ত নিৰ্বাচনত জিলা পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰদান নকৰিলে ৷ "

আনহাতে, কেইদিন মান পূৰ্বে কংগ্ৰেছ দললৈ অহা গাভৰু মণ্ডলৰ একাংশই ঘৰে ঘৰে গৈ দলৰ টিকট দিয়াকলৈয়ো আন একাংশ কংগ্ৰেছ কৰ্মী সৰৱ হোৱাৰ লগতে এনেসকলৰ বাবে দলটো নিঃশেষ হোৱা বুলিও কয় ৷ ইপিনে, ভোমোৰাগুৰি,পাঁচমাইল,দোলাবাৰী আদিকে ধৰি বৃহত্তৰ অঞ্চলত কংগ্ৰেছ দলৰ নেতৃত্বক প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি সকীয়াই দি নদুৱাৰৰ প্ৰকৃত নিবাসী আমিনুল ইছলামক ভোমোৰাগুৰি জিলা পৰিষদৰ বাবে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াটোৱেই মূল কাৰণ বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক:নেতাৰ বাবে তেজ দিয়া যুৱ কংগ্ৰেছীয়ে নাপালে পঞ্চায়তৰ টিকট - PANCHAYAT ELECTION

অন্তিম মুহূৰ্ততো সলনি কংগ্ৰেছৰ প্ৰাৰ্থী, জিলা আয়ুক্ত কাৰ্যালয়তেই দুই প্ৰাৰ্থীৰ তুমুল সংঘর্ষ - CONGRESS CANDIDATE CONFLICT